
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অহা ১২ জানুৱাৰীত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰিব
January 10th, 09:21 pm
স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১২ জানুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ সময়ত তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গৰাকী যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সমাৱেশত ভাষণো প্ৰদান কৰিব।