ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ মন্তব্য

October 24th, 11:20 am

এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

September 03rd, 08:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী জোহান ৱাডেফুলৰ সৈতে বৈঠকত মিলিত হয়। ভাৰত আৰু জাৰ্মানীয়ে কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰ উদযাপন কৰিছে। সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে আমি বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, বহনক্ষমতা, উৎপাদন আৰু গতিশীলতাৰ ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতা বৃদ্ধি কৰাৰ অপৰিসীম সম্ভাৱনা দেখিছো, শ্ৰী মোদীয়ে কয়।

ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা

August 29th, 08:12 pm

আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ

August 19th, 08:34 pm

ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ

August 19th, 07:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কমিউনিষ্ট পাৰ্টিৰ পলিটব্যুৰোৰ সদস্য তথা চীনৰ বৈদেশিক মন্ত্ৰী শ্ৰী ৱাং য়িক আদৰণি জনায়।

টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 28th, 08:00 pm

শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে

March 28th, 06:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

ভাৰত - কাটাৰ যুটীয়া বিবৃতি

February 18th, 08:17 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে কাটাৰৰ মহামান্য আমিৰ শ্বেখ তামিম বিন হামাদ আল-থানিয়ে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰত ভ্ৰমণ কৰে। মহামহিম আমিৰৰ সৈতে দেশখনৰ মন্ত্ৰী, বিষয়া আৰু ব্যৱসায়িক নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলেও ভাৰতত পদাৰ্পণ কৰেহি। মহামহিম আমিৰৰ ভাৰতলৈ এয়া দ্বিতীয়টো আনুষ্ঠানিক ভ্ৰমণ আছিল।

উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 09th, 10:15 am

ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে

January 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।

স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ‘ভাৰত-স্পেইনৰ যুটীয়া বিবৃতি’ (২৮-২৯ অক্টোবৰ, ২০২৪)

October 28th, 06:32 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি শ্ৰী পেদ্ৰো ছানচেজে ২৮-২৯ অক্টোবৰ, ২০২৪ তাৰিখে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিতত থাকে। এয়া আছিল ৰাষ্ট্ৰপতি ছানচেজৰ প্ৰথমটো ভাৰত ভ্ৰমণ আৰু ১৮ বছৰৰ পিছত স্পেইন চৰকাৰৰ কোনো এগৰাকী ৰাষ্ট্ৰপতিৰো প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে পৰিবহন আৰু বহনক্ষম গতিশীলতা দপ্তৰৰ মন্ত্ৰী, উদ্যোগ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী আৰু এটা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া-বৰ্গ আৰু ব্যৱসায়িক প্ৰতিনিধিৰ দল উপস্থিত আছিল।

ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী

October 07th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজ্জুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা যুটীয়া প্ৰেছ বিবৃতিৰ পাঠ

October 07th, 12:25 pm

মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু তেওঁৰ প্ৰতিনিধিদললৈ উষ্ম আদৰণি জনাই আৰম্ভ কৰিব খুজিছোঁ।

২০২৩ বেটচৰ আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 29th, 06:35 pm

ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) ২০২৩ বেটচৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেখেতৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৩ বেটচত ১৫ খন ভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৬ গৰাকী আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থী আছে।

পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

August 21st, 09:07 am

মই আজিৰেপৰা পোলেণ্ড আৰু ইউক্ৰেইনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছোঁ।

PM Modi condoles the demise of Shri Natwar Singh

August 11th, 08:17 am

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the demise of former External Affairs Minister Shri Natwar Singh today.

এছচিঅ' সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

July 04th, 01:29 pm

২০১৭ চনত কাজাখাস্তানৰ অধ্যক্ষতাৰ সময়ত ছাংহাই সহযোগিতা সংস্থা (এছচিঅ')ত সদস্য হিচাপে ভাৰত অন্তৰ্ভুক্ত হৈছিল বুলি দেশে প্ৰশংসাৰে স্মৰণ কৰে। ভাৰতে ২০২০ চনত চৰকাৰী মুৰব্বী পৰিষদৰ লগতে ২০২৩ চনত ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠক দুখন আয়োজন কৰিছিল। এছচিঅ'য়ে আমাৰ বৈদেশিক নীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।