বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী

February 09th, 03:28 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।

ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

February 09th, 01:00 pm

ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।

ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ

February 08th, 11:05 am

ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত দৃশ্য-শ্ৰব্য সহ-উৎপাদন চুক্তি

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

February 08th, 08:35 am

পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি

February 08th, 08:30 am

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাঠ

February 08th, 08:20 am

মোৰ বন্ধু প্ৰধানমন্ত্ৰী, আপোনাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আৰু মোৰ প্ৰতিনিধিসকলক যিদৰে আদৰণি জনোৱা হ’ল, আৰু আপুনি মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে মালয়েছিয়াৰ জীৱনধাৰাক যিদৰে ইমান উজ্জ্বলভাৱে উপস্থাপন কৰিলে, আৰু আপুনি যিদৰে কামবোৰ ইমান ভালদৰে সংগঠিত কৰিলে, সেইবোৰ চিৰদিনৰ বাবে মনত ৰখা হ’ব, আৰু তাৰ বাবে মই মোৰ অন্তৰৰ পৰা মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বন্ধুত্ব কি, বন্ধুত্বৰ উচ্চতা আৰু গভীৰতা কি সেয়া মই সম্পূৰ্ণৰূপে অনুভৱ কৰিছোঁ আৰু তাৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।

ডঃ এণ্ড্ৰু হোলনেছক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

September 05th, 10:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ এণ্ড্ৰু হোলনেছক ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে জামাইকা পাৰ্টিক জয়ৰ দিশত আগুৱাই নিয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে লগতে কয়, “ভাৰত-জামাইকাৰ বন্ধুত্বৰ বান্ধোনক সু-গভীৰ আৰু আমাৰ দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ়কৰণৰ বাবে আগ্ৰহী হৈ উঠিছোঁ।“

কেপ্তেইন বিজয়কান্তৰ সমাজসেৱাক স্মৰণ প্ৰধানমন্ত্ৰীৰ

April 14th, 11:04 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেপ্তেইন বিজয়কান্তৰ সৈতে তেওঁৰ বন্ধুত্বৰ কথা স্মৰণ কৰাৰ লগতে কেপ্তেইন বিজয়কান্তে সমাজলৈ আগবঢ়াই যোৱা অৱদানৰ কথাও সোঁৱৰণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত

April 05th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত কৰে। ইয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক।

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে কে পি শৰ্মা অলীক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

July 15th, 11:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কে পি শৰ্মা অলীক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ বন্ধুত্বৰ গভীৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰাৰ আশা প্ৰকাশ কৰে।

অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

July 10th, 02:45 pm

প্ৰথমে মই মই উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে চেঞ্চেলৰ নেহমাৰক ধন্যবাদ জনাইছো। মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সুযোগ পাইমই সুখী। মোৰ এই ভ্ৰমণ ঐতিহাসিক আৰু বিশেষ। ৪১ বছৰৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে। এইটোও এটা সুখকৰ সংযোগ যে এই ভ্ৰমণ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে।

‘ইউএই’-ৰ আবু ধাবিত ‘আহলান মোদী’ অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 13th, 11:19 pm

আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।

ইউনাইটেড আৰব এমিৰেটত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম - "আহলান মোদী"ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

February 13th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমীৰশ্বাহীত তেওঁৰ সন্মানত আয়োজিত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম ‘আহলান মোদী’ অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত ৭খন আমীৰাটৰ পৰা ভাৰতীয় প্ৰবাসী লোকে অংশগ্ৰহণ কৰে আৰু ইয়াত সকলো সম্প্ৰদায়ৰ ভাৰতীয় লোকে অংশগ্ৰহণ কৰে। দৰ্শকৰ মাজত আমীৰাটীসকলো অন্তৰ্ভুক্ত আছিল।