২০৩০ চনৰ দিশত: ভাৰত-ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী
January 27th, 06:48 pm
২০২৬ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত ‘১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘৰ শীৰ্ষ সন্মিলন’ত স্বাক্ষৰিত ভাৰত-ইউৰোপীয় সংঘৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচীৰ লক্ষ্য হৈছে ইউৰোপীয় সংঘ-ভাৰতৰ সহযোগিতাক বিস্তৃত, গভীৰ আৰু উন্নত সমন্বয়ৰ দ্বাৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰি তোলা যাতে উভয় অংশীদাৰৰ লগতে সামগ্ৰিক বিশ্বৰ বাবে পাৰস্পৰিকভাৱে লাভজনক, সুনিৰ্দিষ্ট আৰু পৰিৱৰ্তনশীল ফলাফল প্ৰদান কৰিব পৰা হয়।ভাৰত - ইউৰোপীয় পৰিষদ-ৰ সভাপতি আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতিৰ ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ আৰু ১৬ সংখ্যক ভাৰত-ইউৰোপীয় সংঘ-ৰ শীৰ্ষ সন্মিলন সম্পৰ্কে ইউৰোপীয় সংঘ-ৰ যুটীয়া বিবৃতি
January 27th, 06:15 pm
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণত ইউৰোপীয় পৰিষদ-ৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগ-ৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনে ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত নেতাসকলে ভাৰত–ইউৰোপীয় সংঘ-ৰ ঐতিহাসিক এফটিএ সম্পৰ্কীয় আলোচনাৰ সফল সমাপ্তিৰ প্ৰশংসা কৰে আৰু “২০৩০ চনৰ দিশত: ভাৰত–ইউৰোপীয় সংঘ-ৰ যুটীয়া ব্যাপক কৌশলগত কাৰ্যসূচী” গ্ৰহণ কৰে।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
January 27th, 10:15 am
শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
January 27th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।“ভাৰত-‘ইএফটিএ’ বাণিজ্য তথা অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি”য়ে অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবে সুযোগ সৃষ্টিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰিব: প্ৰধানমন্ত্ৰী
March 10th, 08:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “ভাৰত-‘ইএফটিএ’ বাণিজ্য তথা অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি” স্বাক্ষৰিত হোৱা কাৰ্যক আদৰণি জনায়।