Skyroot’s Infinity Campus is a reflection of India’s new vision, innovation and the power of our youth: PM Modi

November 27th, 11:01 am

PM Modi inaugurated Skyroot’s Infinity Campus in Hyderabad, extending his best wishes to the founders Pawan Kumar Chandana and Naga Bharath Daka. Lauding the Gen-Z generation, he remarked that they have taken full advantage of the space sector opened by the government. The PM highlighted that over the past decade, a new wave of startups has emerged across perse sectors and called upon everyone to make the 21st century the century of India.

Prime Minister Shri Narendra Modi inaugurates Skyroot’s Infinity Campus in Hyderabad via video conferencing

November 27th, 11:00 am

PM Modi inaugurated Skyroot’s Infinity Campus in Hyderabad, extending his best wishes to the founders Pawan Kumar Chandana and Naga Bharath Daka. Lauding the Gen-Z generation, he remarked that they have taken full advantage of the space sector opened by the government. The PM highlighted that over the past decade, a new wave of startups has emerged across perse sectors and called upon everyone to make the 21st century the century of India.

গুজৰাটৰ ছুৰাটত ভাৰতৰ বুলেট ট্ৰেইনৰ সৈতে জড়িত দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

November 16th, 03:50 pm

গতি ঠিক আছে বুলি ভাবিছেনে? আপোনালোকে নিৰ্ধাৰণ কৰা সময়সূচীত চলি আছেনে, নে আপোনালোকৰ কিবা সমস্যা হৈছে?

গুজৰাটৰ চুৰাটত নিৰ্মিত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে; মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা

November 16th, 03:47 pm

কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

November 09th, 01:00 pm

৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে

November 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।

মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 27th, 11:45 am

কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন

September 27th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

বিহাৰৰ পুৰ্ণিয়াত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী, আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 15th, 04:30 pm

সকলোকে প্ৰণাম জনাইছো। পুৰ্ণিয়া মা পূৰণ দেৱী, ভক্ত প্ৰহ্লাদ, মহৰ্ষি মেহী বাবাৰ কৰ্মক্ষেত্ৰ, এই ভূমিত ফণীশ্বৰ নাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে ঔপন্যাসিকৰ জন্ম হৈছে। এইখনেই বিনোৱা ভাবেৰ দৰে কৰ্মযোগীসকলৰ কৰ্মক্ষেত্ৰ, মই এই ভূমিক বাৰে বাৰে প্ৰণাম কৰোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

September 15th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে পূৰ্ণিয়া হৈছে মা পুৰাণ দেৱী, ভক্ত প্ৰহ্লাদ, আৰু মহৰ্ষি মেহি বাবাৰ ভূমি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ভূমিয়ে ফণীশ্বৰনাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে সাহিত্যিকৰ জন্ম দিছে। তেওঁ লগতে উল্লেখ কৰে যে ই বিনোৱা ভাৱেৰ দৰে নিষ্ঠাবান কৰ্মযোগীসকলৰ কৰ্মভূমি হৈ আহিছে আৰু এই ভূমিৰ প্ৰতি তেওঁ তেওঁৰ গভীৰ শ্ৰদ্ধাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে অভিযন্তা দিৱসত ছাৰ এম. বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

September 15th, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে ভাৰতৰত্ন ছাৰ এম. বিশ্বেশ্বৰায়লৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ অগ্ৰণী অৱদানে ভাৰতৰ আধুনিক অভিযান্ত্ৰিক বাতাবৰণৰ ভেটি স্থাপন কৰিছিল।

মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 13th, 10:30 am

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 13th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

নতুন দিল্লীত সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেটৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

August 11th, 11:00 am

অনুষ্ঠানত উপস্থিত শ্ৰী ওম বিৰলা মহাশয়, মনোহৰ লাল মহাশয়, কিৰেন ৰিজিজু মহাশয়, মহেশ শৰ্মা মহাশয়, সংসদৰ সন্মানীয় সদস্যসকল, লোকসভাৰ মহাসচিব তথা ভদ্ৰ লোক আৰু ভদ্ৰ মহিলাসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত সংসদ ভৱনৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত ফ্লেট উদ্বোধন

August 11th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খড়ক সিং মাৰ্গত সংসদৰ সদস্যসকলৰ বাবে ১৮৪টা নৱনিৰ্মিত টাইপ-সেভেন কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰে। এই উপলক্ষে সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ তেওঁ কৰ্তব্য পথত কৰ্তব্য ভৱন নামেৰে জনাজাত সাধাৰণ কেন্দ্ৰীয় সচিবালয় উদ্বোধন কৰাৰ পাছত আজি তেওঁ সংসদৰ সদস্যসকলৰ বাবে নৱনিৰ্মিত আৱাসিক কমপ্লেক্স উদ্বোধন কৰাৰ সুযোগ লাভ কৰে। তেওঁ ভাৰতৰ চাৰিখন মহান নদী-কৃষ্ণা, গোদাবৰী, কোচি আৰু হুগলীৰ নামেৰে নামকৰণ কৰা চৌহদটোৰ চাৰিটা স্তম্ভৰ বিষয়ে উল্লেখ কৰি কয় যে লাখ লাখ লোকক জীৱন দিয়া এই নদীসমূহে এতিয়া জনপ্ৰতিনিধিসকলৰ জীৱনত এক নতুন আনন্দৰ ধাৰা অনুপ্ৰাণিত কৰিব। তেওঁ লগতে কয় যে নদীসমূহৰ নামকৰণৰ পৰম্পৰাই দেশক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে নতুন ভৱনটোৱে দিল্লীত সাংসদসকলৰ জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিব। তেওঁ উল্লেখ কৰে যে দিল্লীত সাংসদসকলৰ বাবে চৰকাৰী আৱাসৰ উপলব্ধতা এতিয়া বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে সংসদৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিষ্ঠা আৰু পৰিশ্ৰমেৰে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে অভিযন্তা আৰু শ্ৰমজীৱিসকলক অভিনন্দন জ্ঞাপন কৰে।

ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

July 03rd, 12:32 am

তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 02nd, 05:34 pm

আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে

June 02nd, 05:00 pm

বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।