ফাষ্ট ট্ৰেক বিশেষ আদালতৰ বাবে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি পৰৱৰ্তী তিনি বছৰলৈ অব্যাহত ৰখাত কেবিনেটৰ অনুমোদন
November 29th, 03:53 pm
‘বেটি বচাও বেটি পঢ়াও’ কাৰ্য্যক্ৰমৰ দৰে এলানি পদক্ষেপে মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিতকৰণৰ অৰ্থে চৰকাৰৰ অদম্য অগ্ৰাধিকাৰক স্পষ্ট কৰি তুলিছে। কন্যা শিশু আৰু মহিলাক ধৰ্ষণৰ দৰে অনাকাংক্ষিত ঘটনাসমূহে ৰাষ্ট্ৰখনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। এনে কাণ্ডৰ সঘনতা আৰু অপৰাধীৰ দীৰ্ঘদিনীয়া বিচাৰৰ বাবে, বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে কৰিব পৰাকৈ আৰু যৌন অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলক তাৎক্ষণিকভাৱে সকাহ দিবলৈ এক সমৰ্পিত আদালত ব্যৱস্থাৰ স্থাপন আৱশ্যকীয় হৈ পৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ফৌজদাৰী আইন (সংশোধনী) আইন, ২০১৮ প্ৰণয়ন কৰে, যি ধৰ্ষণৰ অপৰাধীৰ মৃত্যুদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰশস্ত কৰে আৰু ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) গঠন কৰে।