The development of Chandigarh has always been the absolute priority of our government: PM Modi

July 17th, 02:08 pm

Launching multiple development projects in Chandigarh, PM Modi asserted that the development of Chandigarh has always been an absolute priority of the current government. He detailed the massive structural changes implemented in the region over the past decade. Congratulating the residents on the inauguration of healthcare, education and infrastructure projects, he also praised the city for striving to improve its cleanliness rankings.

PM Modi launches multiple development projects worth over ₹4,700 crore in Chandigarh

July 17th, 01:45 pm

Launching multiple development projects in Chandigarh, PM Modi asserted that the development of Chandigarh has always been an absolute priority of the current government. He detailed the massive structural changes implemented in the region over the past decade. Congratulating the residents on the inauguration of healthcare, education and infrastructure projects, he also praised the city for striving to improve its cleanliness rankings.

India's Hydrogen Train stands as a remarkably successful testament to Make in India: PM Modi in Jind, Haryana

July 17th, 12:00 pm

PM Modi today launched various development projects in Jind, Haryana, spanning across sectors such as railways, highways, healthcare and cultural heritage. He also announced the launch of the country's first hydrogen-powered train. Celebrating the indigenous nature of this green mobility milestone, he emphasized that the entirely smoke-free train is a resounding, tangible triumph of the Make in India initiative. He noted that schemes like Khelo India and TOPS have benefited budding athletes.

PM Modi lays foundation stone and dedicates to the nation various development projects worth around ₹14,700 crore in Jind, Haryana

July 17th, 11:30 am

PM Modi today launched various development projects in Jind, Haryana, spanning across sectors such as railways, highways, healthcare and cultural heritage. He also announced the launch of the country's first hydrogen-powered train. Celebrating the indigenous nature of this green mobility milestone, he emphasized that the entirely smoke-free train is a resounding, tangible triumph of the Make in India initiative. He noted that schemes like Khelo India and TOPS have benefited budding athletes.

কলকাতাত আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ ত্ৰি-অন্তৰ্ভুক্তিকৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

June 21st, 12:51 pm

আজিৰ দিনটো বহুকেইটা দিশত বিশেষ দিন। আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এই উপলক্ষে বংগৰ এই মহান ভূমি উপস্থিত থকাৰ সুযোগ পাই মই নথৈ আনন্দিত হৈছোঁ। এইখনেই সেই ভূমি, যি ভাৰতক নতুন দিশ দিছে, ভাৰতৰ নৱজাগৰণক ইন্ধন যোগাইছে আৰু যুগ যুগ ধৰি ভাৰতক সাগৰৰ মাজেৰে বিশ্বৰ সৈতে সংযোগ কৰি ৰাখিছে। আজি ঠিক এই ভূমিতে আত্মনিৰ্ভৰ ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ আগতে আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক'বলৈ গ'লে আজি ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপেও পালন কৰা হয়। আৰু এইটো এটা আচৰিত কাকতালীয় সংযোগ যে আজিৰ দিনটোতে আমি ভাৰতৰ আটাইতকৈ উন্নত হাইড্ৰ'গ্ৰাফী জাহাজ আই এন এছ সংশোধক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিলোঁ। ভাৰতীয় নৌসেনালৈ, এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু মোৰ মৰমৰ দেশবাসীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মাণ কৰা নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰে মুকলি কৰে

June 21st, 12:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।

জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো

April 20th, 10:51 pm

২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।

কল্পক্কমত প্ৰ'টোটাইপ ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাৰ বাবে বিজ্ঞানী আৰু অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

April 06th, 10:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কল্পক্কমত থলুৱাভাৱে বিকশিত প্ৰ'টোটাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰৰ (পিএফবিআৰ) সফলতাৰে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাৰ বাবে ভাৰতৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনায়।

ভিচিৰ জৰিয়তে স্কাইৰুটৰ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 27th, 11:01 am

কেবিনেটত মোৰ সতীৰ্থ শ্ৰী জি. কিষাণ ৰেড্ডী জী; অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী শ্ৰী টি. জি. ভাৰত জী; ইন-স্পেচৰ অধ্যক্ষ শ্ৰী পৱন গোৱেংকা জী; স্কাইৰুট টীম; আন-আন গণ্যমান্য ব্যক্তি; ভদ্ৰলোক আৰু মহিলাসকল!

ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 27th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেলেংগানাৰ হায়দৰাবাদত স্কাইৰুটৰ ইনফিনিটি কেম্পাছ উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৰাষ্ট্ৰই মহাকাশ খণ্ডত এক অভূতপূৰ্ব সুযোগ প্ৰত্যক্ষ কৰিছে আৰু ব্যক্তিগত খণ্ডই উৰা মৰাৰ লগে লগে ভাৰতৰ মহাকাশ পৰিবেশতন্ত্ৰই এক বৃহৎ অগ্ৰগতি লাভ কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্কাইৰুটৰ ইনফিনিটি কেম্পাছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিক প্ৰতিফলিত কৰে আৰু দেশৰ যুৱক-যুৱতীসকলৰ উদ্ভাৱন, বিপদাশংকা গ্ৰহণৰ ক্ষমতা আৰু উদ্যমিতাই নতুন শিখৰত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে আজিৰ কাৰ্যসূচীয়ে আগন্তুক সময়ত বিশ্বৰ উপগ্ৰহ উৎক্ষেপণ পৰিস্থিতিতন্ত্ৰত ভাৰত কেনেদৰে অগ্ৰণী হৈ উঠিব তাৰ প্ৰতিফলন। তেওঁ শ্ৰী পৱন কুমাৰ চন্দনা আৰু শ্ৰী নাগা ভাৰত ডাকাক শুভেচ্ছা জ্ঞাপন কৰি উল্লেখ কৰে যে দুয়োজন যুৱ উদ্যমীয়ে সমগ্ৰ দেশৰ অগণন যুৱ মহাকাশ উদ্যমীৰ বাবে অনুপ্ৰেৰণা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োজনে নিজকে বিশ্বাস কৰিছিল, বিপদাশংকা গ্ৰহণ কৰিবলৈ সংকোচ কৰা নাছিল আৰু ইয়াৰ ফলস্বৰূপে সমগ্ৰ ৰাষ্ট্ৰই আজি তেওঁলোকৰ সফলতা প্ৰত্যক্ষ কৰিছে, দেশখনে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰিছে।

গুজৰাটৰ ছুৰাটত ভাৰতৰ বুলেট ট্ৰেইনৰ সৈতে জড়িত দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ

November 16th, 03:50 pm

গতি ঠিক আছে বুলি ভাবিছেনে? আপোনালোকে নিৰ্ধাৰণ কৰা সময়সূচীত চলি আছেনে, নে আপোনালোকৰ কিবা সমস্যা হৈছে?

গুজৰাটৰ চুৰাটত নিৰ্মিত বুলেট ট্ৰে্ইন ষ্টেচন পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে; মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰেল কৰিডৰৰ অগ্ৰগতিৰ পৰ্যালোচনা

November 16th, 03:47 pm

কেৰালাৰ এগৰাকী অভিযন্তাই গুজৰাটৰ নৱছাৰীৰ নইজ বেৰিয়াৰ ফেক্টৰীত কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰে, য’ত ৰিবাৰ কেজ ৱেল্ডিঙৰ বাবে ৰবটিক ইউনিট নিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইন নিৰ্মাণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কেনে অনুভৱ কৰে আৰু এই ঐতিহাসিক কৃতিত্বৰ বিষয়ে তেওঁৰ পৰিয়ালৰ সৈতে কি শ্বেয়াৰ কৰে বুলি প্ৰশ্ন কৰে। দেশৰ প্ৰথমখন বুলেট ট্ৰেইনত অৰিহণা যোগোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰি ইয়াক “সপোনৰ প্ৰকল্প” আৰু পৰিয়ালৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।

ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

November 09th, 01:00 pm

৯ নৱেম্বৰৰ এই দিনটো হৈছে দীঘলীয়া তপস্যাৰ ফল। আজি আমাৰ সকলোৰে বাবে এক গৌৰৱৰ দিন। উত্তৰাখণ্ডৰ ধৰ্মীয় লোকসকলে বছৰ বছৰ ধৰি দেখা সপোন অটলজীৰ চৰকাৰৰ অধীনত ২৫ বছৰ পূৰ্বে পূৰণ হৈছিল আৰু এতিয়া যোৱা ২৫ বছৰৰ যাত্ৰাৰ পাছত, এই সুন্দৰ ৰাজ্যখন নিৰ্মাণৰ বাবে সংগ্ৰাম কৰা প্ৰতিজন ব্যক্তিয়েই আজি উত্তৰাখণ্ড যি উচ্চতাত আছে সেয়া দেখি সুখী হোৱাটো স্বাভাৱিক। যিসকলে পৰ্বতমালাক ভাল পায়, যিসকলে উত্তৰাখণ্ডৰ সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, দেৱভূমিৰ লোকসকলক ভাল পায়, তেওঁলোকৰ মন আজি সুখী।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে

