Prime Minister shares Sanskrit Subhashitam on Ganesh Chaturthi, seeks blessings of Lord Ganesha

September 14th, 08:41 am

On the auspicious occasion of Ganesh Chaturthi, PM Modi shares a Sanskrit Subhashitam seeking the blessings of Lord Ganesha. The verse celebrates Lord Vinayaka as the remover of obstacles and sorrows, while PM Modi prays for new energy, success in everyone’s efforts and the nation’s continued progress.

মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট (জি এফ এফ) ২০২৬ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

September 08th, 06:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।

মুম্বাইত গ্ল'বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 08th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৬ উদ্বোধন কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ উদ্ভাৱক, নেতা, বিনিয়োগকাৰীক উষ্ম আদৰণি জনায়। তেওঁ উল্লেখ কৰে যে এই অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ তেওঁৰ তৃতীয়টো কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰিসীম গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকাৰ হেট্ৰিকৰ হিচাবে অনুভৱ কৰিছে।

গুজৰাটৰ নৱসাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে এক অনুষ্ঠানত ভাষণ প্ৰদান কৰে

September 08th, 02:45 pm

গুজৰাটৰ নৱসাৰীত অনুষ্ঠিত এক সভাত প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি কেইবাটাও কল্যাণমূলক পদক্ষেপক আগুৱাই নিয়া সেৱা আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱৰ শলাগ লয়।

‘মন কী বাত’ত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

July 26th, 11:30 am

Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.

মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)

June 28th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

গণেশ চতুৰ্থী উপলক্ষে সকলোলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

August 27th, 07:35 am

আজি গণেশ চতুৰ্থী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

August 25th, 06:42 pm

আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।

গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 25th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

গুজৰাটৰ দাহোদত বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

May 26th, 11:45 am

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই, ৰেল মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ কেবিনেটৰ মোৰ সকলো সহযোগী, সাংসদসকল, বিধানসভাৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু দহোদৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা

May 26th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত ২৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সমাৱেশত সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে ২৬মে'ৰ বিশেষ গুৰুত্ব আছে কিয়নো ই ২০১৪চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে এই দিনটোতে শপত গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা গুজৰাটৰ জনসাধাৰণৰ অটল সমৰ্থন আৰু আশীৰ্বাদক তেওঁ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশ্বাস আৰু উৎসাহে অহৰ্নিশে দেশৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণক উজ্জীৱিত কৰিছে। বছৰ বছৰ ধৰি, ভাৰতে কেইবা দশক পুৰণি বাধা নেওচি অভূতপূৰ্ব আৰু অকল্পনীয় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু প্ৰতিটো খণ্ডতে প্ৰগতিৰ দিশে ধাৱমান হৈছে। আজি ৰাষ্ট্ৰখন হতাশা আৰু অন্ধকাৰৰ যুগৰ পৰা আত্মবিশ্বাস আৰু আশাবাদৰ এক নতুন যুগলৈ ধাৱিত হৈছে, তেওঁ লগতে কয়। ১৪০ কোটি ভাৰতীয় বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী নিৰ্মাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰশীলতা হৈছে সময়ৰ প্ৰয়োজন। তেওঁ ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দুয়োটাই ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতে গোলকীয় উৎপাদন খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। ভাৰতে এতিয়া স্মাৰ্টফোন, গাড়ী, পুতলা, প্ৰতিৰক্ষা সঁজুলি আৰু ঔষধকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি আছে। তেওঁ লগতে কয় যে ভাৰতে কেৱল ৰে’ল আৰু মেট্ৰ’ প্ৰযুক্তি নিৰ্মাণ কৰাই নহয় বৰঞ্চ ইয়াক গোলকীয়ভাবে ৰপ্তানি কৰি আছে। হাজাৰ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু মুকলি কৰা দহোদক এই প্ৰগতিৰ এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে দহোদ বৈদ্যুতিক লোকোমোটিভ ফেক্টৰীক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে উল্লেখ কৰে। তেওঁ তিনি বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি প্ৰথমটো বৈদ্যুতিক ইঞ্জিন এতিয়া সফলতাৰে নিৰ্মাণ কৰা বুলি গৌৰৱ প্ৰকাশ কৰে। গুজৰাট আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰি তেওঁ লোকোমোটিভটোৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি, গুজৰাট ইয়াৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰি তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে আৰু এই কৃতিত্বৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনায়।

মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 05th, 07:05 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!

মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 05th, 07:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।

ওড়িশাৰ ভুৱনেশ্বৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 17th, 12:26 pm

ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন মাঞ্জী জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ জুৱাল ওৰাম জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, অন্নপূৰ্ণা দেৱী জী, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কে. ভি সিংদেৱ জী, শ্ৰীমতী প্ৰভাতি পৰিদা জী, সাংসদ, বিধায়ক, দেশৰ প্ৰতিটো কোণৰ পৰা আজি আমাৰ লগত যোগদান কৰা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ ওড়িশাৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত 'সুভদ্ৰা' নামৰ সৰ্ববৃহৎ মহিলাকেন্দ্ৰিক আঁচনিৰ শুভাৰম্ভ কৰে

September 17th, 12:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ মুখ্য আঁচনি 'সুভদ্ৰা' মুকলি কৰে। ই হৈছে সৰ্ববৃহৎ, একক মহিলা কেন্দ্ৰিক আঁচনি আৰু ই ১ কোটিৰো অধিক মহিলাক সামৰি ল'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ লাখতকৈও অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰৰ কামআৰম্ভ কৰে। শ্ৰী মোদীয়ে ২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে ১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪ খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্ৰায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰে, সমগ্ৰ দেশৰ পৰা পিএমএৱাই (গ্ৰাম্য আৰু নগৰ)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰে আৰু পিএমএৱাই (গ্ৰামীণ আৰু নগৰ) হিতাধিকাৰীসকলক ঘৰৰ চাবি প্ৰদান কৰে।লগতে, তেওঁ পিএমএৱাই-জিৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা – নগৰ (পিএমএৱাই-ইউ)২.০ মুকলি কৰে।

গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 07th, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 25th, 11:30 am

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

ৰোজগাৰ মেলাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

September 26th, 11:04 am

আজিৰ ৰোজগাৰ মেলাত চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক মোৰ আন্তৰিক অভিনন্দন। অপৰিসীম কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোক সকলোৱে এই সফলতা অৰ্জন কৰিছে। আপোনাসৱক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে; সেয়েহে, এই সফলতাই আপোনাসৱৰ জীৱনত যথেষ্ট গুৰুত্ব বহন কৰে।

‘ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 26th, 10:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ‘ৰোজগাৰ মেলা’ত ভাষণ প্ৰদান কৰাৰ লগতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপকসকলে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। এইসমূহৰ ভিতৰত আছে ডাক বিভাগ, ভাৰতীয় অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদি। এই ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৬টা স্থানত অনুষ্ঠিত হৈছে।