২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

September 06th, 06:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাষ্ট্ৰপতি মেক্ৰনৰ পৰা টেলিফোন কল লাভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

August 21st, 06:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ পৰা এটা ফোন কল লাভ কৰে।

PM thanks World Leaders for their greetings on 79th Independence Day

August 15th, 07:26 pm

The Prime Minister, Shri Narendra Modi, thanked World Leaders for their greetings and wishes on the 79th Independence Day.

জি-৭ সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

June 18th, 02:57 pm

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে মত-বিনিময় কৰে। দুয়োজন নেতাই বিস্তৃত বিষয়ত দৃষ্টিভংগীৰ আদান-প্ৰদানেৰে ভাৰত আৰু ফ্ৰান্সে আমাৰ গ্ৰহটোৰ ভালৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি দৃঢ়তাৰে কয়।

এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

March 01st, 11:00 am

আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:30 am

মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।

ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 15th, 08:30 pm

যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে

February 15th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স ভ্ৰমণ: কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু এআই সহযোগিতাত অগ্ৰণী ভূমিকা পালন

February 13th, 03:06 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ফ্ৰান্স আৰু আমেৰিকাৰ কূটনৈতিক ভ্ৰমণে ভাৰতৰ বিশ্ব মিত্ৰতা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, য’ত কৃত্ৰিম বুদ্ধিমত্তা (এআই), অৰ্থনৈতিক সংস্কাৰ আৰু ঐতিহাসিক সম্পৰ্কক সন্মান জনোৱাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। এই বিস্তৃত ভ্ৰমণে দায়িত্বশীল এআই বিকাশ, অৰ্থনৈতিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।

PM Modi and President of France jointly visit ITER facility

February 12th, 05:32 pm

PM Modi and President Emmanuel Macron visited the ITER facility in Cadarache, the first such visit by any Head of State or Government. They praised ITER’s progress in fusion energy and India’s key contributions through scientists and industries like L&T, Inox India, and TCS, highlighting India's commitment to advancing global clean energy research.

PM Modi and President of France jointly inaugurate the Consulate General of India in Marseille

February 12th, 05:29 pm

PM Modi and President Emmanuel Macron inaugurated the Consulate General of India in Marseille. The new Consulate will boost economic, cultural, and people-to-people connections across four French regions. PM Modi deeply appreciated President Macron’s special gesture, as both leaders received a warm welcome from the Indian diaspora.

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মাজাৰ্গেছৰ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন

February 12th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আজি পুৱা মাৰ্চেইলৰ মাজাৰগুৱেছ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শ্বহীদসকলৰ বলিদানক সন্মান জনাই মাল্যাৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰে

February 12th, 03:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কালি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিমানেৰে পেৰিছৰ পৰা মাৰ্চেইললৈ বিমান যাত্ৰা কৰে। এই বিমান যাত্ৰাই দুয়োজন নেতাৰ ব্যক্তিগত সম্পৰ্কক প্ৰতিফলিত কৰে। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক তথা মূল বিশ্বজনীন আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত সবিস্তাৰে আলোচনা কৰে। মাৰ্চেইল পোৱাৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। যোৱা ২৫ বছৰত বহুমুখী সম্পৰ্কলৈ ক্ৰমাগতভাৱে বিকশিত হোৱা ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি নেতাদ্বয়ে নিজৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি

February 12th, 03:22 pm

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰ’ৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ফ্ৰান্স ভ্ৰমণ কৰে। ২০২৫ চনৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত ফ্ৰান্স আৰু ভাৰতে ব্লেচলি পাৰ্ক (২০২৩ চনৰ নৱেম্বৰ) আৰু ছিউল (২০২৪ চনৰ মে’) সন্মিলনৰ সময়ত লাভ কৰা গুৰুত্বপূৰ্ণ কৃতিত্বক গঢ়ি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য সন্মিলনৰ সহ-অধ্যক্ষতা হিচাপে কাম কৰে। এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নেতা, ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ মুৰব্বী, শিক্ষাবিদ, বেচৰকাৰী সংস্থা, শিল্পী আৰু নাগৰিক সমাজৰ সদস্যসকল উপস্থিত থাকে। তেওঁলোকে বিশ্বজুৰি এআই খণ্ডই যাতে জনস্বাৰ্থত লাভজনক সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত ফলাফল লাভ কৰে তাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত এআই কাৰ্য সন্মিলনৰ সফল আয়োজনৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰ’ক অভিনন্দন জনায়। পৰৱৰ্তী এআই সন্মিলন আয়োজন কৰাৰ বাবে ফ্ৰান্সে ভাৰতক অভিনন্দন জনায়।

ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণ

February 12th, 03:20 pm

কৃত্ৰিম বুদ্ধিমত্তা(এআই)সন্দৰ্ভত ভাৰত ফ্ৰান্সৰ ঘোষণা

India is making remarkable strides in AI, leveraging it for public good: PM Modi

February 12th, 02:02 pm

Emphasising that India is making remarkable strides in AI, leveraging it for public good, the Prime Minister Shri Narendra Modi urged the world to come and invest in India and bet on our Yuva Shakti.

The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris

February 12th, 12:45 am

Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.

চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 12th, 12:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।