গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব গুজৰাটৰ নৰ্মদা জিলা

November 14th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব

October 03rd, 03:54 pm

যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

October 01st, 10:45 am

মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

October 01st, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ ​​বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

Prime Minister Narendra Modi to visit Jharkhand

September 30th, 05:09 pm

Prime Minister Narendra Modi will visit Jharkhand on 2 October 2024. He will lay the foundation stone, launch and inaugurate various projects worth over Rs. 83,300 crore in Hazaribag, Jharkhand.