Cabinet approves continuation of the PM-KISAN Scheme from 2026-27 to 2030-31 with a Financial Outlay of Rs.3.15 lakh crore
July 31st, 04:13 pm
The Union Cabinet, chaired by PM Modi, has approved the continuation of the PM-KISAN Scheme with an outlay of ₹3.15 lakh crore for 2026–31. The scheme will continue providing direct income support to eligible farmers, strengthening agricultural investment and rural prosperity.ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 15th, 12:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি ইয়াক ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন চুক্তিয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে দুয়োখন দেশৰ উমৈহতীয়া উচ্চাকাংক্ষাক তেওঁলোকৰ জনসাধাৰণৰ বাবে স্পষ্ট সুযোগলৈ ৰূপান্তৰিত কৰিব।প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।বিশাল দুপৰীয়াৰ আহাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 11th, 12:32 pm
মোক আৰু মোৰ প্ৰতিনিধি দলক আগবঢ়োৱা উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী লাক্সনৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। তেওঁলোকৰ উষ্ণ স্বাগতমে অকলেণ্ডৰ শীতকালটোও আজি কিছু পৰিমাণে শান্ত কৰি তুলিছে। এই ভ্ৰমণৰ সময়ত নিউজিলেণ্ডৰ জনসাধাৰণৰ পৰা আমি লাভ মৰম সদায় আমাৰ হৃদয়ত থাকিব।''ভাৰত-নিউজিলেণ্ড: এক বিজয়ী অংশীদাৰিত্ব'' শীৰ্ষক নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 11th, 12:30 pm
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে আয়োজন কৰা ভাৰত-নিউজিলেণ্ড: এটা বিজয়ী অংশীদাৰিত্ব শীৰ্ষক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে । এই বিশেষ অনুষ্ঠানত ৰাজনীতি, ব্যৱসায়, উদ্যোগ, শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, আৰু কলা ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আদৰণি ভাষণত প্ৰধানমন্ত্ৰী লাক্সনে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত গভীৰ তথা চিৰস্থায়ী হৈ থকা সম্পৰ্কৰ বিষয়ত আলোকপাত কৰে । লগতে তেওঁ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰা আৰু পাৰস্পৰিক সমৃদ্ধি আগুৱাই নিয়াৰ বাবে এক ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাডজত থকা সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ বিষয়ক আদৰণি জনায় আৰু ইয়াৰ দ্বাৰা সহযোগিতা অধিক গভীৰ হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অভিলেখ সময়ত সমাপ্ত হোৱা ভাৰত-নিউজিলেণ্ড এফ টি এয়ে দুয়োখন দেশৰ ব্যৱসায়ী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:50 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ ১১ বছৰ উদযাপন কৰি কয় যে এই উদ্যোগে প্ৰশাসনৰ ৰূপান্তৰ ঘটাইছে, নাগৰিকসকলক শক্তিশালী কৰিছে আৰু বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰিছে
July 01st, 12:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰশাসন, ৰাজহুৱা সেৱা প্ৰদান আৰু নাগৰিকৰ জীৱনত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ উদযাপন কৰে।মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)
June 28th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।পশ্চিমবংগৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 05:13 pm
এই মঞ্চত উপবিষ্ট ৰাজ্যপাল আৰ এন ৰবি জী, জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী জী, অন্যান্য বিশিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু বংগৰ মোৰ ভাই-ভনী - বাবা তাৰকনাথৰ এই পবিত্ৰ ভূমি, ঐতিহাসিক পশ্চিম বংগ দিৱসত ইমান বৃহৎ সমাৱেশৰ উপস্থিতিত, নিৰ্বাচনৰ পিছত আৰু শপতগ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত থাকিবলৈ পাই মই সন্মানিত অনুভৱ কৰিছো । বংগৰ বতাহে এতিয়া এক নতুন সতেজতা কঢ়িয়াই লৈ ফুৰে, প্ৰতিটো কণাই যেন এক নতুন সুগন্ধি বিয়পাই দিয়ে। এনে লাগে যেন বংগ শিকলিৰ পৰা মুক্ত হৈছে, যেন বংগৰ গৌৰৱ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে।পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 20th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 20th, 01:10 pm
সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 20th, 01:00 pm
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
June 19th, 11:54 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।প্ৰধানমন্ত্ৰীৰ ভাৰত-ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে প্ৰশংসা
June 17th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে যে ভাৰত-ব্ৰিটেইন ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি ১৫ জুলাই ২০২৬ ত বলৱৎ হ’ব।ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰীৰ কৃষক কল্যাণ, আধুনিক কৃষি সুবিধা আৰু কৃষি খণ্ডৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত
June 11th, 04:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ কৃষক ভাই-ভনীসকল হৈছে দেশৰ খাদ্য সুৰক্ষা, পুষ্টি আৰু সমৃদ্ধিৰ স্তম্ভ। চৰকাৰে তেওঁলোকৰ জীৱন সহজ কৰি তুলিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। তেওঁ উল্লেখ কৰে যে পিএম-কিষাণ সন্মান নিধি আৰু ফচল বীমা যোজনাৰ দৰে উদ্যোগসমূহে তেওঁলোকৰ উপাৰ্জন সুৰক্ষিত কৰি কৃষিৰ সবলীকৰণ কৰিছে, আনহাতে পিএম-কুসুম আঁচনিখনে সুলভ সৌৰ শক্তি প্ৰদান কৰিছে, যাৰ ফলত কৃষি ব্যয় হ্ৰাস পাইছে।মানৱ জীৱনত কৃষি আৰু শস্যৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশত শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
June 11th, 11:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশত শ্বেয়াৰ কৰি উল্লেখ কৰে যে কৃষি কেৱল জীৱিকাৰ উপায় নহয়, বৰং সমাজ আৰু ৰাষ্ট্ৰৰ পুষ্টিৰ মৌলিক আধাৰ।