কমনৱেলথ দেশসমূহৰ লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰসকলৰ ২৮সংখ্যক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:00 am

সংসদীয় গণতন্ত্ৰত আপোনাৰ ভূমিকা অধ্যক্ষৰ। আমোদজনক কথাটো হ’ল অধ্যক্ষই বিশেষ কথা ক’বলৈ নাপায়। তেওঁৰ কাম হ’ল আনৰ কথা শুনা আৰু সকলোৱে সুযোগ পোৱাটো নিশ্চিত কৰা। অধ্যক্ষৰ এটা সাধাৰণ কথা হ’ল তেওঁৰ ধৈৰ্য্য। আনকি কোলাহলপূৰ্ণ আৰু অতি উৎসাহী সদস্যকো তেওঁলোকে হাঁহি এটা মাৰি চম্ভালে।

সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 15th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদীয় গণতন্ত্ৰত অধ্যক্ষৰ ভূমিকা অনন্য। তেওঁ উল্লেখ কৰে যে অধ্যক্ষই বেছি কথা ক’ব নোৱাৰে, কিন্তু তেওঁলোকৰ দায়িত্ব হ’ল আনৰ কথা শুনা আৰু সকলোৱে যাতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ধৈৰ্য্য হৈছে অধ্যক্ষসকলৰ অন্যতম বৈশিষ্ট্য, যিসকলে আনকি কোলাহল আৰু অতি-উৎসাহী সদস্যসকলক হাঁহিৰে পৰিচালনা কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 04th, 01:00 pm

উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে

January 04th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 19th, 08:11 pm

আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে

December 19th, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

জোহান্সবাৰ্গত জি-২০ নেতাৰ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 09:46 pm

প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে মত বিনিময় কৰে। ২০২৫ চনৰ ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী তাকাইচিৰ সৈতে তেওঁলোকৰ টেলিফোন কলৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ।

২০২৫ চনৰ জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 09:44 pm

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিৰ সৈতে বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই মত বিনিময় কৰে।

জোহান্সবাৰ্গত জি-২০ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 23rd, 09:41 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াক

জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ: অধিৱেশন ৩

November 23rd, 04:05 pm

প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।

“সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত” শীৰ্ষক বিষয়ত জি-২০ অধিৱেশনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 23rd, 04:02 pm

প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে, সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই হওক।

জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 02:18 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।

আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

November 23rd, 12:45 pm

জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

November 23rd, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।

জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি

November 22nd, 09:57 pm

প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।

জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদঃ প্ৰথম পৰ্ব

November 22nd, 09:36 pm

প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক জি-২০ সন্মিলনৰ সুন্দৰ আয়োজন আৰু সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছো।

জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

November 22nd, 09:35 pm

প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।

Joint statement by the Government of India, the Government of Australia and the Government of Canada

November 22nd, 09:21 pm

India, Australia, and Canada have agreed to enter into a new trilateral partnership: the Australia-Canada-India Technology and Innovation (ACITI) Partnership. The three sides agreed to strengthen their ambition in cooperation on critical and emerging technologies. The Partnership will also examine the development and mass adoption of artificial intelligence to improve citizens' lives.

জি-২০ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

November 21st, 10:43 pm

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সমান্তৰালভাৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই মিষ্টাৰ এণ্টনি আলবানিজে বৈঠকত মিলিত হয়। ২০২০ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সম্পৰ্কটো সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত বিগত পাঁচ বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সহযোগিতা গভীৰ আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজখন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল নেতাসকলে।

‘জি-২০ শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী

November 21st, 06:25 pm

কিছু সময়ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী। ‘২০ সংখ্যক জি-২০ নেতৃমণ্ডলীৰ সন্মিলন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শীৰ্ষ সন্মিলনৰ আহৰি পৰত তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে ‘ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আই বি এছ এ) নেতৃমণ্ডলীৰ বৈঠক’তো অংশগ্ৰহণ কৰিব।