
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।
ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।ইণ্ডিয়া ষ্টীল ২০২৫ অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 02:00 pm
আজি আৰু অহা ২ দিনত আমি ভাৰতৰ উদিত খণ্ড, তীখা খণ্ডৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰিবলৈ ওলাইছো। যিটো খণ্ড ভাৰতৰ প্ৰগতিৰ আধাৰ, যিটো উন্নত ভাৰতৰ শক্তিশালী ভেটি আৰু যিয়ে ভাৰতত বৃহৎ পৰিৱৰ্তনৰ নতুন কাহিনী লিখিছে। মই আপোনালোক সকলোকে ইণ্ডিয়া ষ্টীল ২০২৫ লৈ আদৰণি জনাইছো। মই নিশ্চিত যে এই অনুষ্ঠানে নতুন ধাৰণা ভাগ-বতৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে এক নতুন সুযোগৰ থলী হিচাপে কাম কৰিব। ইয়াৰ দ্বাৰা তীখা খণ্ডত নতুন অধ্যায়ৰ আৰম্ভণিৰ আধাৰ হিচাপে গঢ় লৈ উঠিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীত ভাষণ দিয়ে
April 24th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে মুম্বাইত ‘ইণ্ডিয়া ষ্টীল ২০২৫’ কাৰ্যসূচীৰ সময়ত তেওঁৰ মন্তব্য আগবঢ়ায়। সমবেত সকলক সম্বোধন কৰি তেওঁ কয় যে অহা দুদিনৰ আলোচনাত ভাৰতৰ ‘সূৰ্যোদয় খণ্ড’- তীখা উদ্যোগৰ সম্ভাৱনা আৰু সুযোগ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব। তেওঁ মন্তব্য কৰে যে এই খণ্ডই ভাৰতৰ প্ৰগতিৰ ভেটি গঢ়ি তুলিছে, উন্নত ভাৰতৰ আধাৰ শক্তিশালী কৰিছে আৰু দেশত ৰূপান্তৰৰ এক নতুন অধ্যায় ৰচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়া ষ্টীল ২০২৫’লৈ সকলোকে আদৰণি জনায় আৰু বিশ্বাস ব্যক্ত কৰে যে এই অনুষ্ঠানটোৱে নতুন ধাৰণা সহভাগ কৰা, নতুন অংশীদাৰিত্ব গঢ়ি তোলা আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে এক উত্ক্ষেপন মঞ্চ হিচাপে কাম কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই অনুষ্ঠানটোৱে তীখা খণ্ডত এক নতুন অধ্যায়ৰ ভেটি স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে
April 01st, 07:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 06th, 08:05 pm
আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে
March 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
March 06th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।প্ৰধানমন্ত্ৰীয়ে বাজেট-পৰৱৰ্তী তিনিখন ৱেবিনাৰত ৪ মাৰ্চত অংশগ্ৰহণ কৰিব
March 03rd, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ প্ৰায় ১২:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তিনিখন বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণ কৰিব। বাজেট-পৰৱৰ্তী পৰামৰ্শৰ অংশ হিচাপে এই ৱেবিনাৰসমূহ তলত উল্লেখ কৰা বিষয়বস্তুসমূহৰ ওপৰত আয়োজন কৰা হৈছে - বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাত সহজতা সম্পৰ্কীয় সংস্কাৰ। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সভাত ভাষণো দিব।কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 01st, 01:00 pm
বাজেটৰ পিছত বাজেটৰ সৈতে জড়িত ৱেবিনাৰত আপোনালোক সকলোৰে উপস্থিতি অতি গুৰুত্বপূৰ্ণ। এই কাৰ্যসূচীত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে
March 01st, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৃষি আৰু গ্ৰাম্য সমৃদ্ধিৰ ওপৰত বাজেট-পৰৱৰ্তী ৱেবিনাৰত ভাষণ দিয়ে। বাজেট-পৰৱৰ্তী ৱেবিনাৰত অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত যোগদান কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই কথাৰ ওপৰত আলোকপাত কৰে যে এই বছৰৰ বাজেট চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট, যিয়ে নীতিসমূহৰ ধাৰাবাহিকতা আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ নতুন সম্প্ৰসাৰণ প্ৰতিফলিত কৰে। বাজেটৰ পূৰ্বে সকলো অংশীদাৰৰ পৰা লাভ কৰা মূল্যৱান তথ্য আৰু পৰামৰ্শক তেওঁ স্বীকাৰ কৰে, যিবোৰ অতি উপযোগী আছিল। তেওঁ জোৰ দি কয় যে এই বাজেটখনক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত অংশীদাৰসকলৰ ভূমিকা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!