November 09th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনত উত্তৰাখণ্ড গঠনৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৮১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে দেৱভূমি উত্তৰাখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলোকে তেওঁৰ আন্তৰিক অভিবাদন, সন্মান আৰু সেৱা প্ৰদান কৰে।

মহাৰাষ্ট্ৰৰ মুম্বাইত একাধিক উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 08th, 03:44 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ ৰামদাস আঠৱালে ডাঙৰীয়া, কে.আৰ. নাইডু ডাঙৰীয়া আৰু মুৰলীধৰ মহল ডাঙৰীয়া, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে ডাঙৰীয়া আৰু অজিত পাৱাৰ ডাঙৰীয়া, আন-আন মন্ত্ৰী, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনো ডাঙৰীয়া, আন-আন বিশিষ্ট অতিথি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন, মুম্বাইত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰে

October 08th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

ওড়িশাৰ ঝাৰছুগুডাত উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 27th, 11:45 am

কিছুমান ডেকা বন্ধুৱে ইয়ালৈ বহুতো শিল্পকৰ্ম লৈ আহিছে। ওড়িশাৰ শিল্পৰ প্ৰতি থকা প্ৰেম বিশ্ববিখ্যাত। মই আপোনালোক সকলোৰে পৰা এই উপহাৰ গ্ৰহণ কৰিছো আৰু মোৰ এছ পি জিৰ সহকৰ্মীসকলক আপোনালোকৰ পৰা সেইবোৰ সংগ্ৰহ কৰিবলৈ কৈছো। পিছফালে নাম ঠিকনা লিখিলে মোৰ পৰা নিশ্চয় চিঠি লাভ কৰিব । তাত এটি শিশুৱে কিবা এটা হাতত লৈ থিয় হৈ আছে। তাৰ হাত দুখন বিষাইছে। বহু সময় ধৰি তেওঁ সেয়া দাঙি লৈ ফুৰিছে। সেইটোও সংগ্ৰহ কৰক । অনুগ্ৰহ কৰি তেওঁক সহায় কৰক। যদি আপোনালোকে পিছফালে আপোনালোকৰ নাম লিখিছে তেন্তে মই আপোনালোকক নিশ্চয় চিঠি লিখিম। আপোনালোক সকলো যুৱক-যুৱতী, যুৱতী, সৰু ল’ৰা-ছোৱালীক আপোনালোকৰ মৰমৰ পৰা শিল্পকৰ্ম সৃষ্টি কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঝাৰছুগুডাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন

September 27th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

বিহাৰৰ পুৰ্ণিয়াত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী, আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 15th, 04:30 pm

সকলোকে প্ৰণাম জনাইছো। পুৰ্ণিয়া মা পূৰণ দেৱী, ভক্ত প্ৰহ্লাদ, মহৰ্ষি মেহী বাবাৰ কৰ্মক্ষেত্ৰ, এই ভূমিত ফণীশ্বৰ নাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে ঔপন্যাসিকৰ জন্ম হৈছে। এইখনেই বিনোৱা ভাবেৰ দৰে কৰ্মযোগীসকলৰ কৰ্মক্ষেত্ৰ, মই এই ভূমিক বাৰে বাৰে প্ৰণাম কৰোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে

September 15th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়াত প্ৰায় ৪০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে পূৰ্ণিয়া হৈছে মা পুৰাণ দেৱী, ভক্ত প্ৰহ্লাদ, আৰু মহৰ্ষি মেহি বাবাৰ ভূমি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই ভূমিয়ে ফণীশ্বৰনাথ ৰেণু আৰু সতীনাথ ভাদুৰীৰ দৰে সাহিত্যিকৰ জন্ম দিছে। তেওঁ লগতে উল্লেখ কৰে যে ই বিনোৱা ভাৱেৰ দৰে নিষ্ঠাবান কৰ্মযোগীসকলৰ কৰ্মভূমি হৈ আহিছে আৰু এই ভূমিৰ প্ৰতি তেওঁ তেওঁৰ গভীৰ শ্ৰদ্ধাৰ কথা পুনৰবাৰ উল্লেখ কৰে।