Participants of Viksit Vibrant Village Programme share their experiences with PM Modi

July 26th, 10:27 pm

PM Modi interacts with participants of the Viksit Vibrant Village Programme 2026, as MYBharat volunteers share inspiring stories from India's border villages. Participants recount how the journey transformed their perspectives through interactions with local communities, firsthand experiences of life in border villages and a deeper understanding of the spirit of Ek Bharat, Shreshtha Bharat

The Vibrant Village Programme is giving further momentum to the development of border villages: PM Modi

July 26th, 05:00 pm

PM Modi today interacted with participants of the Viksit Vibrant Village Programme 2026, lauding the young friends of MY Bharat for their commendable work across the country. He highlighted the official redesignation of border settlements from the 'last' to the 'first villages' of India, noted the newly established infrastructure and praised the local inhabitants for living and breathing patriotism.

PM Modi Interacts with Participants of Viksit Vibrant Village Programme 2026

July 26th, 04:30 pm

PM Modi today interacted with participants of the Viksit Vibrant Village Programme 2026, lauding the young friends of MY Bharat for their commendable work across the country. He highlighted the official redesignation of border settlements from the 'last' to the 'first villages' of India, noted the newly established infrastructure and praised the local inhabitants for living and breathing patriotism.

ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

July 06th, 06:47 pm

কেন্দ্ৰীয় কেবিনেটৰ সহযোগী অমিত ভাই শ্বাহ, গজেন্দ্ৰ সিং শ্বেখাৱত, পশ্চিম বংগৰ গতিশীল মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, জ্যেষ্ঠ বিজেপি সদস্য আৰু মোৰ দৰে লাখ লাখ কৰ্মীৰ বাবে অনুপ্ৰেৰণা মাখনলাল জী, বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্য, সন্মানীয় জন প্ৰতিনিধি, বিশিষ্ট অতিথি, বিশিষ্ট ব্যক্তিসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সম্বোধন কৰে

July 06th, 06:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্য্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এক সমাৱেশক সম্বোধন কৰে। পূৰ্ব-নিৰ্ধাৰিত ভ্ৰমণসূচীৰ বাবে সোশৰীৰে উপস্থিত থাকিব নোৱাৰাৰ কাৰণ বাখ্যা কৰি তেওঁ এই গুৰুত্বপূৰ্ণ ক্ষণত ভৌগোলিক দূৰত্ব দূৰ কৰাৰ ক্ষেত্ৰত ডিজিটেল সংযোগৰ ব্যতিক্ৰমী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে, প্ৰযুক্তিৰ সহায়ত মই এই ঐতিহাসিক কাৰ্যসূচীত আপোনালোকৰ সৈতে জড়িত হৈছোঁ।

"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে

May 31st, 11:30 am

মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।

সোমনাথ মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

May 11th, 12:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ মন্দিৰ দৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত নিজকে ধন্য অনুভৱ কৰা বুলি প্ৰকাশ কৰে। পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ঐশ্বৰিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ অপৰিসীম উদ্যম আৰু উৎসাহ দেখি তেওঁ আপ্লুত আৰু আৱেগিক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ সময়ত নিশ্চয় যি অনুভৱ কৰিছিল, সেই মুহূৰ্তটোৱেই তেওঁ আজি পুনৰ সজীৱ হৈ পৰিছে। তেওঁ লগতে কয় যে সোমনাথ অম্ৰুত মহোৎসৱৰ ভক্তিমূলক পৰিৱেশে চৌদিশে এক শক্তিৰ সঞ্চাৰ কৰিছে।

গুজৰাটৰ প্ৰভাস পাটনত সোমনাথ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 11th, 10:20 am

আজি প্ৰভাস পাটনৰ পবিত্ৰ অঞ্চলটো এক আচৰিত উজ্জ্বলতাৰে ভৰি পৰিছে। মহাদেৱৰ এই দৰ্শন, এই সৌন্দৰ্য্য, পৃথিৱী আৰু আকাশৰ পৰা পুষ্পবৃষ্টি, গেৰুৱা পতাকাৰ আভা, শিল্প, সংগীত, নৃত্যৰ আচৰিত প্ৰদৰ্শন, বৈদিক মন্ত্ৰৰ জপ, অভয়াৰণ্যত শিৱ পঞ্চক্ষৰীৰ অবিৰত আবৃত্তি আৰু গুঞ্জৰিত সাগৰীয় ঢৌ, যেন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই সমস্বৰে কৈছে: জয় সোমনাথ! জয়-জয় সোমনাথ!

