কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

January 28th, 02:39 pm

​আজিৰ এই মৰ্য্যাদাপূৰ্ণ অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে মিলিত হোৱাটো মোৰ বাবে এক আনন্দৰ উপলক্ষ। আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। ১২৫ বছৰৰ যাত্ৰাত এই প্ৰতিষ্ঠানে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। আজি এই উপলক্ষে মই আৰ্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানক স্মৰণ কৰিছো। আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাই আজিও আমাক অনুপ্ৰাণিত কৰে।

কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 28th, 02:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেৰালাৰ আৰ্য বৈদ্যশালা দাতব্য চিকিৎসালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো তেওঁৰ বাবে আনন্দৰ বিষয়। তেওঁ উল্লেখ কৰে যে আয়ুৰ্বেদৰ সংৰক্ষণ, সুৰক্ষা আৰু অগ্ৰগতিৰ ক্ষেত্ৰত আৰ্য বৈদ্যশালাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰ ১২৫ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানটোৱে আয়ুৰ্বেদক এক শক্তিশালী চিকিৎসা পদ্ধতি হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ আর্য বৈদ্যশালাৰ প্ৰতিষ্ঠাপক বৈদ্যৰত্নম পি এছ ভেৰিয়াৰৰ অৱদানৰ কথা স্মৰণ কৰি গুৰুত্ব আৰোপ কৰি কয় যে আয়ুৰ্বেদৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু জনকল্যাণৰ প্ৰতি তেওঁৰ উৎসৰ্গাৰ মনোভাৱে অনুপ্ৰেৰণা যোগাই আহিছে।

জোহান্সবাৰ্গত জি-২০ নেতাৰ সন্মিলনত জাপানৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

November 23rd, 09:46 pm

প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে মত বিনিময় কৰে। ২০২৫ চনৰ ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী তাকাইচিৰ সৈতে তেওঁলোকৰ টেলিফোন কলৰ পিছত এয়া হৈছে প্ৰধানমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ।

জোহান্সবাৰ্গত জি-২০ সন্মিলনৰ সময়তে কানাডাৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 23rd, 09:41 pm

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াক

দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

November 21st, 06:45 am

দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া বিংশ জি-২০ নেতাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মহামান্য চিৰিল ৰামাফোছাৰ আমন্ত্ৰণত মই ২০২৫ চনৰ ২১ৰ পৰা ২৩ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা গণৰাজ্য ভ্ৰমণ কৰিবলৈ গৈ আছো।