Visit of Prime Minister Narendra Modi to Jordan, Ethiopia, and Oman

December 11th, 08:43 pm

PM Modi will visit Jordan, Ethiopia and Oman from December 15 – 18, 2025. In Jordan, the PM will meet His Majesty King Abdullah II bin Al Hussein to review the India-Jordan relations. In Ethiopia, the PM will hold discussions with Ethiopian PM Abiy Ahmed Ali on all aspects of India – Ethiopia bilateral ties. During the PM's visit to Oman, both sides will comprehensively review the bilateral partnership and exchange views on various issues.

Today, India is becoming the key growth engine of the global economy: PM Modi

December 06th, 08:14 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

Prime Minister Shri Narendra Modi addresses the Hindustan Times Leadership Summit 2025 in New Delhi

December 06th, 08:13 pm

In his address at the Hindustan Times Leadership Summit, PM Modi highlighted India’s Quarter-2 GDP growth of over 8%, noting that today’s India is not only transforming itself but also transforming tomorrow. Criticising the use of the term “Hindu rate of growth,” he said India is now striving to shed its colonial mindset and reclaim pride across every sector. The PM appealed to all 140 crore Indians to work together to rid the country fully of the colonial mindset.

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

November 19th, 10:42 pm

প্ৰধানমন্ত্ৰী মোদীয়ে ২১-২৩ নৱেম্বৰ, ২০২৫ত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। সন্মিলনৰ সমান্তৰালভাৱে তেওঁ বিশ্ব নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দক্ষিণ আফ্ৰিকাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আইবিএছএ) নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।

নতুন দিল্লীত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

November 17th, 08:30 pm

আজি আমি সকলোৱে ইয়াত সমবেত হৈ ভাৰতীয় গণতন্ত্ৰত সাংবাদিকতা, প্ৰকাশভংগী, জনআন্দোলনৰ শক্তিক নতুন উচ্চতা প্ৰদান কৰা এজন ব্যক্তিত্বক সন্মান জনাইছো। দূৰদৰ্শী হিচাপে, প্ৰতিষ্ঠান নিৰ্মাতা হিচাপে, জাতীয়তাবাদী হিচাপে, সংবাদ মাধ্যমৰ নেতা হিচাপে ৰামনাথ জীয়ে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপেই নহয়, ভাৰতবাসীৰ মাজত মিছন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। গতিকে একবিংশ শতিকাৰ এই যুগত যেতিয়া ভাৰতে উন্নত জাতি হোৱাৰ সংকল্প লৈ আগবাঢ়িছে, তেতিয়া ৰামনাথ জীৰ দায়বদ্ধতা, তেওঁৰ প্ৰচেষ্টা, তেওঁৰ দৃষ্টিভংগী আমাৰ বাবে এক বৃহৎ প্ৰেৰণাৰ উৎস। এই বক্তৃতাত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে

November 17th, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ উদ্যোগত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি আমি ভাৰতত গণতন্ত্ৰ, সাংবাদিকতা, প্ৰকাশভংগী, আৰু ৰাজহুৱা আন্দোলনৰ শক্তিক উন্নীত কৰা এজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো। তেওঁ আলোকপাত কৰে যে শ্ৰী ৰামনাথ গোৱেংকা এজন দূৰদৰ্শী, এজন প্ৰতিষ্ঠান নিৰ্মাতা, এজন জাতীয়তাবাদী আৰু এজন সংবাদ মাধ্যমৰ নেতা হিচাপে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপক কেৱল বাতৰি কাকত হিচাপে নহয়, ভাৰতৰ জনসাধাৰণৰ মাজত এক অভিযান হিচাপে প্ৰতিষ্ঠা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ নেতৃত্বত এই গোটটো ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ আৰু জাতীয় স্বাৰ্থৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁ কয় যে একবিংশ শতিকাৰ এই যুগত ভাৰতে উন্নত হোৱাৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ লগে লগে শ্ৰী ৰামনাথ গোৱেংকাৰ দায়বদ্ধতা, প্ৰচেষ্টা, দৃষ্টিভংগীয়ে প্ৰেৰণাৰ এক বৃহৎ উৎস হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এই বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

