পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 22nd, 09:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়ৰ ওপৰত বাজেটৰ পাছৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 27th, 01:01 pm
এই বছৰৰ প্ৰথম বাজেট ৱেবিনাৰত মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। যোৱা কেইটামান বছৰ ধৰি বাজেট ৱেবিনাৰ এক শক্তিশালী পৰম্পৰাত পৰিণত হৈছে। প্ৰায়ে বাজেট বিভিন্ন মাপকাঠীৰ ওপৰত মূল্যায়ন কৰা হয়, কেতিয়াবা ষ্টক বজাৰৰ পদক্ষেপৰ বিষয়ে কথা কোৱা হয়, কেতিয়াবা আয়কৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰাটো কেন্দ্ৰবিন্দু হৈ পৰে। সঁচা কথাটো হ’ল যে ৰাষ্ট্ৰীয় বাজেট এখন হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰ নহয়, ই এক নীতিগত ৰোডমেপ। সেয়েহে, বাজেটৰ ফলপ্ৰসূতাও দৃঢ় মাপকাঠিৰ ওপৰত বিচাৰ কৰিব লাগে। আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা, ঋণৰ প্ৰবাহ সহজ কৰা, ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা, প্ৰশাসনত স্বচ্ছতা বৃদ্ধি কৰা, জনসাধাৰণৰ জীৱন সহজ কৰা, তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা নীতিসমূহ। বাজেটত ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহে অৰ্থনীতিক স্থায়ী শক্তি প্ৰদান কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, বাজেটক পৃথকভাৱে চাব নালাগে, ই ৰাষ্ট্ৰ নিৰ্মাণৰ এক অবিৰত প্ৰক্ৰিয়া। প্ৰতিখন বাজেট এটা বৃহৎ লক্ষ্যৰ দিশত এক পদক্ষেপ আৰু আমাৰ সন্মুখত সেই ডাঙৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলা। প্ৰতিটো সংস্কাৰ, প্ৰতিটো আবণ্টন, প্ৰতিটো পৰিৱৰ্তনক এই দীঘলীয়া যাত্ৰাৰ অংশ হিচাপে চাব লাগিব। সেয়েহে, প্ৰতি বছৰে বাজেটৰ পাছত অনুষ্ঠিত হোৱা এই ৱেবিনাৰবোৰ অতি গুৰুত্বপূৰ্ণ। মোৰ আশা যে এই ৱেবিনাৰবোৰ ধাৰণাৰ আদান-প্ৰদানৰ মাজতে সীমাবদ্ধ নহ’ব, বৰঞ্চ ই এক ফলপ্ৰসূ চিন্তা-চৰ্চাৰ অনুশীলন হ’ব। আপোনাৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত পৰামৰ্শসমূহে নিশ্চিতভাৱে অৰ্থনৈতিক কৌশলসমূহ অধিক উন্নত কৰাত আৰু সমাধান বিচাৰি উলিওৱাত সহায় কৰিব। যেতিয়া উদ্যোগ, শিক্ষাবিদ, বিশ্লেষক আৰু নীতি নিৰ্ধাৰকসকলে একেলগে চিন্তা কৰে, আঁচনিসমূহৰ ৰূপায়ণ উন্নত হয়, ফলাফলবোৰ অধিক সঠিক হয়। সেয়াই এই ৱেবিনাৰ শৃংখলাৰ আঁৰৰ মনোভাৱ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয় সন্দৰ্ভত বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ
February 27th, 11:30 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৬-২৭ শৃংখলাৰ প্ৰথম বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।২৭ ফেব্ৰুৱাৰীত “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” বিষয়ক বাজেটৰ পোষ্ট ৱেবিনাৰত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
February 26th, 08:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত” শীৰ্ষক বাজেটৰ প’ষ্ট ৱেবিনাৰত ভাষণ দিব। ৱেবিনাৰত ৰাজহুৱা কেপেক্স, আন্তঃগাঁথনি, বেংকিং খণ্ডৰ সংস্কাৰ, বিত্তীয় খণ্ডৰ স্থাপত্য, মূলধনী বজাৰ গভীৰ কৰা আৰু কৰ সংস্কাৰৰ জৰিয়তে জীৱন-যাপনৰ সহজতাৰ বিষয়ত আলোচনা কৰা হ’ব। এয়া হৈছে কেন্দ্ৰীয় বাজেট ২০২৬–২৭ৰ মূল বিষয়বস্তুৰ আধাৰত আয়োজিত বাজেটৰ পিছৰ ৱেবিনাৰৰ শৃংখলাৰ প্ৰথমখন ৱেবিনাৰ। এই ৱেবিনাৰসমূহৰ লক্ষ্য হৈছে অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু অংশগ্ৰহণকাৰীসকলৰ পৰা গাঁথনিগত মতামত লাভ কৰি বিভিন্ন অংশীদাৰৰ ব্যৱহাৰিক অভিজ্ঞতা তথা অন্তৰ্দৃষ্টিৰ আধাৰত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাসমূহৰ ফলাফলমুখী ৰূপায়ণ শক্তিশালী আৰু নিশ্চিত কৰা।ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।“পৰীক্ষা পে চৰ্চা ২০২৬” অনুষ্ঠানৰ দ্বিতীয় খণ্ডত ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
February 09th, 10:30 am
