কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 22nd, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ২৩জানুৱাৰীত কেৰালা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১০ বাজি ৪৫ মিনিটত থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰাৰ লগতে কিছু সংখ্যক প্ৰকল্প পতাকা জোকাৰি মুকলি কৰিব। এই উপলক্ষে সমবেত লোকসকলকো তেওঁ সম্বোধন কৰিব।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
December 20th, 03:20 pm
মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
December 20th, 03:10 pm
অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 05th, 03:45 pm
মই বিশ্বাস কৰোঁ যে আজি ইমান বৃহৎ প্ৰতিনিধি দলৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ৰাষ্ট্ৰপতি পুটিনৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল। আৰু মই আপোনালোক সকলোকে অন্তৰৰ পৰা আদৰণি জনাইছো আৰু আপোনালোক সকলোৰে মাজত উপস্থিত থকাটো মোৰ বাবে অতি আনন্দৰ কথা। এই মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ব্যৱসায়ৰ বাবে সৰলীকৃত ভৱিষ্যদ্বাণীযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে। ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সৈতে ভাৰত – ৰাছিয়া ব্যৱসায়িক মঞ্চত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 05th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন, ভাৰত আৰু বিদেশৰ নেতা আৰু সকলো বিশিষ্ট অতিথিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চ ৰাষ্ট্ৰপতি পুটিনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিফলন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে লৈ আহিছে বৃহৎ প্ৰতিনিধি দল। তেওঁ সকলো অংশগ্ৰহণকাৰীক উষ্ম আদৰণি জনাই তেওঁলোকৰ মাজত থাকিবলৈ পাই তেওঁ সুখী বুলি কয়। শ্ৰী মোদীয়ে তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মঞ্চত যোগদান কৰি তেওঁৰ বহুমূলীয়া চিন্তাধাৰা শ্বেয়াৰ কৰাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ দৃঢ়তাৰে কয় যে ব্যৱসায় কৰাৰ বাবে সৰলীকৃত আৰু পূৰ্বানুমানযোগ্য প্ৰক্ৰিয়া সৃষ্টি কৰা হৈছে আৰু ভাৰত আৰু ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।Manipur is the crown jewel adorning the crest of Mother India: PM Modi in Imphal
September 13th, 02:45 pm
At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.PM Modi inaugurates multiple development projects worth over Rs 1,200 crore at Imphal, Manipur
September 13th, 02:30 pm
At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”