India celebrates 80th Independence Day
August 15th, 06:45 am
PM Modi, in his address to the nation on the 80th Independence Day from the Red Fort, spoke about the dream of building a Viksit Bharat by 2047, powered by the strength and resolve of 140 crore Indians. He highlighted key initiatives such as the SHANTI Act, Railway electrification, India’s trade deals, the end of Naxalism and more. He called upon the nation to embrace 'Shakti Ki Saptadhara'.বিশাল দুপৰীয়াৰ আহাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 11th, 12:32 pm
মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 11th, 12:30 pm
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।ভাৰত-নিউজিলেণ্ড ব্যৱসায়িক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
July 11th, 08:20 am
আপোনালোক সকলোৰে সৈতে অকলেন্ডত উপস্থিত হৈ মই অতি আনন্দিত হৈছো। মই প্ৰধানমন্ত্ৰী লাক্সনৰ ইতিবাচক চিন্তা আৰু ভাৰতৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।Prime Minister addresses business leaders in New Zealand
July 11th, 08:16 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা
July 11th, 08:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডৰ চৰকাৰী ভৱনত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে সাক্ষাৎ কৰে। চৰকাৰী ভৱনত উপস্থিত হোৱাৰ লগে লগে তেওঁক পৰম্পৰাগত মাউৰি পদ্ধতিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শান্তি, সন্মান আৰু আদৰণিৰ প্ৰতীক হিচাপে পৰম্পৰাগত মাওৰি ৰীতি-নীতি অন্তৰ্ভুক্ত আছিল। পৰম্পৰাগত আদৰণিৰ পাছত প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্বঃ ২০৩০চনৰ বাবে ৰোডমেপ
July 11th, 08:06 am
ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৬ চনৰ ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ডত সাক্ষাৎ কৰি ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব গঠনৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে পৰৱৰ্তী চাৰি বছৰত যৌথ পদক্ষেপৰ পথ প্ৰদৰ্শন আৰু ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে এক অংশীদাৰী পৰিকাঠামো হিচাপে ২০৩০ লৈ এই ৰোডমেপত অনুমোদন জনায়। কৌশলগত অংশীদাৰিত্বত এই ৰোডমেপৰ তলত উল্লেখ কৰা স্তম্ভসমূহত নিৰ্ধাৰিত ক্ষেত্ৰ আৰু পদক্ষেপসমূহ অন্তৰ্ভুক্ত আছে, কিন্তু ইয়াতেই সীমাবদ্ধ নহয়।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।ভাৰত-নিউজিলেণ্ড প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
July 11th, 07:00 am
আপোনাৰ বন্ধুত্বপূৰ্ণ শব্দৰ বাবে মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।অষ্ট্ৰেলিয়াত প্ৰবাসী ভাৰতীয় লোকসকলৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 03:22 pm
ইয়াৰ আগতে মই ছিডনীত দুবাৰকৈ আপোনালোকক লগ পাইছিলোঁ, মেলবৰ্ণবাসীৰ সৈতে দেখা কৰিবলৈ ময়ো বাট চাই আছিলোঁ। সেয়ে ভাবিলোঁ এইবাৰ মেলবৰ্ণবাসীৰ সৈতে ফ্লেট হোৱাইট কফি খাম।অষ্ট্ৰেলিয়াত থকা প্ৰবাসী ভাৰতীয়সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
July 09th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেলবৰ্ণৰ মাৰ্ভেল ষ্টেডিয়ামত অষ্ট্ৰেলিয়াত থকা ভাৰতীয় সমূদায়ৰ এক বৃহৎ সমাৱেশক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। এক বিশেষ সৌজন্যতা প্ৰদৰ্শন কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজেও প্ৰব্ৰাসী ভাৰতীয়সকলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।India-Australia Joint Statement on Energy Security
July 09th, 11:02 am
The India-Australia Joint Statement on Energy Security noted the two countries' deep concern over the situation in the Middle East. They shared their commitment to working together to strengthen energy supply chain resilience, including by deepening regional cooperation, accelerating the energy transition, promoting the uptake of renewable energy resources and upholding open trade arrangements for energy and liquid fuels.ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 06th, 09:00 am
মই ৬-১১ জুলাই, ২০২৬লৈ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিছো।নতুন দিল্লীত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত উদগনিমূলক ধন বিতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
June 19th, 05:15 pm
মোৰ কেবিনেট সতীৰ্থ শ্ৰী মনসুখ মাণ্ডৱীয়া জী, ভগ্নী শোভা জী, দেশৰ বিভিন্ন প্ৰান্তৰ তথা প্ৰযুক্তিৰ সৈতে জড়িত সকলো বিশিষ্ট ব্যক্তিসকল আৰু অলপ আগতে সঞ্চালকে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তত প্ৰায় ২০০টা স্থানত দুই লাখ লোক এই কাৰ্যসূচীৰ সৈতে সংযোজিত হৈ আছে, মই দূৰৈৰ পৰা হ’লেও তেওঁলোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছো। মই আজি উদ্যোগ জগতৰ বহু বিশিষ্ট ব্যক্তিকো ইয়াত উপস্থিত থকা দেখা পাইছো আৰু নিশ্চিতভাৱে, ইমান বৃহৎ সংখ্যক যুৱ সতীৰ্থৰ উৎসাহ স্পষ্টভাৱে দৃশ্যমান হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা’ৰ অধীনত প্ৰায় ২৪০০ কোটি টকাৰ উদগনিমূলক সাহাৰ্য প্ৰদান কৰে
June 19th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা'ৰ সৈতে জড়িত হিতাধিকাৰী, উদ্যোগ প্ৰতিনিধি আৰু অংশীদাৰসকলক সম্বোধন কৰে। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু সমগ্ৰ দেশতে চাকৰি সৃষ্টিৰ গতি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী বিকাশশীল ভাৰত ৰোজগাৰ যোজনাৰ (PM-VBRY)ৰ অধীনত প্ৰায় ২৪০০ কোটি মূল্যৰ উদগনিমূলক আঁচনি মুকলি কৰে। ভাৰত চৰকাৰৰ ধ্বজাবাহী নিয়োগ-সংলগ্ন উদগনি আঁচনি (পিএম-ভিবিআৰৱাই) ৰূপায়ণ আৰু বিভিন্ন খণ্ডত সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই উদগনিয়ে সমগ্ৰ দেশতে ১৫ লাখ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব।পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 18th, 05:04 am
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
May 18th, 08:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত নৰৱে’ৰ প্ৰধানমন্ত্ৰী মাননীয় জোনাছ গহৰ ষ্ট’ৰেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰত আৰু নৰৱেৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিশেষ চিহ্ন হিচাপে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।