গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 28th, 10:25 am

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 28th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।

ছিকিমৰ গেংটকত যুৱক-যুৱতীসকলৰ সৈতে প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

April 28th, 09:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত পুৱাৰ ভাগত যুৱক-যুৱতীসকলৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰে।

TMC came to power by lying in the name of “Maa, Maati, Manush”: PM Modi in Dakshin Dinajpur, West Bengal

April 11th, 11:40 am

PM Modi addressed a massive rally Dakshin Dinajpur, West Bengal. In his speech, he prioritised women’s safety, justice, and empowerment, outlining measures like fast-tracking cases, increasing women police recruitment, and financial support initiatives. He remarked that while the BJP believes in Sabka Saath, Sabka Vikas, it will also ensure that ‘hisaab’ is fulfilled in West Bengal.

Massive public meetings in Purba Bardhaman, Jangipur & Dakshin Dinajpur, West Bengal

April 11th, 11:30 am

Tapping into the growing momentum in West Bengal, PM Modi addressed a massive public gathering in Purba Bardhaman, highlighting BJP’s vision for a fear-free, Viksit Bengal while launching a sharp attack on the TMC government over corruption, lawlessness and appeasement politics.

মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

March 29th, 11:30 am

চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

August 31st, 11:30 am

এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

July 08th, 08:30 pm

ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।

২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 29th, 11:30 am

নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

Prime Minister attends Arabian Gulf Cup as Guest of Honour of His Highness the Amir of Kuwait

December 21st, 10:24 pm

On the invitation of His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al-Sabah, the Amir of Kuwait, Prime Minister Shri Narendra Modi attended the opening ceremony of the 26th Arabian Gulf Cup in Kuwait as his ‘Guest of Honour’.

নতুন দিল্লীত ১ম বড়োলেণ্ড মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

November 15th, 06:32 pm

আজি কাতি পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষ। আজি দেৱ দীপাৱালীও উদযাপন কৰা হৈছে। এই উৎসৱত দেশবাসীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গুৰু নানক দেৱ জীৰ ৫৫৫ সংখ্যক প্ৰকাশ পৰ্বও। এই উপলক্ষে সকলো দেশবাসীক, বিশেষকৈ সমগ্ৰ বিশ্বতে থকা শিখ ভাই-ভনীসকলক অভিনন্দন জনাইছোঁ। আজি সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱসো উদযাপন কৰা হৈছে। আজি পুৱা বিহাৰৰ জমুইত ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত অংশ লৈ এতিয়া সন্ধিয়া ইয়াত প্ৰথম বড়ো মহোৎসৱ উদ্বোধন কৰিছোঁ। প্ৰথম বড়োলেণ্ড মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন ৰাজ্যৰপৰা বড়ো সমাজৰ লোকসকল আহিছে। ইয়াত শান্তি, সংস্কৃতি আৰু সমৃদ্ধিৰ নতুন ভৱিষ্যৎ উদযাপন কৰিবলৈ সমবেত হোৱা সকলো বড়ো বন্ধুকে অভিনন্দন জনাইছোঁ।

Prime Minister Shri Narendra Modi inaugurates the 1st Bodoland Mohotsav at Delhi

November 15th, 06:30 pm

Prime Minister Shri Narendra Modi today inaugurated the 1st Bodoland Mohotsav, a two day mega event on language, literature, and culture to sustain peace and build a Vibrant Bodo Society. Addressing the gathering, Shri Modi greeted the citizens of India on the auspicious occasion of Kartik Purnima and Dev Deepavali. He greeted all the Sikh brothers and sisters from across the globe on the 555th Prakash Parva of Sri Gurunanak Dev ji being celebrated today. He also added that the citizens of India were celebrating the Janjatiya Gaurav Divas, marking the 150th birth anniversary of Bhagwan Birsa Munda. He was pleased to inaugurate the 1st Bodoland Mohotsav and congratulated the Bodo people from across the country who had come to celebrate a new future of prosperity, culture and peace.

চি-২৯৫ এয়াৰক্ৰাফ্ট ফেক্টৰীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 28th, 10:45 am

মহামহিম পেড্ৰ’ ছানচেজ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং জী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এছ জয়শংকৰ জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্পেইন আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীগণ, এয়াৰবাছ আৰু টাটা টিমৰ সকলো বন্ধু, দেৱী আৰু সজ্জনসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে গুজৰাটৰ বদোদৰাত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে যুটীয়াভাৱে টাটা বিমান কমপ্লেক্স উদ্বোধন কৰে

October 28th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী শ্ৰী পেদ্ৰো চানচেজে আজি গুজৰাটৰ বদোদৰাস্থিত টাটা এডভান্সড চিষ্টেম লিমিটেড (টিএএছএল) চৌহদত চি-২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা বিমান কমপ্লেক্সযুটীয়াভাৱে উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰোঅভিজ্ঞতা লয়।

The Shehzada of Congress aims to impose an ‘Inheritance Tax’ to loot the people of India: PM Modi in Kolhapur'

April 27th, 05:09 pm

People of Kolhapur accorded PM Modi a fabulous welcome as he addressed a political rally in Maharashtra ahead of the Lok Sabha elections, in 2024. Citing the popularity of football in Kolhapur, PM Modi said, “The I.N.D.I alliance have inflicted two self-goals owing to their politics of hate & anti-India tendencies.” PM Modi said that in the recently concluded two phases of polling the message is clear ‘Fir ek Baar Modi Sarkar.’

Kolhapur's fabulous welcome for PM Modi during mega rally

April 27th, 05:08 pm

People of Kolhapur accorded PM Modi a fabulous welcome as he addressed a political rally in Maharashtra ahead of the Lok Sabha elections, in 2024. Citing the popularity of football in Kolhapur, PM Modi said, “The I.N.D.I alliance have inflicted two self-goals owing to their politics of hate & anti-India tendencies.” PM Modi said that in the recently concluded two phases of polling the message is clear ‘Fir ek Baar Modi Sarkar.’

গুৱাহাটী, অসমত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 19th, 08:42 pm

খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে এই খেলসমূহ। এই খেলসমূহৰ মেস্কট এটা পখিলা অষ্টলক্ষ্মী তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মই প্ৰায়ে ভাৰতৰ অষ্টলক্ষ্মী বুলি কওঁ। এই খেলসমূহত এটা পখিলাক মেস্কট কৰি তোলাটোও উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষাবোৰে কেনেদৰে নতুন ডেউকা পাবলৈ ধৰিছে তাৰ প্ৰতীক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ চুক-কোণৰ পৰা অহা আপোনালোক সকলো খেলুৱৈয়ে গুৱাহাটীত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক ভৱিষ্যৎ ছবি সৃষ্টি কৰিছে। আপোনালোকে উঠিপৰি খেলক, কঠোৰভাৱে খেলক, নিজকে জয়ী কৰক...নিজৰ দলটোক জয়ী কৰক...আৰু হাৰিলেও টেনচন ল'বলগীয়া নাই। হাৰিলেও ইয়াৰ পৰা বহু কথা শিকি যাব।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আয়োজিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সম্বোধন কৰে

February 19th, 06:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ভাষণ প্ৰদান। প্ৰধানমন্ত্ৰী মোদীয়ে পখিলাৰ আকৃতিৰঅষ্টলক্ষ্মী, অৰ্থাৎ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শুভংকৰৰকথা উল্লেখ কৰে। প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মীবুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই খেলসমূহত পখিলাটোক শুভংকৰ কৰি তোলাটোও উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে।“