নিয়োগ সংযুক্ত উদগনি (ই এল আই) আঁচনিত অনুমোদন মন্ত্ৰীসভাৰ
July 01st, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰি নিয়োগ সৃষ্টিৰ সহায়ক হোৱাকৈ তথা নিয়োগ ক্ষমতা আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ বাবে সকলো খণ্ডতে নিয়োগ সংযুক্ত উদগনি (ELI) আঁচনিত অনুমোদন জনাইছে।এই আঁচনিৰ অধীনত নৱাগত কৰ্মচাৰীসকলে এমাহৰ মজুৰি (১৫,০০০/- টকা পৰ্যন্ত) লাভ কৰাৰ বিপৰীতে নিয়োগকৰ্তাসকলক অতিৰিক্ত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে দুবছৰৰ বাবে উদগনি প্ৰদান কৰা হ’ব। একেদৰে উৎপাদন খণ্ডৰ বাবে আৰু দুবছৰৰ বাবে বৰ্ধিত সুবিধা প্ৰদান কৰা হ’ব। ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু অন্যান্য সুযোগৰ সুবিধা প্ৰদানৰ বাবে পাঁচখন আঁচনি প্ৰধানমন্ত্ৰীৰ পেকেজৰ অংশ হিচাপে ঘোষণা কৰা হৈছিল, যত মুঠ বাজেট ব্যয় ২ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল।