কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 10th, 01:30 pm
কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ২২,৮০০ কোটি টকা মূল্যৰ মেট্ৰ’ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
August 10th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।