বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 19th, 06:42 pm

ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সৈতে, দুয়োগৰাকী নেতাই উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত বহনক্ষমতা তথা ডিজিটেলাইজেচনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেলাইজেচন, এআই, 5জি/6জি, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, বহনক্ষমতা, নৱীকৰণযোগ্য শক্তি, চক্ৰীয় অৰ্থনীতি, উদ্ভাৱন, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ে পৰ্যালোচনা কৰে।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

May 19th, 04:25 pm

গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

এন এক্স টি সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 10:47 pm

আজি, ১২ মাৰ্চ, এক অতি ঐতিহাসিক দিন। ১৯৩০ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পৰিৱৰ্তন আছিল কাৰণ এই যাত্ৰাই দেশৰ প্ৰতিটো কোণক এটা লক্ষ্যৰ সৈতে সংযোগ কৰিছিলঃ ভাৰতৰ স্বাধীনতা। আজি, এই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পাছত, আমি ভাৰতীয়সকলে আন এক যাত্ৰা আৰম্ভ কৰিছো। এই যাত্ৰা হৈছে উন্নত ভাৰতৰ (বিকশিত ভাৰত) যাত্ৰা। আমাৰ লক্ষ্য এটা, আমাৰ গন্তব্য এক-উন্নত ভাৰত। আৰু এই লক্ষ্য প্ৰাপ্ত কৰাত, এনে শিখৰত হোৱা মন্থন আৰু সেইবোৰৰ পৰা আহৰণ কৰা অমৃতে এক ডাঙৰ ভূমিকা পালন কৰে। নেক্সট সন্মিলনলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। দেশ আৰু বিশ্বৰ পৰা বহুতো সহকৰ্মী ইয়ালৈ আহিছে; কিছুমান পুৰণি পৰিচিতও। আপোনালোক সকলোকে মই শুভেচ্ছা জনাইছো।

এন এক্স টি সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

March 12th, 08:30 pm

প্ৰধানমন্ত্ৰীয়ে আজি আই টিভি নেটৱৰ্কৰ এন এক্স টি সন্মিলনত ভাষণ দাণ্ডি যাত্ৰাৰ ঐতিহাসিক বাৰ্ষিকী উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ ক্ষেত্ৰত বৰ্তমানৰ অন্বেষণৰ মাজত এখন সমান্তৰাল চিত্ৰ দাঙি ধৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ১৯৩০ চনত দেশখনক স্বাধীনতাৰ দিশত একত্ৰিত কৰাৰ দৰে বৰ্তমানৰ ‘বিকশিত ভাৰত’ অভিযান হৈছে ১৪০ কোটি ভাৰতীয়ৰ সামূহিক লক্ষ্য। ‘আজি সেই ঐতিহাসিক যাত্ৰাৰ প্ৰায় ১০০ বছৰৰ পিছত আমি ভাৰতীয়সকলে পুনৰ এবাৰ ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছো’, প্ৰধানমন্ত্ৰীয়ে কয়।

Prime Minister attends Raisina Dialogue 2026

March 05th, 08:31 pm

PM Modi today attended the Raisina Dialogue 2026 in New Delhi. In a post on X, the PM said he listened to the insightful address by Finland President Alexander Stubb, in which he covered a wide range of subjects.

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী ভ্ৰমণ সন্দৰ্ভত ভাৰত-ফিনলেণ্ডৰ যুটীয়া বিবৃতি

March 05th, 08:03 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টাব ২০২৬ চনৰ ৪-৭ মাৰ্চত ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ষ্টাবে নতুন দিল্লী আৰু মুম্বাই ভ্ৰমণ কৰিছে আৰু তেওঁৰ সৈতে আছে ফিনলেণ্ডৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীমতী ছাৰী মুল্টালা, ফিনলেণ্ডৰ নিয়োগ মন্ত্ৰী শ্ৰী মাটিয়াছ মাৰ্টিনেন তথা বিষয়া আৰু বাণিজ্যিক নেতৃত্বৰে গঠিত এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ৫ মাৰ্চত নতুন দিল্লীত ৰাইচিনা ডায়ালগৰ একাদশ সংস্কৰণ উদ্বোধন কৰে আৰু ৰাষ্ট্ৰপতি ষ্টাবে মুখ্য অতিথি হিচাপে উদ্বোধনী ভাষণ প্ৰদান কৰে। ২০২৬ চনৰ ফেব্ৰুৱাৰীত এআই ইম্পেক্ট সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্টেৰি অৰ্পোৰ ভ্ৰমণৰ পাছতে ৰাষ্ট্ৰপতি ষ্টাবৰ এই ভ্ৰমণ।

ফলাফলৰ তালিকাঃ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ

March 05th, 04:36 pm

ফিনলেণ্ড ভাৰতীয় পেছাদাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ প্ৰযুক্তি আৰু উদ্ভাৱন খণ্ডৰ ক্ষেত্ৰত। প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্বৰ বুজাবুজি চুক্তিয়ে প্ৰতিভাৰ গতিশীলতাক সহজ কৰি তুলিব।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

March 05th, 11:55 am

মহোদয়, এই বছৰৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে আপোনাৰ দৰে এগৰাকী অভিজ্ঞ আৰু প্ৰগতিশীল নেতাক পোৱাটো আমাৰ বাবে অতি গৌৰৱৰ বিষয়।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবক ভাৰতলৈ আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে

March 04th, 12:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবক আদৰণি জনায়। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ফিনলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

এআই ইমপেক্ট ছামিটৰ সময়তে ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী পেট্টেৰী অৰ্পোৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

February 18th, 05:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এআই ইমপেক্ট ছামিটৰ সময়তে ১৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত ফিনলেণ্ড গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমান পেট্টেৰী অৰ্পোৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ষষ্ঠদশ ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ সময়ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিক আদৰণি জনায়। এই চুক্তিয়ে ভাগ-বতৰা কৰা প্ৰগতি আৰু সমৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব। ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব বজাই ৰাখি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ বাবে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতিবদ্ধ হয়।

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

February 18th, 02:04 pm

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম পেট্টেৰী অৰপোৱে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

August 27th, 08:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈত টেলিফোনিত বাৰ্চালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 16th, 05:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে আজি এক টেলিফোনিক বাৰ্তালাপ কৰে।

দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন

May 04th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।

ফিনলেণ্ডৰ প্রধানমন্ত্রীৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক

May 04th, 04:33 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দ্বিতীয় ভাৰত-নর্ডিক সন্মিলন সমান্তৰালভাৱে ফিনলেণ্ডৰ প্রধানমন্ত্রী শ্ৰীমতী ছান্না মাৰিনৰ সৈতে এক বৈঠকত মিলিত হয়৷ দুয়োগৰাকী প্রধানমন্ত্রীৰ এয়াই প্রথম মুখামুখী সাক্ষাৎ৷

ভাৰত-ফিনলেণ্ড ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

March 16th, 05:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনে আজি এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে আৰু পৰস্পৰৰ আগ্ৰহ থকা বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়৷

ভাৰত-ফিনলেণ্ড ভাৰ্চুৱেল সন্মিলন

March 16th, 05:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনে আজি এক ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে আৰু পৰস্পৰৰ আগ্ৰহ থকা বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়৷