সেউজ শক্তিৰ বাবে গুৰুত্বপূৰ্ণ গ্ৰেফাইট, চেজিয়াম, ৰুবিডিয়াম আৰু জিৰকনিয়াম খনিজ পদাৰ্থৰ বাবে ৰয়েল্টি হাৰ যুক্তিসংগতকৰণত কেবিনেটৰ অনুমোদন

November 12th, 08:26 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৈঠকত চিজিয়াম, গ্ৰেফাইট, ৰুবিডিয়াম আৰু জিৰকনিয়ামৰ ৰয়েল্টি হাৰৰ যুক্তিসংগতকৰণ/পুনৰীক্ষণত তলত দিয়া ধৰণে অনুমোদন জনাইছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি

November 12th, 10:00 am

এই ভ্ৰমণৰ সময়ত, প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ১১ নৱেম্বৰত চাংলিমিথাঙত মহামান্য চতুৰ্থ ড্ৰুক গ্যালপোৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভূটানৰ জনসাধাৰণৰ সৈতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুত চলি থকা বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মহামান্য ৰজাই এই উৎসৱৰ সময়ত ৰাজহুৱা পূজাৰ বাবে থিম্ফুলৈ ভাৰতৰ পৰা অহা ভগৱান বুদ্ধৰ পবিত্ৰ পিপৰাহৱা অৱশিষ্টসমূহৰ প্ৰশংসা কৰে।

ভূটানৰ ৰজাৰ জন্মদিন উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

November 11th, 12:00 pm

কিন্তু আজি মই এটা গধুৰ মনেৰে ইয়ালৈ আহিছোঁ। কালি সন্ধিয়া দিল্লীত সংঘটিত হোৱা ভয়ানক ঘটনাই আমাক সকলোকে গভীৰভাৱে বিচলিত কৰিছে। ইয়াত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ। সমগ্ৰ ৰাষ্ট্ৰ আজি তেওঁলোকৰ শোকৰ সমভাগী হৈছে।

ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

November 11th, 11:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ থিম্পুৰ চাংলিমেথাং উদযাপন খেলপথাৰত ভূটানৰ চতুৰ্থ ৰজাৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু চতুৰ্থ ৰজা জিগমে সিংগিয়ে ৱাংচুকলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজপৰিয়ালৰ সন্মানীয় সদস্যসকল, ভূটানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বেৰিং ট'বগে আৰু উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সন্মান জনায়।

প্ৰধানমন্ত্ৰীয়ে ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণ কৰিব

November 08th, 09:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ নৱেম্বৰত দেৰাডুন ভ্ৰমণেৰে দিনৰ প্ৰায় ১২:৩০ বজাত উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটি স্মাৰক ডাকটিকট মুকলিৰ লগতে সমবেতসকলক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন, ২০২৫ উদ্বোধন কৰিব

November 02nd, 09:29 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।

১ নৱেম্বৰত ছত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 31st, 12:02 pm

'দিল কি বাত' কাৰ্যসূচীৰ অংশ হিচাপে দিনৰ প্ৰায় ১০ বজাত তেওঁ নৱ ৰায়পুৰ অটল নগৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী হাস্পতালত 'গিফ্ট অব লাইফ' অনুষ্ঠানত জন্মগত হৃদৰোগৰ সফলতাৰে চিকিৎসা গ্ৰহণ কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ইজিপ্তৰ বৈদেশিক মন্ত্ৰীৰ

October 17th, 04:22 pm

ইজিপ্তৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ বদ্ৰ আব্দেলাট্টীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

October 14th, 01:15 pm

ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।

প্ৰধানমন্ত্ৰীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব

October 07th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৱী মুম্বাইত উপস্থিত হ’ব আৰু আবেলি প্ৰায় ৩ বজাত তেখেতে নৱ-নিৰ্মিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মুম্বাইৰ ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰিব। তেখেতে লগতে সমবেতসকলক সম্বোধন কৰিব।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।