উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 03rd, 11:00 am
দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 03rd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।প্ৰধানমন্ত্ৰীয়ে ৩ নৱেম্বৰত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন, ২০২৫ উদ্বোধন কৰিব
November 02nd, 09:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ নৱেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন (ESTIC), ২০২৫ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াত সমবেতসকলক সম্বোধনো কৰিব।