হাৰিয়ানাৰ জিন্দত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

July 17th, 12:00 pm

এইবোৰ ইয়ালৈ অনা কিছুমান ফটো- অনুগ্ৰহ কৰি সংগ্ৰহ কৰক, নহ’লে পিছফালে বহি থকাসকলে চাব নোৱাৰিব৷ এছ পি জিৰ কৰ্মীসকল, অনুগ্ৰহ কৰি সংগ্ৰহ কৰক। ধন্যবাদ ভাই, ইমান ধুনীয়া ছবিবোৰৰ বাবে। তাত সৰু ছোৱালী এজনীয়েও কিবা এটা আনিছে- অনুগ্ৰহ কৰি সেয়াও সংগ্ৰহ কৰক। ইয়াতো দুজন ভদ্ৰলোক দেখা গৈছে। আৰু এতিয়া, সকলোৱে অনুগ্ৰহ কৰি আৰামত বহিব। আপোনালোকৰ মৰমৰ বাবে, এই কলাত্মক সাধনাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

July 17th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দত প্ৰায় ১৪,৭০০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই স্থানত উপস্থিত হৈ গভীৰ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে শক্তি পীঠ মাতা জয়ন্তীৰ দ্বাৰা অনন্যভাৱে আশীৰ্বাদপুষ্ট অঞ্চলটোৰ সমৃদ্ধ ঐতিহাসিক, সামৰিক আৰু আধ্যাত্মিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে। কেইবা দশক পূৰ্বে সাংগঠনিক কৰ্তব্যৰ বাবে চহৰখনত তেওঁৰ প্ৰাৰম্ভিক ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ লাভ কৰা অবিস্মৰণীয় মৰমৰ কথা স্মৰণ কৰে, যি অন্তৰ্নিহিতভাৱে মুৰা ম’হৰ দুগ্ধজাত সামগ্ৰী, দেশী বুৰা আৰু ঘেৱৰৰ দৰে স্থানীয় ৰন্ধন সামগ্ৰীৰ সৈতে জড়িত। ‘এয়া কোনো সাধাৰণ ঠাই নহয়; ইয়াৰ ইতিহাস, সাহসিকতা, ধৰ্ম আৰু অপৰিসীম গৌৰৱেৰে গভীৰ।’ শ্ৰী মোদীয়ে কয়।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ক গোলকীয় উদযাপন কৰি তোলাৰ বাবে কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

June 21st, 10:00 pm

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ ক প্ৰকৃতাৰ্থত গোলকীয় উদযাপন হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সেৱা তীৰ্থত যোগ অধিৱ্শেন অনুষ্ঠিত

June 21st, 03:51 pm

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি নতুন দিল্লীৰ সেৱা তীৰ্থত এক যোগ অধিৱেশনৰ আয়োজন কৰা হয়।

পশ্চিমবংগৰ কলকাতাত উদযাপন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

June 21st, 06:45 am

মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী আৰ. এন. ৰবিজী, উদ্যমী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীজী, কেন্দ্ৰত মোৰ সহযোগী প্ৰতাপ ৰাও যাদৱজী, আন সকলো গণ্যমান্য ব্যক্তি, ইয়াত কলকাতাত সমবেত হোৱা সকলো অংশগ্ৰহণকাৰী, দেশ-বিদেশত অনুষ্ঠিত যোগ দিৱসত যোগদান কৰা বন্ধুকল আৰু মোৰ মৰমৰ দেশবাসী!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে

June 21st, 06:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাৰ ৰেড ৰোডৰ পৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শ্ৰী মোদীয়ে সহস্ৰাধিক যোগ সাধকৰ সৈতে ‘কমন যোগ প্ৰট’কল’ অধিবেশনত অংশগ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বৰ জনগণক অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে ২১ জুন তাৰিখটো বিশ্বৰ বহু ঠাইত বছৰৰ আটাইতকৈ দীঘলীয়া দিন আৰু ই যোগৰ জৰিয়তে মানৱতাৰ অন্যতম বৃহৎ সামূহিক উদযাপন হিচাপেও আত্মপ্ৰকাশ কৰিছে।

গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱা অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ বিগত ১২ বছৰত চলোৱা প্ৰচেষ্টাসমূহ আলোকপাত প্ৰধানমন্ত্ৰীৰ

June 14th, 01:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উল্লেখ কৰে যে যোৱা ১২ বছৰত ভাৰতে গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱাক অধিক সুলভ আৰু সহজলভ্য কৰি তুলিবলৈ কাম কৰিছে। তেওঁ উল্লেখ কৰে যে যেতিয়া আমাক বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা কাৰ্যসূচী 'আয়ুষ্মান ভাৰত'ৰ দেশ হিচাপে জনা যায়, যিয়ে আটাইতকৈ অসুৰক্ষিত শ্ৰেণীক সৰ্বোচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰে, তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ।

মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

March 29th, 11:30 am

চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ

February 09th, 10:30 am

মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷

পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।

নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

January 28th, 04:00 pm

কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।

দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

Today, Sansad Khel Mahotsav has truly become a people’s movement: PM Modi

December 25th, 05:30 pm

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.

Our country is full of talent in every village and town: PM Modi

December 25th, 11:10 am

PM Modi interacted with young sportspersons from across the country during the Sansad Khel Mahotsav, listening to their journeys, aspirations and experiences. Encouraging them to balance sports with education, he lauded their discipline, dedication and confidence. The PM reaffirmed the government’s commitment to nurturing grassroots sporting talent and building a strong sporting ecosystem in India.

PM Modi addressed the Sansad Khel Mahotsav via video conferencing

December 25th, 11:09 am

PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 28th, 03:35 pm

শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ২৪ সংখ্যক মহন্ত শ্ৰীমদ বিদ্যাধীশ তীৰ্থ স্বামীজী, মাননীয় ৰাজ্যপাল শ্ৰী অশোক গজপতি ৰাজু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ভ্ৰাতৃ প্ৰমোদ সাৱন্ত জী, মঠ কমিটিৰ অধ্যক্ষ শ্ৰী শ্ৰীনিবাস ডেম্পো জী, উপাধ্যক্ষ শ্ৰী আৰ.আৰ. কামাত জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থসকল শ্ৰী শ্ৰীপদ নাইক জী আৰু দিগম্বৰ কামাত জী। আন-আন সকলো বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত শ্ৰী সংস্থান গোকৰ্ণ পৰ্বগালি জীৱোত্তম মঠৰ ৫৫০-বছৰ উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ অনুষ্ঠানত ভাগ লৈ তেওঁৰ মন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছে। তেওঁ কয় যে সন্তসকলৰ সান্নিধ্যত অৱস্থান কৰাটো এক আধ্যাত্মিক অভিজ্ঞতা। ইয়াত উপস্থিত থকা ভালে সংখ্যক ভক্তই এই মঠৰ শতিকা পুৰণি জীৱন্ত শক্তিক অধিক বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি এই অনুষ্ঠানত জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছে। তেওঁ উল্লেখ কৰে যে ইয়ালৈ অহাৰ আগতে তেওঁ ৰাম মন্দিৰ আৰু বীৰ বিঠাল মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ কয় যে তাৰ প্ৰশান্ত পৰিবেশে এই অনুষ্ঠানৰ আধ্যাত্মিকতাক গভীৰ কৰি তুলিছে।

কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 28th, 11:45 am

মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।