ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে ২৩ ছেপ্টেম্বৰত উদ্বোধন কৰিব ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন
September 21st, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৩ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। এই উপলক্ষে সমবেত হোৱা সমজুৱাক সম্বোধি তেওঁ ভাষণো প্ৰদান কৰিব।