শ্বহীদ দিৱসত ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
June 09th, 01:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ জল, অৰণ্য আৰু ভূমিৰ সুৰক্ষাৰ বাবে বিদেশী শাসনৰ বিৰুদ্ধে এক অদম্য সাহসেৰে যুঁজ দিছিল।কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 15th, 11:10 am
পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী ক্ষেত্ৰ আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ ক্ষেত্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰৰ উন্মোচন আৰু উচ্চ স্তৰৰ সাধুসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ঐতিহাসিক জৱলা পীঠত সময় অতিবাহিত কৰা আৰু ভক্তসকলৰ বিশাল সমাগমক সম্বোধন কৰা কাৰ্যই তেওঁৰ মনত এনে এক শক্তিশালী আবেগ জগাই তোলে যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই ঐশ্বৰিক অভিজ্ঞতা মোৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব।প্ৰধানমন্ত্ৰীয়ে বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি দায়বদ্ধতা দোহাৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে
March 03rd, 08:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে আমাৰ গ্ৰহটোক সমৃদ্ধ কৰা আৰু আমাৰ পৰিৱেশতন্ত্ৰ অটুট ৰখা অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যৰ উদযাপন। তেওঁ কয় যে এয়া বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা সকলোকে স্বীকৃতি দিয়াৰ লগতে সংৰক্ষণ, বহনক্ষম পদ্ধতি আৰু বাসস্থান সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ দিন, যাতে বন্যপ্ৰাণীসমূহ সুকলমে থাকে।প্ৰধানমন্ত্ৰীয়ে ৩ মাৰ্চত গিৰত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত পৌৰহিত্য কৰে
March 03rd, 04:48 pm
আজি দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনেৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত অধ্যক্ষতা কৰে।প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগোৱাৰ আহ্বান জনায়
November 16th, 09:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অধিক সংখ্যক লোকক মাতৃৰ সন্মানত এজোপা গছ ৰোপণ কৰি এটা বহনক্ষম গ্ৰহ হিচাপে গঢ় দিয়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে ‘এক পেড় মা কে নাম’ অভিযানত গতি প্ৰদান কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।পৰিণামসমূহৰ তালিকা: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়াৰ আনুষ্ঠানিক ভ্ৰমণ
July 09th, 09:59 pm
২০২৪ চনৰ পৰা ২০২৯ চনলৈকে এই সময়ছোৱাৰ বাবে ৰাছিয়াৰ সুদূৰ পূবত বাণিজ্য, অৰ্থনৈতিক আৰু বিনিয়োগ খণ্ডত ভাৰত-ৰাছিয়াৰ সহযোগিতাৰ কাৰ্যসূচীৰ লগতে ৰাছিয়ান ফেডাৰেচনৰ আৰ্কটিক অঞ্চলত সহযোগিতাৰ সিদ্ধান্তPM reviews preparedness for heat wave related situation
April 11th, 09:19 pm
Prime Minister Shri Narendra Modi chaired a meeting to review preparedness for the ensuing heat wave season.ভাৰতত নাহৰফুটুকী বাঘৰ বৰ্ধিত সংখ্যাক লৈ প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
February 29th, 09:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ।অন্ধ্রপ্রদেশৰ পুট্টাপূর্তিত সাই হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ উদ্বোধন উপলক্ষ্যে প্রধানমন্ত্রীৰ ভাষণ
July 04th, 11:00 am
পুট্টাপূর্তিলৈ বহুবাৰ যোৱাৰ সৌভাগ্য মোৰ হৈছে। আজিও মোৰ ইচ্ছা আছিল আপোনালোক সকলোৰে মাজত, তাত উপস্থিত হৈ এই অনুষ্ঠানত যোগ দিয়াৰ। কিন্তু, মোৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল। মোক আমন্ত্রণ জানোৱাৰ সময়ত ভাই ৰত্নাকৰে কৈছিল, ‘আপুনি এবাৰ আহি আমাক আপোনাৰ আশীর্বাদ দিয়ক’। শ্রী ৰত্নাকৰৰ এই বক্তব্য মই সংশোধন কৰি দিয়া উচিত। মই তালৈ অৱশ্যই যাম, কিন্তু আশীর্বাদ দিবলৈ নহয়, আশীর্বাদ ল'বলৈ। প্রযুক্তিৰ সহায়ত আজি মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বাবে মই শ্রী সত্য সাই চেণ্ট্ৰেল ট্রাষ্টৰ সৈতে যুক্ত সকলো সদস্য আৰু সত্য সাই বাবাৰ সকলো ভক্তক অভিনন্দন জনাইছোঁ। মোৰ ওপৰত শ্রী সত্য সাইৰ অনুপ্রেৰণা আৰু আর্শীবাদ বর্ষিত হৈছে। এই পৱিত্র অনুষ্ঠানত শ্রী সত্য সাই বাবাৰ কর্মধাৰাৰ প্রসাৰ দেখি মই আনন্দিত। শ্রী হীৰা গ্লোবেল কনভেনশ্যন চেণ্টাৰৰ মাধ্যমত দেশ চিন্তা-ভাবনাৰ এক সমৃদ্ধ কেন্দ্রৰ অধিকাৰী হ'বলৈ ওলাইছে। মই এই কনভেনশ্যন চেণ্টাৰৰ ছবি দেখিছোঁ। এইমাত্র এই চেণ্টাৰটো সন্দৰ্ভত স্বল্প দৈর্ঘ্যৰ যি ছাঁয়াছবি দেখুওৱা হ'ল, তাৰো দৃশ্য মই দেখিছোঁ। এই চেণ্টাৰে আধ্যাত্মিক অনুভৱৰ সৈতে আধুনিকতাৰ, সাংস্কৃতিক দেৱত্বৰ সৈতে বৌদ্ধিক উৎকর্ষৰ বন্ধন ঘটাইছে। ই আধ্যাত্মিক সন্মিলন আৰু শিক্ষামূলক কর্মসূচীৰ এটি কেন্দ্র হৈ উঠিব। সমগ্ৰ বিশ্বৰ পৰা বিভিন্ন ক্ষেত্রৰ বিদ্বান আৰু বিশেষজ্ঞসকল ইয়ালৈ আহিব। এই কেন্দ্র যুৱ সমাজৰ বিশেষ উপকাৰত লাগিব বুলি মোৰ ধাৰণা।ভিডিঅ’ কনফাৰেন্সিংযোগে অন্ধ্ৰপ্ৰদেশৰ পুট্ৰাপাৰ্থীত সাই হীৰা গ্ল’বেন কনভেনছন চেণ্টাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 04th, 10:36 am
এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে সকলোকে অভিনন্দন জনায়, য’ত তেওঁ জৰুৰী বৈঠকৰ বাবে সো-শৰীৰে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷ “আজি আমাৰ সৈতে শ্ৰী সত্য সাইৰ আশীৰ্বাদ আৰু প্ৰেৰণা আছে”, বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে লগতে আনন্দ প্ৰকাশ কৰে যে তেওঁ মিচন আজি সম্প্ৰসাৰণ হৈছে আৰু দেশে সাই হীৰা গ্ল’বেল কনভেচন চেণ্টাৰৰ নামেৰে এটা নতুন অত্যাধুনিক কনভেচন চেণ্টাৰ লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে এই নতুন কেন্দ্ৰটোৱে আধ্যাত্মিকতা আৰু আধুনিকতাৰ জাকজমকতাৰ এক অভিজ্ঞতা প্ৰদান কৰিব৷ তেওঁ কয় যে এই কেন্দ্ৰটোত সাংস্কৃতিক বৈচিত্ৰ্য আৰু ধাৰণাগত ভব্যতা আছে আৰু ই আধ্যাত্মিকতা আৰু শৈক্ষিক কাৰ্যসূচীৰ ওপৰত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিব য’ত পণ্ডিত আৰু বিশেষজ্ঞসকলে একত্ৰিত হ’ব।প্ৰধানমন্ত্ৰীয়ে বান্দিপুৰ আৰু মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে
April 09th, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তামিলনাডুত বান্দিপুৰ তথা মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে। তেওঁ মুদুমলাই টাইগাৰ ৰিজাৰ্ভত থেপ্পাকডু হাতী কেম্পো ভ্ৰমণ কৰে, য'ত তেওঁ মাউত আৰু কাৱাড়িসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু হাতীক খাদ্য খুৱায় । প্ৰধানমন্ত্ৰীয়ে অস্কাৰ বিজেতা বৃত্তচিত্ৰ, দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছত দেখুওৱা হাতী পালকৰ সৈতে বাৰ্তালাপো কৰে।মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 09th, 01:00 pm
প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
April 09th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
March 29th, 04:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতলৈ স্থানান্তৰিত কৰি অনা এজনী চিতাবাঘে চাৰিটা পোৱালী জন্ম দিয়াত সন্তোষ প্ৰকাশ কৰিছে।এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 10th, 09:43 pm
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 10th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷India is a rapidly developing economy and continuously strengthening its ecology: PM Modi
September 23rd, 04:26 pm
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.PM inaugurates the National Conference of Environment Ministers of all States in Ekta Nagar, Gujarat
September 23rd, 09:59 am
PM Modi inaugurated National Conference of Environment Ministers in Ekta Nagar, Gujarat via video conferencing. He said that the role of the Environment Ministry was more as a promoter of the environment rather than as a regulator. He urged the states to own the measures like vehicle scrapping policy and ethanol blending.কুনো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া চিতা মুকলি কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
September 17th, 11:51 am
মানৱতাৰ সন্মুখত খুব কমেহে এনে সময় আহে যেতিয়া সময়ৰ চক্ৰই আমাক অতীত সংশোধন কৰি এক নতুন ভৱিষ্যত গঢ়াৰ সুযোগ দিয়ে। আজি সৌভাগ্যক্ৰমে আমাৰ হাতলৈ এনে এক ক্ষণ আহিছে। কেইবা দশক পূৰ্বে, জৈৱ বৈচিত্ৰ্যৰ বহু পুৰণি সংযোগ বিচ্ছিন্ন হৈছিল, বিলুপ্ত হৈ গৈছিল, আৰু আজি আমি ইয়াক পুনৰুদ্ধাৰৰ সুযোগ পাইছো। আজি, ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। আৰু মই এইটোও ক'ম যে এই চিতাবোৰৰ লগতে ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনাও সম্পূৰ্ণৰূপে জাগ্ৰত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত মই সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।