Prime Minister Narendra Modi Chairs Second High-Level Meeting with Secretaries of Government of India
July 28th, 08:48 pm
PM Modi chaired the second high-level meeting with Secretaries to the Government of India. The sectors discussed included Finance and Economy, Commerce and Industry and Technology. He stressed the need to reform processes, improve work culture and strengthen institutional efficiency, while also calling for greater participation of young innovators and entrepreneurs in the cybersecurity ecosystem.ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 15th, 12:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ভাৰত-ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) আৰু সামাজিক সুৰক্ষা চুক্তি সন্দৰ্ভত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি ইয়াক ভাৰত-ব্ৰিটেইন অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন চুক্তিয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰাৰ লগতে দুয়োখন দেশৰ উমৈহতীয়া উচ্চাকাংক্ষাক তেওঁলোকৰ জনসাধাৰণৰ বাবে স্পষ্ট সুযোগলৈ ৰূপান্তৰিত কৰিব।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 19th, 10:00 am
বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।PM Modi inaugurates India AI Impact Summit 2026
February 19th, 09:40 am
PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’.সংস্কৃত সুভাশিতমক শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়
December 29th, 11:24 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে আজি উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়-ইথিঅ'পিয়াৰ সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
December 17th, 12:25 pm
আজি আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পোৱাটো মোৰ বাবে এক পৰম সৌভাগ্যৰ মুহূৰ্ত। এইদৰে সিংহৰ দেশ ইথিঅ’পিয়া ভ্ৰমণ কৰাটো আচৰিত কথা। মোৰ ঘৰত থকা যেনেই লাগিছে। কাৰণ ভাৰতৰ মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বিচৰণভূমি।ইথিঅ’পিয়াত সংসদৰ যুটীয়া অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 17th, 12:12 pm
প্ৰধানমন্ত্ৰীয়ে ইথিঅ’পিয়াৰ সাংসদসকলক ভাৰতৰ জনসাধাৰণৰ তৰফৰ পৰা বন্ধুত্ব আৰু সদিচ্ছাৰ শুভেচ্ছা জনাই তেওঁৰ ভাষণ আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে সংসদত আৰু গণতন্ত্ৰৰ এই মন্দিৰৰ জৰিয়তে ইথিঅ’পিয়াৰ সাধাৰণ মানুহ-কৃষক, উদ্যোগী, গৌৰৱান্বিত মহিলা আৰু দেশৰ ভৱিষ্যত গঠন কৰা যুৱক-যুৱতীসকলৰ সৈতে কথা পাতিবলৈ পোৱাটো তেওঁৰ বাবে এক সৌভাগ্য। তেওঁ ইথিঅ’পিয়াৰ জনসাধাৰণ আৰু চৰকাৰক তেওঁক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা-‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে যে এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বহু বছৰ পুৰণি সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হৈছে।ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 27th, 11:01 am
কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 27th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।মেক ইন ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱাত আনন্দিত প্ৰধানমন্ত্ৰী
September 25th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।গ্ৰেটাৰ নয়দাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 25th, 10:22 am
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীবৰ্গ, উত্তৰপ্ৰদেশ বিজেপিৰ সভাপতি ভূপেন্দ্ৰ চৌধুৰী, উদ্যোগ খণ্ড সহযোগীসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল।উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়ডাত উত্তৰ প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 25th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়ডাত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনী ২০২৫ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সকলো ব্যৱসায়ী, বিনিয়োগকাৰী, উদ্যোগী আৰু যুৱ অংশগ্ৰহণকাৰীক আদৰণি জনায়। তেওঁ এই অনুষ্ঠানত ২২০০ৰো অধিক প্ৰদৰ্শকে নিজৰ সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰাত আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে এই সংস্কৰণৰ বাণিজ্যিক প্ৰদৰ্শনীৰ বাবে ৰাছিয়া দেশৰ অংশীদাৰ বুলি আলোকপাত কৰি সময়ৰ পৰীক্ষামূলক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, চৰকাৰী সহযোগী আৰু অন্যান্য অংশীদাৰসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই উপলক্ষে অন্ত্যোদয়াৰ পথত দেশক পথ প্ৰদৰ্শন কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখিছে প্ৰান্তীয় ব্যক্তিজনৰ উত্থান। তেওঁ দৃঢ়তাৰে কয় যে অন্ত্যোদয়াৰ অৰ্থ হ’ল উন্নয়নে দৰিদ্ৰ লোকৰ ওচৰলৈও যোৱাটো নিশ্চিত কৰা, সকলো ধৰণৰ বৈষম্য দূৰ কৰা। তেওঁ লগতে কয় যে ভাৰতে এতিয়া সৰ্বাংগীন উন্নয়নৰ এই আৰ্হিটোৱেই বিশ্বক আগবঢ়াইছে।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।Cabinet approves semiconductor unit in Uttar Pradesh
May 14th, 03:06 pm
The Union Cabinet, led by PM Modi, approved the establishment of a sixth semiconductor unit under the India Semiconductor Mission. A joint venture between HCL and Foxconn, the plant near Jewar airport will manufacture display driver chips for mobile phones, laptops, and more.১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।