ভাৰত আৰু ফিলিপিনছ চৰকাৰৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ ঘোষণা-পত্ৰ
August 05th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে ৪-৮ আগষ্ট, ২০২৫ চনৰলৈ ভাৰত ভ্ৰমণৰ বাবে আহিছে।ৰাষ্ট্ৰপতি মাৰ্কছৰ সৈতে তেওঁৰ পত্নী মেডাম লুইজ আৰানেটা মাৰ্কছ আৰু ফিলিপাইনছৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি এক উচ্চ পৰ্যায়ৰ চৰকাৰী প্ৰতিনিধি আৰু ব্যৱসায়িক প্ৰতিনিধি দলো আহিছে।ফলাফলৰ তালিকাঃ ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
August 05th, 04:31 pm
ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণাফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
August 05th, 03:45 pm
আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
August 05th, 11:06 am
পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ মাজত টেলিফোনৰে বাৰ্তালাপ
August 05th, 02:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।