"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।কৃষি আৰু কৃষকসকলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
April 20th, 08:36 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কৃষি হৈছে আমাৰ সমৃদ্ধিৰ ভেটি আৰু কৃষক ভাই-ভনীসকল হৈছে দেশৰ অন্নদাতা। তেওঁ কয় যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণে দেশৰ প্ৰগতি নিশ্চিত কৰে।কৰ্ণাটকৰ মাণ্ডিয়াত শ্ৰীগুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 15th, 11:10 am
পৰম পূজ্য জগদগুৰু শ্ৰী শ্ৰী শ্ৰী ডঃ নিৰ্মলানন্দনাথ মহাস্বামীজী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় এইচ. ডি. দেৱগৌড়া জী, ৰাজ্যখনৰ ৰাজ্যপাল শ্ৰী থাওৱাৰ চান্দ গেহলট জী, পৰম পূজ্য জগদগুৰু স্বামী পৰমাতমানন্দ সৰস্বতী জী, কেন্দ্ৰৰ মোৰ সহযোগী এইচ. ডি. কুমাৰস্বামী জী, শোভা কৰান্দলাজে জী, কৰ্ণাটকৰ বিৰোধী দলৰ নেতা আৰ. অশোক জী, ৰাজ্যিক মন্ত্ৰী এন. চেলুৱাৰায়স্বামী জী, সকলো সন্মানীয় সাধক, অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত বৃহৎ সংখ্যাত সমবেত হোৱা সকলো ভাই-ভনীসকল।কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী ক্ষেত্ৰ আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মাণ্ডিয়াৰ শ্ৰী আদিকুঞ্চনগিৰিস্থিত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ ক্ষেত্ৰ উদ্বোধন কৰে। এই অনুষ্ঠানৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰৰ উন্মোচন আৰু উচ্চ স্তৰৰ সাধুসকলৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। ঐতিহাসিক জৱলা পীঠত সময় অতিবাহিত কৰা আৰু ভক্তসকলৰ বিশাল সমাগমক সম্বোধন কৰা কাৰ্যই তেওঁৰ মনত এনে এক শক্তিশালী আবেগ জগাই তোলে যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, এই ঐশ্বৰিক অভিজ্ঞতা মোৰ স্মৃতিত চিৰদিনৰ বাবে সজীৱ হৈ থাকিব।উত্তৰ প্ৰদেশৰ নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
March 28th, 12:15 pm
উদ্বোধন হৈ গ'ল নেকি? উদ্বোধন হৈ গ'ল নেকি? নাই, এতিয়ালৈকে আধা কামহে কৰা হৈছে। মই কেৱল পৰ্দাখন উন্মোচন কৰিছো; কিন্তু মই বিচাৰিছো যে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰক। গতিকে প্ৰত্যেকই মোবাইল ফোন উলিয়াই, টৰ্চ অন কৰক আৰু আপোনালোকেই উদ্বোধন কৰক। আপোনালোকৰ মোবাইল ফোনৰ লাইট জ্বলাৰ লগে লগেই —আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিয়ে এই বিমানবন্দৰটো উদ্বোধন কৰিলে। এয়া আপোনালোকৰ সম্পদ; এয়া আপোনালোকৰ ভৱিষ্যত; এয়া আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু উদ্যোগৰ ফল। ঠিক সেইবাবেই ইয়াৰ উদ্বোধনী আপোনালোকৰ হাতেৰেই কৰা হৈছে। হাত দুখন ওপৰলৈ তুলি কওক, ভাৰত মাতা কী জয় । আপোনালোকৰ টৰ্চবোৰ সকলোকে দেখাকৈ উজ্জ্বলভাৱে জিলিকিবলৈ দিয়ক! ভাৰত মাতা কী জয় !ভাৰত মাতা কী জয় ! ভাৰত মাতা কী জয় ! আপোনালোকক অশেষ ধন্যবাদ। এতিয়া—উদ্বোধন সম্পূর্ণ হ'ল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ১১,২০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে
March 28th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। এই উপলক্ষ্যে গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিত উত্তৰ প্ৰদেশৰ এক নতুন অধ্যায় আৰম্ভ হৈছে, বিকশিত ভাৰতৰ অভিযানতো এয়া এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্বেয়াৰ লগতে কয় যে তেওঁ দুটা কথাত অধিক গৌৰৱ অনুভৱ কৰিছে , প্ৰথমতে, এই বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আৰু এতিয়া ইয়াৰ উদ্বোধন কৰাৰ সুবিধা পোৱাৰ বাবে আৰু দ্বিতীয়তে, এই সুন্দৰ বিমানবন্দৰটিৰ নাম উত্তৰ প্ৰদেশৰ সৈতে জড়িত। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এইখনেই ৰাজ্য যিয়ে মোক নিজৰ প্ৰতিনিধি হিচাপে বাছি লৈ মোক সংসদৰ সদস্য কৰিছিল আৰু ইয়াৰ পৰিচয় এতিয়া এই সুন্দৰ বিমানবন্দৰৰ সৈতে জড়িত।ভাৰতত উপস্থিত স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজ
February 18th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে স্পেইন চৰকাৰৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে ১৮–১৯ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে। তেওঁ এআই ইমপেক্ট ছামিট ২০২৬ত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে।২০২৪ চনৰ ২৭–২৯ অক্টোবৰত দ্বিপাক্ষিক ভ্ৰমণ কৰাৰ পিছত পিছত এয়া হৈছে তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ।তেওঁৰ সৈতে তেওঁৰ সৈতে ডিজিটেল ৰূপান্তৰ আৰু অসামৰিক সেৱা দপ্তৰৰ মন্ত্ৰী অস্কাৰ লোপেজ আগুয়েডা আৰু স্পেইনৰ কৃষি, মীন তথা খাদ্য মন্ত্ৰী লুইছ প্লেনাছ পুচাডেছেও আহিছে। ভাৰতত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাষ্ট্ৰপতি ছানচেজে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, আন্তঃগাঁথনি, জলবায়ু আৰু নবীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, সংস্কৃতি, পৰ্যটন আৰু জনসাধাৰণৰ আদান-প্ৰদানকে ধৰি নানান বিষয়ত ভাৰত–স্পেইনৰ মাজত থকা সম্পৰ্কৰ বিষয়সমূহ পৰ্যালোচনা কৰা হয়। নেতাদ্বয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ ইতিবাচক গতিক আদৰণি জনায় আৰু ২০২৪ চনৰ অক্টোবৰ মাহত তেওঁলোকে যৌথভাৱে উদ্বোধন কৰা ভদোদৰা প্ৰকল্পত চি-২৯৫ পৰিবহণ বিমানৰ চূড়ান্ত সমাবেশ লাইনৰ বাবে টাটা–এয়াৰবাছৰ সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ত সন্তোষ প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষ্যে চলিত বছৰত উদযাপন কৰা ভাৰত–স্পেইনৰ সংস্কৃতি, পৰ্যটন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বৰ্ষটোত দ্বিপাক্ষিক প্ৰযুক্তি, উদ্ভাৱন, ব্যৱসায় আৰু জনসাধাৰণৰ সম্পৰ্কক অধিক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি ছানচেজে এআই ইমপেক্ট ছামিটৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে আৰু ইয়াৰ ফলাফলে বিশ্ব এআই শাসন প্ৰণালীক গঢ় দিয়াত অৰ্থপূৰ্ণ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাক এক পৰিৱৰ্তনশীল শক্তি হিচাপে স্বীকৃতি দি সৰ্বাংগীন উন্নয়ন তথা সমাজৰ লাভৰ বাবে ইয়াৰ সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ ভাৰত–স্পেইনৰ ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। তেওঁলোকে ভাৰতৰ নতুন শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। এই প্ৰেক্ষাপটত তেওঁলোকে ২০২৬ চনৰ ১৯–২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু স্পেইনৰ বিশ্ববিদ্যালয়ৰ ৰেক্টৰৰ সন্মিলনকো আদৰণি জনায়।তেওঁলোকে দুয়োখন দেশৰ পৰ্যটনৰ ক্ষেত্ৰত অব্যাহত থকা আকৰ্ষণীয় বিকাশৰ কথা উল্লেখ কৰে । এনে বিকাশে দেশ দুখনত অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাইছে আৰু জনসাধাৰণৰ সম্পৰ্কক আগুৱাই লৈ গৈছে বুলি তেওঁলোকে মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে স্পেইনৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক বিশেষকৈ এছ টি ই এম আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন শিক্ষা নীতিৰ অধীনত ভাৰতত চৌহদ মুকলি কৰিবলৈ আমন্ত্ৰণ জনায়।যুটীয়া বিবৃতিঃ ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ
January 19th, 08:10 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০২৬-ৰ ১৯ জানুৱাৰীত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ভাৰত ভ্ৰমণ কৰে। যোৱা দহ বছৰৰ ভিতৰত এয়া মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ পঞ্চমটো ভাৰত ভ্ৰমণ আৰু ইউএই-ৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ তৃতীয়টো চৰকাৰী ভ্ৰমণ।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 05th, 03:45 pm
মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 25th, 06:16 pm
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 06:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 16th, 07:29 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী মেটে ফ্ৰেডৰিকচনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত আইএফএছ বিষয়াসকলৰ
August 19th, 08:34 pm
ভাৰতীয় বৈদেশিক সেৱাৰ ২০২৪ বৰ্ষৰ প্ৰশিক্ষণৰত বিষয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত সাক্ষাৎ কৰে। ২০২৪ বৰ্ষৰ বেটছত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩জন আইএফএছ প্ৰশিক্ষাৰ্থী বিষয়া আছে।৭ আগষ্টত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব
August 06th, 12:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ আগষ্টত নতুন দিল্লীৰ আইচিএআৰ পুছাত পুৱা ৯ বজাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত সভাত তেওঁ ভাষণো প্ৰদান কৰিব।যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ
July 09th, 05:55 am
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।