ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 18th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে এক গৌৰৱময় মুহূৰ্তক চিহ্নিত কৰি মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰে। । বাৰ্তালাপৰ সময়ত তেওঁলোকে বহু বিষয়, বিশেষকৈ মহাকাশত শুক্লাৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি, দেশৰ অভিলাষী মানৱ মহাকাশ উৰণ কাৰ্যসূচী—গগণযানকে ধৰি নানান বিষয়ত বিস্তৃতভাবে আলোচনা কৰে।ত্ৰিনিদাদ আৰু টোবাগোৰ ভাৰতীয় সমাজক প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 04th, 05:56 am
আজি সন্ধিয়াটো আপোনালোক সকলোৰে সৈতে কটাবলৈ পোৱাটো মোৰ বাবে অসীম গৌৰৱ আৰু আনন্দৰ কথা। প্ৰধানমন্ত্ৰী কমলা ডাঙৰীয়াণীক তেওঁৰ উষ্ম আতিথ্য আৰু সৌহাৰ্দ্যপূৰ্ণ কথা-বতৰাৰ বাবে ধন্যবাদ জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোত সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
July 04th, 04:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিনিদাদ আৰু টোবাগোত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই অনুষ্ঠানত ত্ৰিনিদাদ আৰু টোবাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰ, তেওঁৰ কেবিনেটৰ সদস্যসকল, সংসদৰ সদস্য আৰু আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক প্ৰবাসীসকলে ব্যতিক্ৰমীভাৱে আদৰণি জনোৱাৰ লগতে ভাৰত-ত্ৰিনিদাদৰ বৰ্ণিল পৰম্পৰা প্ৰদৰ্শন কৰে।এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 07th, 12:00 pm
ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025
May 07th, 11:30 am
PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.The World This Week On India
February 18th, 04:28 pm
This week, India reinforced its position as a formidable force on the world stage, making headway in artificial intelligence, energy security, space exploration, and defence. From shaping global AI ethics to securing strategic partnerships, every move reflects India's growing influence in global affairs.নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
January 12th, 02:15 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
January 12th, 02:00 pm
ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।Politics is about winning people's hearts, says PM Modi in podcast with Nikhil Kamath
January 10th, 02:15 pm
Prime Minister Narendra Modi engages in a deep and insightful conversation with entrepreneur and investor Nikhil Kamath. In this discussion, they explore India's remarkable growth journey, PM Modi's personal life story, the challenges he has faced, his successes and the crucial role of youth in shaping the future of politics.PM Modi, in his first podcast, interacts with entrepreneur Nikhil Kamath
January 10th, 02:00 pm
Prime Minister Narendra Modi engages in a deep and insightful conversation with entrepreneur and investor Nikhil Kamath. In this discussion, they explore India's remarkable growth journey, PM Modi's personal life story, the challenges he has faced, his successes and the crucial role of youth in shaping the future of politics.ভাৰতৰ পুনৰ চন্দ্ৰলৈ গমন : এইবাৰ চন্দ্ৰত অৱতৰণ কৰাৰ পিছত পৃথিৱীলৈ উভতি আহিব
September 18th, 04:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰাৰ পাছত পৃথিৱীলৈ ঘূৰি অহা প্ৰযুক্তিৰ বিকাশ আৰু প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান-৪ নামৰ চন্দ্ৰ অভিযানত অনুমোদন জনাইছে। এই চন্দ্ৰযান-৪ অভিযানে চন্দ্ৰত ভাৰতীয় অৱতৰণৰ বাবে (২০৪০ চনৰ ভিতৰত পৰিকল্পনা কৰা) প্ৰযুক্তিৰ সামৰ্থ্য প্ৰাপ্ত কৰিব আৰু সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিব। ডকিং/আনডকিং, অৱতৰণ, পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন আৰু লগতে চন্দ্ৰৰ নমুনা সংগ্ৰহ আৰু বিশ্লেষণ সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় মুখ্য প্ৰযুক্তিবোৰ প্ৰদৰ্শন কৰা হ'ব।গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 26th, 10:59 pm
গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গোৱাত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
October 26th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।মিছন গগনযান টিভি ডি১ টেষ্ট ফ্লাইটৰ সফল আৰম্ভণীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
October 21st, 12:56 pm
‘মিছন গগনযান টিভি ডি-১ টেষ্ট ফ্লাইট’ৰ সফল শুভাৰম্ভক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচীক বাস্তৱায়িত কৰাৰ দিশত দেশক এখোজ আগবঢ়াই নিছে।প্ৰধানমন্ত্ৰীয়ে গগণযান মিছনৰ প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰে
October 17th, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ গগণযান অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন আৰু ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাৰ ভৱিষ্যৎ ৰূপৰেখা দাঙি ধৰাৰ অৰ্থে অনুষ্ঠিত এখনি উচ্চ-পৰ্য্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে।