‘মন কী বাত’ত ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য, উদ্ভাৱন আৰু সামূহিক প্ৰচেষ্টা প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
July 26th, 11:30 am
Prime Minister Narendra Modi addressed the nation through Mann Ki Baat. In his speech, he highlighted important topics such as Kargil Vijay Diwas, Catch the Rain campaign, India's space sector prowess, Science Olympiads, Environmental conservation, Khadi and more. He called upon the citizens to share their ideas and suggestions for Independence Day through MyGov.প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ
July 11th, 01:15 pm
আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 11th, 12:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 04th, 12:50 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
July 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 10th, 11:05 am
আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।Kaziranga is the soul of Assam and a priceless jewel of India’s biodiversity: PM Modi in Kaliabor
January 18th, 11:30 am
While performing the Bhoomi Poojan of the Kaziranga Elevated Corridor Project in Assam, PM Modi emphasized that Kaziranga is not just a National Park but the soul of Assam. He remarked that the corridor will improve connectivity between Upper Assam and Arunachal Pradesh, and along with new rail services, will open fresh opportunities for the people. He highlighted BJP’s recent victories in elections across the country, underscoring that voters are choosing good governance.অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 18th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ইমান বৃহৎ সংখ্যক লোকে তেওঁক আশীৰ্বাদ দিবলৈ অহাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 14th, 11:00 am
আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
January 14th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অনুবাদ
January 11th, 01:00 pm
এই শুভ ক্ষণত প্ৰথমে আমাৰ প্ৰেৰণাৰ উৎস, শ্ৰদ্ধাৰ ভূৱনভানুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম জনাইছো। লগতে প্ৰসন্তমূৰ্তি সুবিশাল গচ্চাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জী মহাৰাজ, সৰস্বতী কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু এই অনুষ্ঠানত উপস্থিত থকা সকলো সাধু আৰু সাধ্বীলৈ শ্ৰদ্ধা যাচিছো।শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
January 11th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত ভাষণ দিয়ে। সভাত শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই পবিত্ৰ অনুষ্ঠানত তেওঁ প্ৰথমে পূজনীয় ভূৱনভনুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম কৰিছে, আৰু প্ৰসন্তমূৰ্তি সুবিশাল গচ্ছাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জি মহাৰাজ, সৰস্বতীক কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ্ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু অনুষ্ঠানত উপস্থিত থকা সকলো সাধু-সাধৱীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ উৰ্জা মহোৎসৱ সমিতিৰ সকলো সদস্যক সম্ভাষণ আৰু অভিনন্দন জনায়।নৱ ৰায়পুৰৰ সত্য সাই সঞ্জীৱনী চাইল্ড হাৰ্ট হাস্পতালত হৃদৰোগৰ সফলতাৰে অস্ত্ৰোপচাৰ কৰা শিশুৰ সৈতে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
November 01st, 05:30 pm
মই এজন হকী চেম্পিয়ন। মই ৫টা হকী পদক লাভ কৰিছো। মোৰ স্কুলত চেক আপৰ সময়ত তেওঁলোকে গম পালে যে মোৰ হৃদয়ত এটা ফুটা আছে। চিকিৎসাৰ বাবে ইয়ালৈ আহিলোঁ, অস্ত্ৰোপচাৰ কৰিলোঁ, এতিয়া আকৌ হকী খেলিব পাৰিম।জন্মগত হৃদযন্ত্ৰৰ সমস্যা অতিক্ৰম কৰা শিশুৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
November 01st, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰৰ শ্ৰী সত্য সাই সঞ্জীৱনী চিকিৎসালয়ত দিল কি বাত অনুষ্ঠানৰ অধীনত ‘জীৱনৰ উপহাৰ’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জন্মগত হৃদৰোগৰ সমস্যাত ভুগি থকা আৰু সফলতাৰে চিকিৎসা কৰা ২৫০০ শিশুৰ সৈতে মত বিনিময় কৰে।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।