শক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 28th, 09:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমান চলি থকা ভাৰত শক্তি সপ্তাহ (আই ই ডব্লিউ) ২০২৬ৰ অংশ হিচাপে লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত বিশ্ব শক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

September 12th, 04:54 pm

বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

September 12th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

August 26th, 11:00 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্র ভাই পেটেল, ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী কেইচি ওনো চান, ছুজুকি মটৰ কৰ্পোৰেচনৰ সভাপতি শ্ৰী তোশিহিৰো ছুজুকি চান, মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক হিছাচি টেকুচি চান, অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গভা, হনচলপুৰ প্ৰকল্পৰ সকলো কৰ্মচাৰী, অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্রলোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে

August 26th, 10:30 am

সেউজ শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ হনচলপুৰত সেউজ গতিশীলতা পদক্ষেপ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গণেশ উৎসৱৰ মাজত ভাৰতৰ 'মেক ইন ইণ্ডিয়া' যাত্ৰাত এক নতুন অধ্যায় যোগ কৰা হৈছে। তেওঁ কয় যে 'মেক ইন ইণ্ডিয়া’, মেক ফৰ ৱৰ্ল্ড’ৰ অংশীদাৰী লক্ষ্যৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ভাৰতত নিৰ্মিত বৈদ্যুতিক বাহন ১০০ খন দেশলৈ ৰপ্তানি কৰা হ'ব। তেওঁ লগতে দেশত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ'ড উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। আজি ভাৰত আৰু জাপানৰ মাজ বন্ধুত্বকো এক নতুন মাত্ৰা প্ৰদান কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো নাগৰিকক, জাপান আৰু ছুজুকি মটৰ কৰ্পোৰেশ্যনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

ভাৰত টেক্স ২০২৫ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 16th, 04:15 pm

আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।

ভাৰত টেক্স ২০২৫ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 16th, 04:00 pm

আজি নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত ভাৰত টেক্স ২০২৫ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকক সম্বোধন কৰাৰ লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীখনো ভ্ৰমণ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত মাণ্ডপামত আয়োজিত এই অনুষ্ঠানৰ দ্বিতীয় সংস্কৰণ বুলি উল্লেখ কৰি সকলো উপস্থিতসকলক উষ্ম আদৰণি জনায়। ভাৰত টেক্স ২০২৫ য়ে ভাৰতৰ চহকী ঐতিহ্যক উদযাপন কৰাই নহয়, জাতিটোৰ বাবে অপৰিসীম গৌৰৱৰ উৎস, উন্নত ভাৰতৰ দৃষ্টিভংগীও প্রদর্শন কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ মন্তব্য কৰে যে ভাৰত টেক্স এক উল্লেখযোগ্য বিশ্বব্যাপী বস্ত্ৰ অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এইবাৰৰ অনুষ্ঠানত বস্ত্ৰ উদ্যোগৰ বাৰটা খণ্ডকে সামৰি লোৱা হৈছে, য’ত আছে আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ, ৰং আদি। তেওঁ জোৰ দি কয় যে ভাৰত টেক্স বিশ্ব নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নেটৱৰ্ক, সহযোগিতা আৰু অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চলৈ বিকশিত হৈছে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোৰ আয়োজনৰ লগত জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে।

The Genome India Project marks a defining moment in the country's biotechnology landscape: PM

January 09th, 06:38 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project

January 09th, 05:53 pm

PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.

Prime Minister condoles passing away of former Prime Minister Dr. Manmohan Singh

December 26th, 11:11 pm

The Prime Minister, Shri Narendra Modi has condoled the passing away of former Prime Minister, Dr. Manmohan Singh. India mourns the loss of one of its most distinguished leaders, Dr. Manmohan Singh Ji, Shri Modi stated.

ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 19th, 08:34 am

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ মহামহিম জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰে।বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ২০২৪ চনৰ জুনত ইটালীৰ পুগ্লিয়াত প্ৰধানমন্ত্ৰী মেল’নীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন উপলক্ষে দুয়োগৰাকী নেতাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত জি-৭ শীৰ্ষ সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মেলনীক অভিনন্দন জনায়।

‘জাৰ্মান ব্যৱসায়ৰ অষ্টাদশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় সন্মিলন’(এপিকে ২০২৪) ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মূল ভাষণৰ ইংৰাজী অনুবাদৰ তৰ্জমা

October 25th, 11:20 am

তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ‘মেয়ৰ’ হিচাপে, আৰু পৰৱৰ্তী তিনিটা ভ্ৰমণ তেওঁৰ ‘চেঞ্চেলৰ’ হিচাপে কাৰ্যকালত কৰিছিল, যিয়ে ভাৰত-জাৰ্মানীৰ মাজৰ সম্পৰ্কত তেওঁ প্ৰদান কৰা গুৰুত্বত আলোকপাত কৰে।

ফলাফলৰ তালিকাঃ জামাইকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ এণ্ড্ৰু হোলনেছৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ (৩০ ছেপ্টেম্বৰ-৩ অক্টোবৰ, ২০২৪)

October 01st, 12:30 pm

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত গণৰাজ্য চৰকাৰ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ জৰিয়তে জামাইকা চৰকাৰৰ মাজত বিত্তীয় অন্তৰ্ভুক্তি তথা সামাজিক আৰু অৰ্থনৈতিক ৰূপান্তৰক প্ৰোৎসাহনৰ লক্ষ্যৰে সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ভাগ-বতৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।

Economic Survey highlights prevailing strengths of our economy, showcases outcomes of various Government reforms: PM

July 22nd, 07:15 pm

The Prime Minister, Shri Narendra Modi has remarked that the Economic Survey highlights the prevailing strengths of our economy and also showcases the outcomes of the various reforms brought by the Government.

জি৭ সন্মিলনৰ সমান্তৰালভাৱে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

June 14th, 11:40 pm

দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।

PM Modi interacts with the Indian community in Paris

July 13th, 11:05 pm

PM Modi interacted with the Indian diaspora in France. He highlighted the multi-faceted linkages between India and France. He appreciated the role of Indian community in bolstering the ties between both the countries.The PM also mentioned the strides being made by India in different domains and invited the diaspora members to explore opportunities of investing in India.

আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতাঃ প্ৰধানমন্ত্ৰ

November 12th, 10:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতা।

We are focussing on making tax-paying seamless, painless, faceless: PM Modi

August 13th, 11:28 am

PM Narendra Modi rolled out a taxpayers charter and faceless assessment on Thursday as part of the government's effort to easing the compliance for assessees and reward the honest taxpayer. He also launched the Transparent Taxation - Honoring The Honest platform, in what he said will strengthen efforts of reforming and simplifying the country's tax system.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ‘‘স্বচ্ছ কৰাৰোপণ-সততাক সন্মান’’ শীৰ্ষক এক প্লেটফ’ৰ্ম

August 13th, 10:27 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে “স্বচ্ছ কৰাৰোপণ- সততাক সন্মান” (Transparent Taxation – Honouring the Honest)ৰ অৰ্থে এক মাধ্যমৰ উদ্বোধন কৰে।

Prime Minister reviews “Project Arth Ganga” : Correcting imbalances; connecting people

May 15th, 08:43 pm

Prime Minister Shri Narendra Modi today reviewed the plans being envisaged for implementing “Project Arth Ganga”.