মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 01st, 03:35 pm
আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে
May 01st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 04th, 08:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী মনোজ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ অভিনেতাজনক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতীক হিচাপে প্ৰশংসা কৰে, বিশেষকৈ তেওঁৰ চলচ্চিত্ৰসমূহত প্ৰতিফলিত হোৱা দেশপ্ৰেমৰ ভাৱনাৰ বাবে তেওঁক স্মৰণ কৰা হয়।প্ৰধানমন্ত্ৰীয়ে শ্ৰী এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত শোক প্ৰকাশ কৰে
December 26th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালায়ালম চলচ্চিত্ৰ আৰু সাহিত্যৰ অন্যতম সন্মানীয় ব্যক্তি শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী এম টি বাসুদেৱন নায়াৰ জীৰ কৰ্মৰাজিয়ে মানৱীয় আৱেগৰ গভীৰ অন্বেষণৰ দ্বাৰা প্ৰজন্মক গঢ় দিছে আৰু বহু লোকক অনুপ্ৰাণিত কৰি আহিছে।Prime Minister condoles passing away of veteran filmmaker Shri Shyam Benegal
December 23rd, 11:00 pm
The Prime Minister, Shri Narendra Modi has condoled the passing away of veteran filmmaker Shri Shyam Benegal.কিংবদন্তী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
December 14th, 11:17 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি শ্ৰী ৰাজ কাপুৰৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ তেওঁক এজন দূৰদৰ্শী চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু চিৰন্তন শ্ব’মেন হিচাপে প্ৰশংসা কৰে। শ্ৰী ৰাজ কাপুৰক কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয়, ভাৰতীয় চিনেমাক বিশ্ব মঞ্চলৈ লৈ যোৱা সাংস্কৃতিক ৰাষ্ট্ৰদূত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ প্ৰজন্মই তেওঁৰ পৰা অজস্ৰ শিকিবলগীয়া আছে।শ্ৰী বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা
June 10th, 11:44 am
বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, চিন্তাবিদ তথা যশস্বী কবি শ্ৰী বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।