জন্ম জয়ন্তীত শ্ৰী অৰবিন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 15th, 10:09 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অৰবিন্দৰ জন্ম জয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে এগৰাকী দাৰ্শনিক, জাতীয়তাবাদী, কবি আৰু চিন্তাবিদ শ্ৰী অৰবিন্দই ভাৰতৰ স্বাধীনতাৰ লগতে মানুহৰ প্ৰগতিৰ বৃহত্তৰ অভিযানৰ বাবেও নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

August 15th, 07:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 15th, 06:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস

August 15th, 06:45 am

৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।

ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 09th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

August 08th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।

আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 08th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আই আই টি দিল্লীৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানটোত নিহিত হৈ থকা গভীৰ আবেগিক অনুৰণনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ চৌহদৰ সজীৱতা, সপোনেৰে ভৰা পৰিৱেশৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ সময়ত তেওঁৰ পূৰ্বৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্মৰণ কৰাৰ লগতে এতিয়া স্নাতকসকলৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আজি এই চৌহদত আপোনালোকৰ সৈতে উপস্থিত থকাৰ এই অবিশ্বাস্য অভিজ্ঞতা মোৰ বাবে অতি বিশেষ।

১৫০সংখ্যক জয়ন্তী উপলক্ষে স্বাধীনতা সংগ্ৰামী শ্ৰী পিংগলি ভেংকায়ালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

August 02nd, 08:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামী শ্ৰী পিংগলি ভেংকায়াক তেওঁৰ ১৫০সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 23rd, 08:22 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চন্দ্ৰ শেখৰ আজাদৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে চন্দ্ৰ শেখৰ আজাদৰ নিৰ্ভীক অদম্য সাহস আৰু দেশপ্ৰেমে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক গৌৰৱোজ্জ্বল স্থান দখল কৰিছে।

লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 23rd, 08:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মহিয়ান ব্যক্তিত্ব হিচাপে লোকমান্য তিলকে জাতীয়তাবাদৰ মনোভাৱ জাগ্ৰত কৰিছিল আৰু প্ৰতিটো প্ৰজন্মক জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

মহান বিপ্লৱী মংগল পাণ্ডেজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

July 19th, 10:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী মংগল পাণ্ডেজীৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ সাহসী জীৱনে আজিও প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই ৰাখিছে আৰু তেওঁৰ বীৰত্বৰ কাহিনীয়ে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 26th, 12:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান পুৰুষ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাধানমন্ত্ৰীয়ে তেওঁক সাহিত্যৰ এগৰাকী সুবিশাল ব্যক্তিত্ব ৰূপে স্মৰণ কৰে, যাৰ লেখাই ভাৰতীয় প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সাংস্কৃতিক গৌৰৱৰ মনোভাব জাগ্ৰত কৰিছিল।

প্ৰধানমন্ত্ৰীৰ বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ

May 28th, 09:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ সাভাৰকাৰক তেওঁৰ জয়ন্তীত স্মৰণ কৰে আৰু তেওঁৰ সাহস, দেশপ্ৰেম তথা সমাজ সংস্কাৰত আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহাৰাণা প্ৰতাপৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

May 09th, 09:06 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মহাযোদ্ধা মহাৰাণা প্ৰতাপৰ প্ৰতি তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যুবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

March 30th, 09:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত মাতৃৰ সাহসী পুত্ৰ শ্যামজী কৃষ্ণ বাৰ্মাৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ বিপ্লৱী ধাৰণাসমূহৰ জৰিয়তে তেওঁ স্বাধীনতা আন্দোলনত এক নতুন চেতনা জাগ্ৰত কৰিছিল। ‘তেওঁৰ জীৱন আৰু আদৰ্শই দেশৰ প্ৰতিটো প্ৰজন্মক ৰাষ্ট্ৰীয় সেৱাৰ প্ৰতি অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে লগতে কয়।

শ্বহীদ দিৱসত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

March 23rd, 08:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পুডুচেৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 12:00 pm

পুডুচেৰীৰ মুখ্যমন্ত্ৰী শ্ৰী এন ৰংগস্বামী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱিয়া, পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰীযুত কে কৈলাসনাথন, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ শ্ৰী আৰ চেলভাম, গৃহমন্ত্ৰী শ্ৰীযুত এ নমছিৱায়ম, অন্যান্য নেতৃবৃন্দ, মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।

পুডুচেৰীত ২,৭০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 11:45 am

অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, পুডুচেৰী হ'ল সিদ্ধাৰ, সাধু, কবি আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ভূমি, য'ত মহাকবি সুব্ৰমনিয়া ভাৰতীয়ে জাতীয়তাবাদৰ অগ্নিশিখা প্ৰজ্বলন কৰাৰ লগতে শ্ৰী অৰবিন্দ আৰু তেওঁৰ মাতৃয়ে বিশ্বক আধ্যাত্মিক দৃষ্টি প্ৰদান কৰিছিল।

পুণ্য তিথিত বীৰ ছাভাৰকাৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

February 26th, 11:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান বিপ্লৱী বীৰ ছাভাৰকাৰলৈ তেওঁৰ পুণ্য তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বীৰ ছাভাৰকাৰৰ জীৱনৰ শিক্ষাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

February 26th, 10:47 am

বীৰ ছাভাৰকাৰৰ জীৱনৰ শিক্ষাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।