প্ৰবীণ অভিনেতা শ্ৰী গোৱৰ্ধন আছৰানীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
October 21st, 09:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতা শ্ৰী গোৱৰ্ধন আছৰানীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। আজি এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অপৰিসীম অৱদান আৰু কেইবাটাও প্ৰজন্মৰ দৰ্শকৰ বাবে বিনোদন কঢ়িয়াই অনাৰ সামৰ্থ্যৰ কথা স্মৰণ কৰি কিংবদন্তি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিত্ব বি সৰোজা দেৱীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 14th, 03:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিত্ব বি সৰোজা দেৱীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 01st, 03:35 pm
আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে
May 01st, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।