ফ্ৰান্সত অনুষ্ঠিত ‘ভাৰত ইনোভেটছ্ ২০২৬’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 04:36 pm
এই সম্পৰ্কৰ ভেটিৰ ওপৰত ভিত্তি কৰিয়েই বিগত বৰ্ষবোৰত আমি যৌথভাৱে নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ, নতুন চিন্তাধাৰাক পথ প্ৰদৰ্শন কৰিছোঁ আৰু গোলকীয় প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিয়াবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছোঁ।ভাৰত ইনোভেটছ ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনে আজি নাইচৰ পেলা ডে এক্সপ'জিচনছত যুটীয়াভাৱে ভাৰত ইনোভেটছ ২০২৬ উদ্বোধন কৰে। তিনিদিনীয়া এই অনুষ্ঠান 'ভাৰত ইনোভেটছ'-এ ভাৰতীয় ডিপ-টেক, ষ্টাৰ্ট-আপ, উদ্ভাৱক, গৱেষক আৰু বিনিয়োগকাৰীসকলক গোলকীয় উদ্ভাৱন পুঁজি আৰু প্ৰভাৱৰ সৈতে একত্ৰিত কৰিছে। ই বিশ্ব দৰবাৰত ভাৰতৰ আগশাৰীৰ গভীৰ প্ৰযুক্তি প্ৰদৰ্শন কৰে, য'ত গোলকীয় গুৰুত্বৰ ১৩টা গুৰুত্বপূৰ্ণ প্ৰযুক্তি স্তম্ভৰ বিপৰীতে ১২০টা যুগান্তকাৰী ষ্টাৰ্ট-আপ আৰু ২০টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উপস্থাপন কৰা হৈছে। সমগ্ৰ বিশ্বৰ ৩৫০জনতকৈও অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।ফ্ৰান্সত উপস্থিত হৈছেগৈ প্ৰধানমন্ত্ৰী মোদী
June 13th, 11:19 pm
ফ্ৰান্সৰ নাইচত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণৰ প্ৰথম পৰ্যায়টো আৰম্ভ কৰাৰ মুহূৰ্তত তেওঁক উষ্ম আদৰণি জনোৱা হয়। ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা শক্তিশালী আৰু দীৰ্ঘদিনীয়া সম্পৰ্কক প্ৰতিফলিত কৰি উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আৰু বিশেষভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণে ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্বৰ গভীৰতা আৰু বিভিন্ন খণ্ডত সহযোগিতা আগবঢ়াই নিয়াৰ উমৈহতীয়া দায়বদ্ধতাক আলোকপাত কৰিছে।প্ৰধানমন্ত্ৰীৰ যুৱ-নেতৃত্বাধীন উন্নয়নৰ দিশত চৰকাৰৰ শক্তিশালী পদক্ষেপ আৰু এক শক্তিশালী উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ উত্থানৰ ওপৰত আলোকপাত
June 13th, 11:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে যুৱ-নেতৃত্বাধীন উন্নয়নৰ দিশত দৃঢ়ভাৱে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে যোৱা ১২ বছৰৰ এক নিৰ্ণায়ক বৈশিষ্ট্য হৈছে ভাৰতৰ যুৱ প্ৰজন্মই তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাৰ আত্মবিশ্বাস লাভ কৰিছে।বিভিন্ন খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব আৰোপ
June 12th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত চৰকাৰে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে কৰা কাম সকলো ক্ষেত্ৰতে দৃশ্যমান হৈছে। তেওঁ উল্লেখ কৰে যে বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগশীলতাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, অনাময়, আৱাস, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰশাসনলৈকে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 04:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।“কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন” বিষয়ক বাজেট-উত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
March 06th, 01:14 pm
বাজেট ৱেবিনাৰ ছিৰিজৰ তৃতীয়খন ৱেবিনাৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ পূৰ্বে দুখন ৱেবিনাৰত প্ৰযুক্তি, সংস্কাৰ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আজি আমি গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বিষয়ে আলোচনা কৰিম। আপোনালোক সকলোৱে আপোনালোকৰ মূল্যৱান পৰামৰ্শৰে বাজেট প্ৰণয়নত অপৰিসীম অৰিহণা যোগাইছিল, আৰু আপোনালোকে আপোনালোকৰ পৰামৰ্শ বাজেটত প্ৰতিফলিত হোৱা দেখিছে, যিটো অতি সহায়ক বুলি প্ৰমাণিত হৈছে। যিহেতু বাজেট দাখিল হৈ গল, এতিয়া দেশখনে নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰাটো নিশ্চিত কৰিবলৈ আপোনালোকৰ অভিজ্ঞতা, পৰামৰ্শ আৰু এটা সহজ পন্থা অতি গুৰুত্বপূৰ্ণ। বাজেটৰ প্ৰতিটো পইচা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি কেনেকৈ নিশ্চিত কৰিম ? আমি যিমান পাৰো সোনকালে এইখিনি কেনেকৈ লাভ কৰিম ? সেয়েহে এই ৱেবিনাৰৰ বাবে আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ।কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত বাজেট-উত্তৰ ৱেবিনাৰত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 06th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।৬ মাৰ্চত “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
March 05th, 06:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মাৰ্চ, ২০২৬ৰ পুৱা ১১:১৫ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ” শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়াব।ভাৰত-কানাডাৰ নেতাসকলৰ যুটীয়া বিবৃতি
March 02nd, 05:05 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাৰ্ক কাৰ্নীয়ে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ভাৰত ভ্ৰমণ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্নীয়ে ভাৰত ভ্ৰমণৰ প্ৰথমটো আছিল আৰু ২০১৮ চনৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণ।প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে আছিল কানাডাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল , য’ত আছিল জ্যেষ্ঠ মন্ত্ৰী, প্ৰাদেশিক নেতা আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল।ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
March 02nd, 05:04 pm
ফলাফলৰ তালিকাঃ কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ এক দশক পূৰ্তিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
January 15th, 09:00 am
ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬ জানুৱাৰীৰ দিনৰ ১ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ এক দশক পূৰ্তিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 06:45 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে
January 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।ভাৰতীয় এআই ষ্টাৰ্ট-আপৰ সৈতে ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
January 08th, 02:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৭, লোক কল্যাণ মাৰ্গৰ তেওঁৰ বাসভৱনত ভাৰতীয় কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপৰ সৈতে ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰে।ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
December 18th, 12:32 pm
আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 12:31 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।Today, new doors of opportunity are opening for every Jordanian business and investor in India: PM Modi during the India-Jordan Business Forum
December 16th, 12:24 pm
PM Modi and HM King Abdullah II addressed the India-Jordan Business Forum in Amman, calling upon industry leaders from both countries to convert potential and opportunities into growth and prosperity. Highlighting India’s 8% economic growth, the PM proposed doubling bilateral trade with Jordan to US $5 billion over the next five years.