ইউৰোপীয় পৰিষদৰ অধ্যক্ষ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
January 27th, 01:30 pm
ভাৰতলৈ এই ঐতিহাসিক ভ্ৰমণৰ সময়ত মোৰ দুই ঘনিষ্ঠ বন্ধু অধ্যক্ষ কষ্টা আৰু অধ্যক্ষ ভন ডাৰ লেয়েনক স্বাগতম জনাই মই অতিশয় আনন্দিত হৈছো।চাইপ্ৰাছ গণৰাজ্য আৰু ভাৰত গণৰাজ্যৰ মাজত ব্যাপক অংশীদাৰিত্ব ৰূপায়ণ সন্দৰ্ভত যৌথ ঘোষণাপত্ৰ
June 16th, 03:20 pm
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা চাইপ্ৰাছলৈ ভ্ৰমণ। সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল ঐতিহাসিকভাবেই গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই থকা অংশীদাৰিত্বৰৰ কথাও প্ৰতিফলিত কৰিছে।