মোৰ মৰমৰ বন্ধুসকল, পৰীক্ষ পে চৰ্চাৰ এই গুৰুত্বপূৰ্ণ সংস্কৰণলৈ স্বাগতম জনাইছো। এইবাৰ অলপ বেলেগ, অলপ বিশেষ। বহু ছাত্ৰ-ছাত্ৰীয়ে পৰামৰ্শ দিছিল যে দেশৰ বিভিন্ন প্ৰান্ততো পৰীক্ষা পে চৰ্চা অনুষ্ঠিত কৰিব লাগে। গতিকে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি এই আলোচনা কৰিবলৈ লৈছো। এই বিশেষ খণ্ডটোত তোমালোকে ঠিক সেয়াই দেখিবা।আৰম্ভ কৰোঁ তামিলনাডুৰ কইম্বাটুৰৰ পৰা।তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীসকলৰ শক্তি আৰু কৌতূহলে মোক বহুত আপ্লুত কৰিলে। এবাৰ চাওঁ আহা৷পৰীক্ষা পে চৰ্চা ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা (পি পি চি) ২০২৬ৰ নৱম সংস্কৰণৰ অংশ হিচাপে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পি পি চি ২০২৬ৰ দ্বিতীয় খণ্ডত কোইম্বাট’ৰ, ৰায়পুৰ, দেৱমোগ্ৰা আৰু গুৱাহাটীৰ পৰীক্ষা যোদ্ধাসকলৰ সৈতে এক অনানুষ্ঠানিক মত বিনিময় কৰিছিল। ‘পৰীক্ষা পে চৰ্চা’ৰ বিশেষ সংস্কৰণলৈ শিক্ষাৰ্থীসকলক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে এইবাৰ কাৰ্যসূচীটো দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল। কোইম্বাট’ৰৰ সংস্কৰণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে তামিলনাডুৰ শিক্ষাৰ্থীসকলৰ শক্তি আৰু কৌতূহলে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে। তেওঁলোকক ‘ৱনক্কম’ বুলি অভিবাদন জনাই তেওঁ সাধাৰণ বাৰ্তালাপত মিলিত হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰি কয় যে তেওঁক দেখা পোৱাৰ লগে লগে তেওঁলোকে নিজৰ চকুকেই বিশ্বাস কৰিব পৰা নাছিল। এক নাটকীয় প্ৰৱেশৰ আশা কৰিছিল কিন্তু তেওঁক সৰল, নম্র আৰু মাটিৰ ওপৰত থকা যেন অনুভৱ কৰিছিল। এজন শিক্ষাৰ্থীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে তেওঁৰ আগমনত গাৰ নোম শিয়ৰি উঠিছিল।জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ: অধিৱেশন ৩
November 23rd, 04:05 pm
প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।“সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত” শীৰ্ষক বিষয়ত জি-২০ অধিৱেশনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 04:02 pm
প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে, সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই হওক।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।পিএম ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনিৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ কাৰ্যকাল বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
August 27th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি (পিএম স্বনিধি) আঁচনি’ৰ পুনৰ গঠন আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত ঋণৰ সময়সীমা বৃদ্ধিৰ বাবে অনুমোদন জনাইছে।এই ঋণৰ সময়সীমা এতিয়া ২০৩০ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।এই আঁচনিৰ মুঠ ব্যয় হৈছে ৭,৩৩২ টকা কোটি টকা। পুনৰ গঠিত আঁচনিখনৰ জৰিয়তে ৫০ লাখ নতুন হিতাধিকাৰীকে ধৰি ১.১৫ কোটি হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।ব্ৰিকছৰ অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ : বিশ্ব শাসনৰ সংস্কাৰ
July 06th, 09:41 pm
সপ্তদশ ব্ৰিকছ সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্ৰাজিলৰ গতিশীল অধ্যক্ষতাৰ অধীনত আমাৰ ব্ৰিকছৰ সহযোগিতাই সতেজ গতি আৰু সজীৱতা লাভ কৰিছে৷ আৰু কওঁ—আমি যি শক্তি পাইছো সেয়া কেৱল এস্প্ৰেছ’ নহয়; ই এটা ডাবল এস্প্ৰেছ’ শ্বট! ইয়াৰ বাবে মই ৰাষ্ট্ৰপতি লুলাৰ দৃষ্টিভংগী আৰু তেওঁৰ অটল দায়বদ্ধতাক শলাগ লৈছো। ভাৰতৰ হৈ মোৰ বন্ধু ৰাষ্ট্ৰপতি প্ৰব’ৱ’লৈ ইণ্ডোনেছিয়া ব্ৰিকছ পৰিয়ালত অন্তৰ্ভুক্ত হোৱাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ সন্দৰ্ভত ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 06th, 09:40 pm
সম্প্ৰসাৰিত ব্ৰিকছ পৰিয়ালৰ এই বৈঠকত মোৰ বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ বিষয়। ব্ৰিকছ আউটৰিচ সন্মিলনত লেটিন আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে মোৰ মতামত বিনিময় কৰাৰ সুযোগ দিয়াৰ বাবে ৰাষ্ট্ৰপতি লুলাক মই আন্তৰিক ধন্যবাদ জনাইছো।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
July 06th, 09:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।Cabinet approves the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore
September 02nd, 06:30 pm
The Union Cabinet Committee chaired by the Prime Minister Shri Narendra Modi approved the Digital Agriculture Mission today with an outlay of Rs. 2817 Crore, including the central share of Rs. 1940 Crore.