গুজৰাটৰ পুনৰুজ্জীৱিত সোমনাথ মন্দিৰ উদ্বোধনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে সোমনাথ অমৃত মহোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 11th, 10:15 am

প্ৰাচীন শাস্ত্ৰৰ প্ৰজ্ঞাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেনেকৈ সৃষ্টি ঈশ্বৰৰ পৰাই জন্ম হয় আৰু তাৰ পিছত তাতেই একত্ৰিত হয়। শ্ৰী মোদীয়ে তেওঁৰ ব্যক্তিগত ভক্তি প্ৰদৰ্শন কৰি কয় যে তেওঁ দাদা সোমনাথৰ ভক্ত হিচাপে অগণন বাৰ এই মন্দিৰ ভ্ৰমণ কৰিছে। শ্ৰী মোদীয়ে কয়, মই তেওঁক বহুবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো। কিন্তু আজি যেতিয়াই ইয়ালৈ আহো, তেতিয়াই সময়ৰ যাত্ৰাই মোক এক আনন্দৰ অভিজ্ঞতা দি আহিছে।

বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 10th, 11:05 am

আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।

কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”

From Gangotri to Gangasagar… the lotus is blooming everywhere: PM Modi from BJP HQ

May 04th, 07:01 pm

PM Modi addressed the karyakartas at the BJP HQ following resounding victories in West Bengal, Assam and Puducherry, calling the moment historic, emotional and a powerful affirmation of trust in democracy and performance-driven governance. Dressed in traditional Bengali attire with a dhoti, the Prime Minister’s appearance reflected a deep cultural connect and symbolised the significance of Bengal’s landmark mandate.

PM Modi addresses at the BJP HQ after sweeping victories across states

May 04th, 07:00 pm

PM Modi addressed the karyakartas at the BJP HQ following resounding victories in West Bengal, Assam and Puducherry, calling the moment historic, emotional and a powerful affirmation of trust in democracy and performance-driven governance. Dressed in traditional Bengali attire with a dhoti, the Prime Minister’s appearance reflected a deep cultural connect and symbolised the significance of Bengal’s landmark mandate.

গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 28th, 10:25 am

ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম মাথুৰ জী, ইয়াৰ জনপ্ৰিয়, উদ্যমী যুৱক-যুৱতী আৰু মোৰ বন্ধু শ্ৰী প্ৰেম সিং তামাং জী, সংসদত মোৰ বন্ধু শ্ৰী দৰ্জী শ্বেৰিং লেপচা জী, ড০ ইন্দ্ৰ হং সুব্বা জী, শ্ৰী দিলী ৰাম থাপা জী আৰু ছিকিমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 28th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত ছিকিমৰ ৫০ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে সহস্ৰাধিক কোটি টকাৰ ৩০ টাৰো অধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা উদ্বোধন কৰে।

Today, BJP stands for good governance and last-mile delivery: PM Modi

April 06th, 12:30 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

PM Modi addresses Party Karyakartas on BJP Sthapana Diwas

April 06th, 12:00 pm

PM Modi addressed BJP Karyakartas on the party’s Sthapana Diwas, paying tribute to generations of workers and their dedication, sacrifice and unwavering commitment. He reminisced about the early years when the BJP had neither power nor resources, and karyakartas travelled tirelessly to connect with people. He reiterated their belief in a brighter future for Bharat, which kept them going despite challenges like the Emergency, political isolation and violence.

গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 29th, 10:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পোৰবন্দৰত মাধৱপুৰ মেলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উজ্জীৱিত উৎসৱে আমাৰ গৌৰৱময় সংস্কৃতিৰ উজ্জ্বলতা আৰু গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সাংস্কৃতিক সম্পৰ্কক অধিক শক্তিশালী কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উৎসৱে বিভিন্ন পৰম্পৰাক একত্ৰিত কৰে, যি 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ প্ৰকৃত ভাবনা প্ৰতিফলিত কৰে। মই সকলোকে এই মেলালৈ আমন্ত্ৰণ জনাইছো।

নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 14th, 11:00 am

আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে। তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। ময়ো তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা। তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। মই ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনালো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

January 14th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত পোংগল উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে। তামিল ভাষাতে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে “আজি পোংগল এক বিশ্বব্যাপী উৎসৱত পৰিণত হৈছে” বুলি উল্লেখেৰে কয় যে তামিল সমাজ আৰু তামিল সংস্কৃতিক লালন-পালন কৰা সমগ্ৰ বিশ্বৰ লোকসকলে পৰম উৎসাহেৰে এই উৎসৱ উদযাপন কৰে। তেওঁ আৰু কয় যে তেৱোঁ তেওঁলোকৰ মাজৰে এজন। এইদৰে সকলোৰে সৈতে একেলগে এই বিশেষ উৎসৱ পালন কৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে তামিল জনজীৱনত পোংগল এক সুখকৰ অভিজ্ঞতাৰ দৰেই। এই উপলক্ষই কৃষক সকলৰ পৰিশ্ৰম, ধৰিত্ৰী আৰু সূৰ্য্যৰ প্ৰতি কৃতজ্ঞতাক মূৰ্ত কৰি তোলাৰ লগতে প্ৰকৃতি, পৰিয়াল আৰু সমাজৰ ভাৰসাম্য ৰক্ষাৰ দিশতো আমাক পথ প্ৰদৰ্শন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সময়ত দেশৰ ভিন্ন প্ৰান্তত লহৰী, মকৰ সংক্ৰান্তি, মাঘ বিহু আৰু আন-আন উৎসৱ উদযাপন কৰা হয়। তেওঁ ভাৰতকে প্ৰমুখ্য কৰি সমগ্ৰ বিশ্বৰ সকলো তামিল ভ্ৰাতৃ-ভগ্নীক পোংগলৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলো উৎসৱৰ বাবে শুভেচ্ছা জনায়।