ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফিনলেণ্ডৰ যুটীয়া বিবৃতি

March 05th, 08:03 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টাব ২০২৬ চনৰ ৪-৭ মাৰ্চত ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ষ্টাবে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে আৰু তেওঁৰ সৈতে আছে ফিনলেণ্ডৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীমতী ছাৰী মুল্টালা, ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী শ্ৰী মাটিয়াছ মাৰ্টিনেন তথা বিষয়া আৰু বাণিজ্যিক নেতৃত্বৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ৫ মাৰ্চত নতুন দিল্লীত ৰাইচিনা ডায়ালগৰ একাদশ সংস্কৰণ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰপতি ষ্টাবে মুখ্য অতিথি হিচাপে উদ্বোধনী ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্টেৰি অৰ্পোৰ ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণ।

"পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ

February 06th, 10:21 am

শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে

February 06th, 10:00 am

গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ

February 01st, 01:38 pm

আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।

২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 01st, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।

মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 01st, 03:35 pm

আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে

May 01st, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

December 29th, 11:30 am

‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।

আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী

October 27th, 11:30 am

মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷

৭৮ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশি ভাষণ প্ৰদান কৰে

August 15th, 03:04 pm

প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুখ্য প্ৰসংগসমূহ তলত উল্লেখ কৰা হৈছে:

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

August 15th, 01:09 pm

On 78th Independence Day, PM Modi, in his address, outlined a vision for India's future. From hosting the 2036 Olympics to championing a Secular Civil Code, PM Modi emphasized India's collective progress and empowerment of every citizen. He spoke of continuing the fight against corruption with renewed vigour. With a focus on innovation, education, and global leadership, he reaffirmed that nothing can stop India from becoming a Viksit Bharat by 2047.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ ভৱিষ্যতৰ বাবে অভিলাষী দৃষ্টিভংগী দাঙি ধৰে

August 15th, 10:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত ভাৰতৰ বিকাশক গঢ় দিয়া, উদ্ভাৱনক প্ৰসাৰিত কৰা আৰু দেশক বিভিন্ন খণ্ডত বিশ্বৰ আগশাৰীৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভৱিষ্যতৰ লক্ষ্যৰ এক শৃংখলাৰ ৰূপৰেখা দাঙি ধৰে।

ভাৰতে উদযাপন কৰিছে ৭৮সংখ্যক স্বাধীনতা দিৱস

August 15th, 07:30 am

৭৮সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত ভাৰতৰ ভৱিষ্যতৰ এক দৃষ্টিভংগীৰ আলোকপাত কৰে। ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ পৰা আৰম্ভ কৰি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ চেম্পিয়নিঙলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামূহিক অগ্ৰগতি আৰু প্ৰতিজন নাগৰিকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন নতুন শক্তিৰে অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। উদ্ভাৱন, শিক্ষা আৰু বিশ্ব নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

India’s Top Gamers Meet ‘Cool’ PM Modi

April 13th, 12:33 pm

Prime Minister Narendra Modi engaged in a unique interaction with India's top gamers, immersing himself in the world of PC and VR gaming. During the session, Prime Minister Modi actively participated in gaming sessions, showcasing his enthusiasm for the rapidly evolving gaming industry.