মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 01st, 03:35 pm

আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে

May 01st, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 26th, 11:23 am

আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে

April 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।

'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ

December 11th, 05:00 pm

মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?

আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী

December 11th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।

'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী

September 29th, 11:30 am

My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.

Media and Entertainment sector poised for a Significant Leap

September 18th, 04:24 pm

The Union Cabinet has approved the establishment of the National Centre of Excellence (NCoE) for Animation, Visual Effects, Gaming, Comics, and Extended Reality (AVGC-XR) in Mumbai. This initiative aims to enhance skill development, research, and innovation in the AVGC-XR sector, fostering startups and positioning India as a global content hub. It aligns with the Atmanirbhar Bharat initiative, boosting employment and enhancing India's soft power in the media and entertainment industry.

India’s Top Gamers Meet ‘Cool’ PM Modi

April 13th, 12:33 pm

Prime Minister Narendra Modi engaged in a unique interaction with India's top gamers, immersing himself in the world of PC and VR gaming. During the session, Prime Minister Modi actively participated in gaming sessions, showcasing his enthusiasm for the rapidly evolving gaming industry.