গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ভাষান্তৰ

May 11th, 06:15 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰতিষ্ঠাপক ন্যাসৰক্ষী মনসুখ ভাই মাণ্ডৱিয়া, চৰ্দাৰ ধামৰ সভাপতি গাগজি ভাই সুতাৰিয়া জী, দুষ্যন্ত ভাই পেটেল, পংকজ ভাই পেটেল, ৰাজ্যিক বিজেপি সভাপতি জগদীশ বিশ্বকৰ্মা জী, মঞ্চত উপস্থিত গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, সকলো দাতা, ন্যাসৰক্ষী, বিশিষ্ট অতিথি আৰু গুজৰাটৰ প্ৰতিটো প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল।

গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 11th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।

লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ

December 25th, 06:16 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন

December 25th, 05:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।

প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব

October 29th, 10:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৫.১৫ বজাত ই-বাছৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁ একতা নগৰত ১,১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 30th, 11:30 am

নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-

গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 31st, 07:31 am

চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ

October 31st, 07:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।

Prime Minister Narendra Modi to visit Gujarat

October 29th, 03:35 pm

PM Modi will visit Gujarat from 30-31 October. He will travel to Ekta Nagar, Kevadia to lay the foundation stone of various infrastructural and development projects, and then address the Officer Trainees of the 99th Common Foundation Course in Aarambh 6.0. PM Modi will also offer floral tribute at the Statue of Unity, which will be followed by Rashtriya Ekta Diwas celebrations.

গুজৰাটৰ দ্বাৰকাত ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 25th, 01:01 pm

মঞ্চত উপস্থিত আছে গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সংসদত মোৰ সতীৰ্থ তথা গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি শ্ৰী চিআৰ পাটিল, আন-আন সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু গুজৰাটৰ মোৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে

February 25th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।

PM inaugurates and lays foundation stone for multiple development projects worth Rs 160 crores in Kevadia, Gujarat

October 31st, 07:14 pm

PM Modi inaugurated and laid the foundation stone of multiple development projects worth Rs 160 crores in Kevadia, Gujarat. The projects that were inaugurated include the Heritage Train from Ekta Nagar to Ahmedabad, a project for live Narmada Aarti, Kamalam Park, a walkway within the Statue of Unity, and more.

‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন উপলক্ষে কেৱাড়িয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 31st, 10:00 am

আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।

গুজৰাটৰ কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

October 31st, 09:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব

October 29th, 02:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।

১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷

‘গুজৰাট ৰোজগাৰ মেলা’ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ

March 06th, 04:35 pm

চৌদিশে হোলী উত্সৱৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। আপোনালোক আটাইলৈকে হোলীৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আজিৰ অনুষ্ঠানটোৱে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে হোলীৰ দৰে গুৰুত্বপূৰ্ণ উৎসৱৰ আনন্দ বহুগুণে বৃদ্ধি কৰিব। এয়া গুজৰাটত কিছুদিনৰ ভিতৰতে আয়োজিত হোৱা দ্বিতীয়খন চাকৰি মেলা। এই কামৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী শ্ৰীভূপেন্দ্ৰ ভাই আৰু তেওঁৰ গোটেই দলটোকে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে গুজৰাট ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰে

March 06th, 04:15 pm

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে হোলী উৎসৱ নিচেই ওচৰত আৰু গুজৰাট ৰোজগাৰ মেলাৰ সংগঠনে তেওঁলোকৰ নিযুক্তি পত্ৰ লাভ কৰা সকলৰ বাবে উৎসৱৰ আনন্দ দুগুণ কৰিব। গুজৰাটত দ্বিতীয়বাৰৰ বাবে ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ বাবে নিৰন্তৰ সুযোগ প্ৰদান কৰা আৰু দেশৰ উন্নয়নত তেওঁলোকৰ সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএ ৰাজ্য চৰকাৰৰ সকলো বিভাগে সৰ্বাধিক সংখ্যক চাকৰি প্ৰদানৰ বাবে নিৰন্তৰে কাম কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এনডিএ শাসিত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে নতুন দায়িত্ব গ্ৰহণ কৰা যুৱক-যুৱতীসকলে সম্পূৰ্ণ নিষ্ঠা আৰু ভক্তিৰে অমৃত কালৰ সংকল্প সমূহ পূৰণ কৰাত অৰিহণা যোগাব।

Congress continues to ignore the contributions of the great Sardar Patel: PM Modi in Sojitra

December 02nd, 12:25 pm

PM Modi called out the fallacies of the Congress for piding Gujarat based on caste and throwing the state into turmoil. The PM further added that the Congress continues to ignore the contributions of the great Sardar Patel till this date and targeted them for not paying their respects at the Statue of Unity.

The country is confident that no matter how big the challenges are, only BJP will find solutions: PM Modi in Patan

December 02nd, 12:20 pm

PM Modi reminisced about his memories in Patan and told people about his life when he used to reside in Kagda ki Khadki. He also spoke on the BJP becoming a symbol of trust in the country, PM Modi said, “The country is confident that no matter how big the challenges are, only the BJP will find solutions”. The PM iterated on the efforts of the BJP government in providing vaccines, fiscal support and subsidies to the people during the COVID period.