ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 11th, 09:30 pm
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাষ্ট্ৰসংঘৰ মহাসচিব শ্ৰী এণ্টনিঅ’ গুটৰেছৰ সৈতে এখনি বৈঠকত মিলিত হয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উজবেকিস্তান ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
August 30th, 05:56 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজবেকিস্তানলৈ চৰকাৰী ভ্ৰমণ কৰে।উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতি
August 30th, 01:30 pm
উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰেছ বিবৃতিফ্ৰান্সৰ ইভিয়ানত জি-৭ত ''নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ'' বিষয়ক অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
June 16th, 10:12 pm
প্ৰযুক্তি আৰু যোগান শৃংখলক অস্ত্ৰ হিচাপে নহয়, বিশ্বৰ মংগলৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মোৰ বিশ্বাস আছে। উন্নয়নৰ সুযোগ কেইখনমান দেশতে সীমাবদ্ধ নাথাকিব বুলি মই ভাবো। বিশ্বৰ প্ৰতিষ্ঠানসমূহে সকলো দেশৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও মোৰ বিশ্বাস আছে।ফ্ৰান্সত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনত “নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” বিষয়ক অধিৱেশনত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 16th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ‘“নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় সংহতি পুনৰ নিৰ্মাণ” শীৰ্ষক অধিৱেশনত ভাষণ দিয়ে।প্ৰধানমন্ত্ৰীৰ কৃষক কল্যাণ, আধুনিক কৃষি সুবিধা আৰু কৃষি খণ্ডৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত
June 11th, 04:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ কৃষক ভাই-ভনীসকল হৈছে দেশৰ খাদ্য সুৰক্ষা, পুষ্টি আৰু সমৃদ্ধিৰ স্তম্ভ। চৰকাৰে তেওঁলোকৰ জীৱন সহজ কৰি তুলিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। তেওঁ উল্লেখ কৰে যে পিএম-কিষাণ সন্মান নিধি আৰু ফচল বীমা যোজনাৰ দৰে উদ্যোগসমূহে তেওঁলোকৰ উপাৰ্জন সুৰক্ষিত কৰি কৃষিৰ সবলীকৰণ কৰিছে, আনহাতে পিএম-কুসুম আঁচনিখনে সুলভ সৌৰ শক্তি প্ৰদান কৰিছে, যাৰ ফলত কৃষি ব্যয় হ্ৰাস পাইছে।খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।বিশেষ অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
May 20th, 12:30 am
কিছুসময় পূৰ্বে ইটালীৰ ৰোমত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তেওঁ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইটালী ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম চাৰ্জিঅ’ মাটাৰেলা আৰু প্ৰধানমন্ত্ৰী মেল’নিৰ সৈতে আলোচনাত মিলিত হ’ব।নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 11:49 pm
আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 18th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত অনুষ্ঠিত ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজকুমাৰ হাকন আৰু নৰৱে’ৰ প্ৰধানমন্ত্ৰী জ’নাছ গৰ ষ্ট’ৰেও সন্মিলনত অংশগ্ৰহণ কৰে।নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত প্ৰধানমন্ত্ৰী
May 17th, 02:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত থকা ডাচ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ (Catshuis)ত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়।সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।ভাৰত - কোৰিয়া গণৰাজ্যৰ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত যুটীয়া বিবৃতি
April 20th, 10:55 pm
“দুয়ো পক্ষ” বুলি অভিহিত কৰি ভাৰত গণৰাজ্য আৰু কোৰিয়া গণৰাজ্যই জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক আৰু মেৰুৰ বিষয়ত ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে বিশ্ব বহনক্ষমতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।ফলাফলৰ তালিকা : অষ্ট্ৰিয়াৰ ফেডাৰেল চেন্সেলৰ ড° খ্ৰীষ্টিয়ান ষ্টোকাৰৰ ভাৰত ভ্ৰমণ
April 16th, 03:01 pm
এই চুক্তিয়ে দুয়োখন দেশৰ চলচ্চিত্ৰ উদ্যোগৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব আৰু যুটীয়াভাৱে চলচ্চিত্ৰ নিৰ্মাণ, সৃষ্টিশীল বিনিময় আৰু অধিক সাংস্কৃতিক সংযোগৰ সুবিধা প্ৰদান কৰিব।পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।ভাৰত-কানাডাৰ নেতাসকলৰ যুটীয়া বিবৃতি
March 02nd, 05:05 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাৰ্ক কাৰ্নীয়ে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ভাৰত ভ্ৰমণ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্নীয়ে ভাৰত ভ্ৰমণৰ প্ৰথমটো আছিল আৰু ২০১৮ চনৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণ।প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে আছিল কানাডাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল , য’ত আছিল জ্যেষ্ঠ মন্ত্ৰী, প্ৰাদেশিক নেতা আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল।ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
March 02nd, 05:04 pm
ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