Today, India has embarked on the Reform Express, aimed at making both life and business easier: PM Modi at the 18th Rozgar Mela
January 24th, 11:30 am
While addressing the 18th Rozgar Mela, PM Modi expressed his happiness that over 61,000 young people are receiving appointment letters for government services. He noted that India is entering into trade and mobility agreements with several countries, opening up vast new opportunities for young Indians. Highlighting the nation’s progress across sectors over the past decade, he urged the youth to work with the spirit of “Nagrik Devo Bhava.”প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অষ্টাদশ ৰোজগাৰ মেলাত ভাষণ
January 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১৮ সংখ্যক ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনসাধাৰণৰ জীৱনত নতুন সুখ কঢ়িয়াই অনাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক কৰ্তব্যৰ সৈতে সংযোগ কৰি ২০২৬ বৰ্ষ আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱা গণৰাজ্যৰ বিশাল উৎসৱৰ সৈতে মিলি যায়। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস উদযাপন কৰে আৰু কাইলৈ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব আৰু তাৰ পাছতে গণৰাজ্য দিৱস পালন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দিনটোও বিশেষ, কিয়নো এই দিনটোতে সংবিধানে ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই গুৰুত্বপূৰ্ণ দিনটোত ৬১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰি তেওঁলোকৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে এই নিযুক্তি পত্ৰসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ আৰু উন্নত ভাৰতৰ সৃষ্টি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব, শিক্ষা আৰু স্বাস্থ্যসেৱা তথা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব, বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰিব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে সকলো যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ
January 11th, 02:45 pm
গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া
November 26th, 10:10 am
মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে
November 26th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 25th, 06:16 pm
ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী দিমিত্ৰী পাত্ৰুশ্বেভ, মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী চিৰাগ পাছোৱান, ৰৱনীত জী, প্ৰতাপৰাও যাধৱ জী, বিভিন্ন দেশৰ সকলো মন্ত্ৰী, অন্যান্য প্ৰতিনিধি, অতিথি, ভদ্ৰমহিলাসকল !বিশ্ব খাদ্য ভাৰত ২০২৫ ৰ ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব খাদ্য ভাৰত ২০২৫ অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক, উদ্যোগী, বিনিয়োগকাৰী, উদ্ভাৱক, আৰু গ্ৰাহক সকলোৱে একেলগে একেস্থানত উপস্থিত হৈ বিশ্ব খাদ্য ভাৰতক নতুন যোগাযোগ, নতুন সংযোগ, আৰু সৃষ্টিশীলতাৰ মঞ্চ কৰি তুলিছে। তেওঁ কয় যে তেওঁ অলপ আগতে প্ৰদৰ্শনীসমূহ ভ্ৰমণ কৰিছে । তেওঁ সেয়া দৰ্শন কৰি সুখ প্ৰকাশ কৰে যে তাত প্ৰাথমিক গুৰুত্ব পুষ্টি, তেলৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু পেকেটত ভৰোৱা সামগ্ৰীৰ স্বাস্থ্যসন্মততা বৃদ্ধি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 29th, 11:20 am
অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে
August 29th, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23rd, 10:10 pm
In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 23rd, 05:43 pm
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 12th, 11:30 am
কেন্দ্ৰীয় চৰকাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চাকৰি প্ৰদানৰ বাবে আমাৰ অভিযান অব্যাহত আছে। আৰু আমাৰ পৰিচয়, কাৰো পৰামৰ্শ অবিহনে বা ব্যয় নোহোৱাকৈ কৰা। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিয়া হৈছে। এনে নিয়োগ মেলাৰ জৰিয়তে এতিয়ালৈকে লাখ লাখ যুৱকে ভাৰত চৰকাৰত স্থায়ী চাকৰি লাভ কৰিছে। এতিয়া এই যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত ডাঙৰ ভূমিকা পালন কৰিছে। আজিও আপোনালোকৰ বহুতেই ভাৰতীয় ৰে’লৱেত নিজৰ কৰ্তব্য আৰম্ভ কৰিছে, বহু বন্ধু এতিয়া দেশৰ নিৰাপত্তাৰক্ষী হ'ব, ডাক বিভাগত নিযুক্ত বন্ধুৱে প্ৰতিখন গাওঁলৈ চৰকাৰৰ সা-সুবিধাসমূহ যোগান ধৰিব, কিছুমান বন্ধু হ'ব হেল্থ ফৰ অল মিছনৰ যোদ্ধা, বহু যুৱকে আৰ্থিক অন্তৰ্ভুক্তিৰ ইঞ্জিন আৰু অধিক দ্ৰুত কৰিব আৰু বহু বন্ধুৱে ভাৰতৰ ঔদ্যোগিক উন্নয়নত নতুন গতি দিব। আপোনাৰ বিভাগবোৰ বেলেগ বেলেগ, কিন্তু লক্ষ্য এটা আৰু সেই লক্ষ্য কি, আমি বাৰে বাৰে মনত ৰাখিব লাগিব, আমাৰ লক্ষ্য এটাই। বিভাগ যিয়েই নহওক, কাম যিয়েই নহওক কিয়, পদ যিয়েই নহওক কিয়, অঞ্চল যিয়েই নহওক কিয়, লক্ষ্য এটাই-ৰাষ্ট্ৰীয় সেৱা। সূত্ৰটো এটা-নাগৰিক প্ৰথম। দেশৰ জনসাধাৰণৰ সেৱা কৰিবলৈ আপুনি বহুত ডাঙৰ মঞ্চ পাইছে। জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়ত ইমান ডাঙৰ সফলতা লাভ কৰাৰ বাবে আপোনালোক সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছো। এই নতুন যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।ৰোজগাৰ মেলাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 12th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাত আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানৰ নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সভাত আগবঢ়োৱা ভাষণত তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে নাগৰিক প্ৰথম নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 02nd, 05:34 pm
আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে
June 02nd, 05:00 pm
বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।