PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu
March 01st, 04:30 pm
PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly pine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:35 pm
এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 05th, 05:00 pm
আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ
January 29th, 10:15 am
কালি ৰাষ্ট্ৰপতিৰ ভাষণ আছিল ১৪০ কোটি দেশবাসীৰ আস্থাৰ অভিব্যক্তি, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু ১৪০ কোটি দেশবাসী তথা অধিকাংশ যুৱক-যুৱতীৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক অতি নিখুঁত ভাষণ তথা সকলো সাংসদৰ বাবে বহুতো পথ প্ৰদৰ্শক দিশো কালি সদনত ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিছিল। মই নিশ্চিত যে সংসদৰ সকলো সন্মানীয় সদস্যই অধিৱেশনৰ আৰম্ভণিতে আৰু ২০২৬ চনৰ আৰম্ভণিতে সন্মানীয় ৰাষ্ট্ৰপতিয়ে সংসদৰ সদস্যসকলৰ আগত প্ৰকাশ কৰা প্ৰত্যাশা, ৰাষ্ট্ৰপ্ৰধান হিচাপে তেওঁ অতি সৰল শব্দত প্ৰকাশ কৰা ভাৱনাক গুৰুত্ব সহকাৰে লৈছে তথা এই অধিৱেশন নিজেই এক অতি গুৰুত্বপূৰ্ণ অধিৱেশন। এইখন বাজেট অধিৱেশন, একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈছে, এয়া হৈছে দ্বিতীয় অংশৰ আৰম্ভণি আৰু ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ সময়ছোৱা আৰম্ভ হৈছে আৰু এয়া হৈছে দ্বিতীয় অংশৰ প্ৰথম বাজেট, এই শতিকাৰ দ্বিতীয় অংশৰ এইখন প্ৰথম বাজেট সমাগত আৰু বিত্ত মন্ত্ৰী নিৰ্মলা মহাশয়া, দেশৰ প্ৰথম বিত্ত মন্ত্ৰী, প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী, যিগৰাকীয়ে দেশৰ সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছে। এয়া ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে।২০২৬ চনৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
January 29th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৬ চনৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণ ১৪০ কোটি নাগৰিকৰ আস্থাৰ অভিব্যক্তি, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ এক নিখুঁত প্ৰতিফলন। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ২০২৬ বৰ্ষ তথা অধিৱেশনৰ আৰম্ভণিতে সংসদৰ সকলো সদস্যৰ সন্মুখত কেইবাটাও পথ প্ৰদৰ্শন কৰিব পৰা বিষয় উত্থাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপ্ৰধান হিচাপে সৰল শব্দত প্ৰকাশ কৰা প্ৰত্যাশা নিশ্চিতভাৱে সকলো সাংসদৰ দ্বাৰা গুৰুত্বসহকাৰে লোৱা হৈছে, যাৰ ফলত এই অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী
January 27th, 06:48 pm
২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি
January 27th, 06:15 pm
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।ফলাফলৰ তালিকা: ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ ভাৰত ভ্ৰমণ
January 27th, 02:53 pm
২০৩০ৰ দিশেঃ ভাৰত-ইউৰোপীয় সংঘৰ এক যুটীয়া ব্যাপক কৌশলগত এজেণ্ডাইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
January 27th, 01:30 pm
ভাৰতলৈ এই ঐতিহাসিক ভ্ৰমণৰ সময়ত মোৰ দুই ঘনিষ্ঠ বন্ধু অধ্যক্ষ কষ্টা আৰু অধ্যক্ষ ভন ডাৰ লেয়েনক স্বাগতম জনাই মই অতিশয় আনন্দিত হৈছো।প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে
September 17th, 07:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ এটা ফোনকল গ্ৰহণ কৰে।Prime Minister interacts with President of the European Commission during G7 summit
June 18th, 03:04 pm
The Prime Minister Shri Narendra Modi held a fruitful discussion with the President of the European Commission, Ms. Ursula von der Leyen during the G7 Summit at Kananaskis, Canada on 17th June 2025.এই সপ্তাহত ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি
March 05th, 11:37 am
ভাৰতে গুৰুত্বপূৰ্ণ ঘৰুৱা খণ্ডসমূহত অগ্ৰগতি লাভ কৰাৰ সমান্তৰালভাৱে বিশ্ব অংশীদাৰসকলৰ সৈতে এটা সপ্তাহৰ ব্যাপক সংযোগ প্ৰত্যক্ষ কৰিছে। ইউৰোপীয় আয়োগৰ নেতৃত্বই ভাৰত ভ্ৰমণ কৰিছিল, লেটিন আমেৰিকাৰ সৈতে বাণিজ্যিক আলোচনা আগবাঢ়িছিল আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলে দেশখনত নিজৰ উপস্থিতি বৃদ্ধি কৰিছিল। ইফালে ভাৰতৰ লজিষ্টিক, স্বাস্থ্যসেৱা আৰু বিমান পৰিবহণ খণ্ডত এনে পৰিৱৰ্তন ঘটিছে, যিয়ে স্থায়ী অৰ্থনৈতিক প্ৰভাৱ পেলাব পাৰে।যৌথ বিবৃতি: ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বিতীয় বৈঠক, নতুন দিল্লী (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:25 pm
ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ (টিটিচি) দ্বিতীয়খন বৈঠক ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হয়।ইয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ; বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল; আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰযুক্তি সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু গণতন্ত্ৰৰ কাৰ্যবাহী উপ-সভানেত্ৰী শ্ৰীমতী হেনা ভিৰকুনেন, বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়ুক্ত, আন্তঃপ্ৰতিষ্ঠানিক সম্পৰ্ক আৰু স্বচ্ছতা শ্ৰী মাৰোছ শ্বেফচভিচ আৰু ষ্টাৰ্টআপ, গৱেষণা আৰু উদ্ভাৱনৰ আয়ুক্ত শ্ৰীমতী একাটেৰিনা জাহাৰিয়েভাই সহ-অধ্যক্ষতা কৰে।নেতাসকলৰ বিবৃতিঃ ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েন আৰু ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণ (২৭-২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।ইউৰোপীয় আয়োগৰ সভাপতিৰ সৈতে হোৱা পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণৰ লিখিত ৰূপ (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 01:50 pm
আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ইউৰোপীয় ইউনিয়নৰ কলেজ অৱ কমিচনাৰৰ ইমান বহল পৰিসৰত একক দেশৰ সৈতে জড়িত হোৱাটো অভূতপূৰ্ব। মোৰ ইমানবোৰ মন্ত্ৰীয়ে কোনো দ্বিপাক্ষিক আলোচনাৰ বাবে একত্ৰিত হোৱাটো প্ৰথম পৰিঘটনা। মোৰ মনত আছে যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা আলোচনাত আপুনি কেনেকৈ কৈছিল যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক স্বাভাৱিক অংশীদাৰ।আৰু ভাৰতৰ সৈতে সম্পৰ্ক সৱল আৰু শক্তিশালী কৰাটো, অনাগত দশকত ইউৰোপীয় ইউনিয়নৰ বাবে অগ্ৰাধিকাৰ হ’ব। আৰু এতিয়া, আপুনি আপোনাৰ নতুন কাৰ্যকালৰ একেবাৰে আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ বাবে এক মাইলৰ খুঁটিৰ মুহূৰ্ত।ইউৰোপিয়ান কমিচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত উৰ্চুলা ভন ডেৰ লেয়েনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
July 19th, 11:48 am
এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ বাবে তেখেত একেলগে কাম কৰিবলৈ আগ্ৰহী।