প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে
February 22nd, 11:30 am
চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।"পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ
February 06th, 10:21 am
শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
February 06th, 10:00 am
গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।#পৰীক্ষা পে চৰ্চা ২৬ত যোগদান কৰিবলৈ সকলোকে আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰীয়ে
February 05th, 09:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'বলগীয়া #পৰীক্ষা পে চৰ্চা ২৬ত যোগদান কৰিবলৈ সকলোকে আমন্ত্ৰণ জনায়। তেওঁ কয় যে এইবাৰৰ সংস্কৰণত পৰীক্ষাৰ সৈতে জড়িত অতি আকৰ্ষণীয় বিষয়সমূহ উল্লেখ কৰা হ’ব, বিশেষকৈ মানসিক চাপমুক্ত হৈ থকা আৰু শিক্ষণত মনোনিৱেশ কৰাৰ গুৰুত্বৰ বিষয়ে ।দেৱমোগ্ৰা, কইম্বাট’ৰ, ৰায়পুৰ, গুৱাহাটী আৰু দিল্লীৰ ৭, এলকেএমত পৰীক্ষা যোদ্ধাসকলৰ সৈতে বিশেষ পৰীক্ষা পে’ চৰ্চা খণ্ডটো সকলোকে চাবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
February 03rd, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগৰিকসকলক ২০২৬চনৰ ৬ফেব্ৰুৱাৰীত পৰীক্ষা পে’ চৰ্চাৰ বিশেষ খণ্ড চাবলৈ আমন্ত্ৰণ জনায়, যাতে এই আকৰ্ষণীয় কথোপকথন আৰু ভাৰতৰ তৰুণসকলৰ সামূহিক মনোভাৱৰ সাক্ষী হ'ব পাৰে।প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ #পৰীক্ষা পে চৰ্চাৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীক নিজৰ ধাৰণা তথা অভিমত প্ৰেৰণ কৰিবলৈ আমন্ত্ৰণ জনাইছে
January 07th, 07:05 pm
দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা চমু চাপি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বহু প্ৰত্যাশিত বাৰ্ষিক কাৰ্যসূচী পৰীক্ষা পে চৰ্চাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰিব।প্ৰধানমন্ত্ৰীয়ে চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ সকলোকে অভিনন্দন জ্ঞাপন কৰে
May 13th, 02:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চি. বি. এছ. ই.ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলোকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে লগতে কয়, এয়া তোমালোকৰ সংকল্প, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। আজি এই কৃতিত্বত অৰিহণা যোগোৱা পিতৃ-মাতৃ, শিক্ষক আৰু আন সকলোৱে পালন কৰা ভূমিকাক স্বীকৃতি দিয়াৰো দিন ।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।শ্ৰেষ্ঠ বিশেষজ্ঞ, ‘পৰীক্ষা যোদ্ধা’সকলৰ পৰা শুনক যিসকলে পৰীক্ষাৰ চাপ আৰু উদ্বেগ সফলতাৰে অতিক্ৰম কৰিব পাৰিছে: প্ৰধানমন্ত্ৰী
February 17th, 07:41 pm
‘পৰীক্ষা পে’ চৰ্চা ২০২৫’-ৰ এটা বিশেষ খণ্ড ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'ব, য'ত যুৱ পৰীক্ষা যোদ্ধাসকল থাকিব যি সকলে সফলতাৰে পৰীক্ষাৰ চাপ আৰু উদ্বেগ অতিক্ৰম কৰিছে। খণ্ডটোত পৰীক্ষাৰ চাপ, উদ্বেগ আৰু চাপৰ মাজতো উদ্বিগ্ন নোহোৱাকৈ থকা তেওঁলোকৰ অভিজ্ঞতা, ৰণনীতি আৰু অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰিব।পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী
February 15th, 05:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতমঃ প্ৰধানমন্ত্ৰী
February 14th, 08:15 pm
সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পৰীক্ষা পে চৰ্চাৰ চতুৰ্থ খণ্ড চাবলৈ সকলোকে আহ্বান জনায়।সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নীৰজ চোপ্ৰাৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
February 12th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।‘পৰীক্ষা পে’ চৰ্চা’ৰ আটাইকেইটা খণ্ড চাবলৈ সকলোলৈকে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে
February 11th, 02:57 pm
‘পৰীক্ষা পে’ চৰ্চা, ২০২৫’ৰ আটাইকেইটা খণ্ড চাবলৈ আৰু আমাৰ ‘পৰীক্ষা যোদ্ধা’সকলক উৎসাহিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।‘পৰীক্ষা পে’ চৰ্চা’ত ১২ ফেব্ৰুৱাৰীত ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’ সন্দৰ্ভত বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব: প্ৰধানমন্ত্ৰী
February 11th, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব, শ্ৰী মোদীয়ে লগতে কয়।‘পৰীক্ষা পে চৰ্চা’ আকৌ পালেহি আৰু সেয়াও নতুন আৰু সজীৱ ৰূপত!:প্ৰধানমন্ত্ৰী
February 06th, 01:18 pm
সকলো #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক #PPC2025 চাবলৈ আহ্বান জনাইছোঁ, চাপ-মুক্ত পৰীক্ষাৰ ভিন্ন দিশ সামৰি লোৱা ৮টা অতিশয় আকৰ্ষণীয় খণ্ডৰে ইয়াৰ আয়োজন কৰা হৈছে!: প্ৰধানমন্ত্ৰী‘পৰীক্ষা-যোদ্ধাসকলৰ কলা মহোৎসৱ’ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
January 07th, 07:33 pm
কলাৰ জৰিয়তে পৰীক্ষাৰ চাপৰ পৰা মুক্ত হ’বলৈ পৰীক্ষা-যোদ্ধাসকলে অনুষ্ঠিত কৰা কলা মহোৎসৱৰ প্ৰশংসা কৰে।The bond between students and teachers must be beyond syllabus and curriculum: PM Modi
January 29th, 11:26 am
PM Modi interacted with students, teachers and parents at Bharat Mandapam in New Delhi today during the 7th edition of Pariksha Pe Charcha (PPC). PM Modi urged the students to prepare themselves in advance to deal with stress and pressure situations. He said that students should possess the ability of standing firm against adverse situations and challenges.PM interacts with students, teachers and parents during Pariksha Pe Charcha 2024
January 29th, 11:25 am
PM Modi interacted with students, teachers and parents at Bharat Mandapam in New Delhi today during the 7th edition of Pariksha Pe Charcha (PPC). PM Modi urged the students to prepare themselves in advance to deal with stress and pressure situations. He said that students should possess the ability of standing firm against adverse situations and challenges.