Prime Minister Pays Tribute to Shri C. Rajagopalachari on His Birth Anniversary

December 10th, 09:37 am

The Prime Minister, Shri Narendra Modi, paid rich tributes to Shri C. Rajagopalachari on his birth anniversary today. Remembering him as a freedom fighter, thinker, intellectual, and statesman, the Prime Minister noted that Rajaji remains one of the sharpest minds of the 20th century, who believed in creating value and upholding human dignity.

গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

November 07th, 10:00 am

বন্দে মাতৰম, এই শব্দ হৈছে এটা মন্ত্ৰ, এটা শক্তি, এটা সপোন, এটা সংকল্প। বন্দে মাতৰম, এই এটা শব্দ হৈছে মা ভাৰতীৰ সাধনা, মা ভাৰতীৰ পূজা। বন্দে মাতৰম, এই এটা শব্দই আমাক ইতিহাসলৈ লৈ যায়। ই আমাৰ আত্মবিশ্বাস, আমাৰ বৰ্তমান, আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এক নতুন সাহস প্ৰদান কৰে যে কোনো সংকল্প নাই, এনে কোনো সংকল্প নাই যাক পূৰণ কৰিব নোৱাৰি। আমি ভাৰতীয়সকলে প্ৰাপ্ত কৰিব নোৱাৰা কোনো লক্ষ্য নাই।

ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠানৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 07th, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বন্দে মাতৰম কেৱল এটা শব্দ নহয়-এয়া এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক গুৰুত্বপূৰ্ণ সংকল্প। বন্দে মাতৰম মা ভাৰতীৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক সমৰ্পণৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই শব্দটোৱে আমাক আমাৰ ইতিহাসৰ সৈতে সংযোগ কৰে, আমাৰ বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এই বিশ্বাসৰ সাহসৰে অনুপ্ৰাণিত কৰে যে কোনো সংকল্পয়েই পূৰণ কৰাটো অসম্ভৱ নহয় আৰু কোনো লক্ষ্যই আমাৰ সামৰ্থ্যৰ আওতাৰ বাহিৰত নহয়।

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 06:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

প্ৰধানমন্ত্ৰীয়ে শ্যামজী কৃষ্ণ বৰ্মাৰ ইচ্ছা পূৰণ সন্দৰ্ভত আলোকপাত কৰে, যুৱক-যুৱতীসকলক প্ৰেৰণা গ্ৰহণ কৰিবলৈ আহ্বান জনায়

October 04th, 11:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰায় দুটা দশক পূৰ্বে গ্ৰহণ কৰা এক গভীৰ সন্তোষজনক ৰাষ্ট্ৰীয় প্ৰচেষ্টাত আলোকপাত কৰে। উক্ত প্ৰচেষ্টাই স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বৰ্মাৰ দীৰ্ঘদিনীয়া ইচ্ছা পৰিপূৰণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে শ্যামজী কৃষ্ণ বৰ্মালৈ তেওঁৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

October 04th, 09:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মদিন উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ অদম্য সমৰ্পণৰ মনোভাৱক স্মৰণেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে বিভাজনৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ দৃঢ়তা আৰু সহনশীলতাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

August 14th, 08:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ইতিহাসৰ আটাইতকৈ মৰ্মান্তিক অধ্যায়সমূহৰ ভিতৰত অন্যতম বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰি অসংখ্য ব্যক্তিয়ে সন্মুখীন হোৱা অপৰিসীম যন্ত্ৰণা আৰু দুখ-কষ্টৰ কথা স্মৰণ কৰে।

কাকোৰী কাণ্ডৰ শতবাৰ্ষিকীত দেশপ্ৰেমিক ভাৰতীয়ৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

August 09th, 02:59 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কাকোৰী কাণ্ডৰ শতবাৰ্ষিকী উপলক্ষ্যে সেই কাণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয়সকলৰ শৌৰ্য্য তথা দেশপ্ৰেমৰ মনোভাবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্বহীদ উধম সিঙৰ শ্বহীদ দিৱসত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 31st, 10:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতাৰ অমৰ সন্তান শ্বহীদ উধম সিঙৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

July 23rd, 09:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰ শেখৰ আজাদক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতৰ স্বাধীনতাৰ অন্বেষণত তেওঁৰ ভূমিকা অতি মূল্যৱান আৰু ই আমাৰ যুৱ প্ৰজন্মক সাহস আৰু দৃঢ় বিশ্বাসৰে ন্যায়ৰ বাবে থিয় দিবলৈ অনুপ্ৰাণিত কৰে, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

July 23rd, 09:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, এগৰাকী পথ প্ৰদৰ্শক নেতা হিচাপে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মনোভাৱক অটল বিশ্বাসৰে জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

জন্ম বাৰ্ষিকীত মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 19th, 09:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰী পাণ্ডেক ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা দেশৰ আগশাৰীৰ যোদ্ধা হিচাপে প্ৰশংসা কৰে।

The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia

July 09th, 08:14 pm

PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.

Prime Minister addresses the Namibian Parliament

July 09th, 08:00 pm

PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.

নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অব দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

July 09th, 07:46 pm

ৰাষ্ট্ৰপতিৰ পৰা নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা-দা অৰ্ডাৰ অৱ দা মোষ্ট এনচিয়েণ্ট ৱেলৱিটচিয়া মিৰাবিলিছ লাভ কৰাটো মোৰ বাবে অপৰিসীম গৌৰৱ আৰু সন্মানৰ বিষয়।

মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

March 30th, 11:42 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ ৱাৰ্মাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্বহীদ দিৱসৰ দিনা ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

March 23rd, 09:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁলোকৰ চৰম ত্যাগক সন্মান জনায়।