প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে

February 07th, 03:59 pm

সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে

February 07th, 03:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।

ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 19th, 11:00 am

মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!

অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 19th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।

প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে

October 01st, 03:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিলিপাইনছত সংঘটিত ভূমিকম্পত প্ৰাণহানি আৰু বিস্তৰ ক্ষতিসাধনৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

October 01st, 10:45 am

মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

October 01st, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ ​​বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।

প্ৰধানমন্ত্ৰীয়ে আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

September 01st, 02:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে।

গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 26th, 05:00 pm

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

May 26th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

April 04th, 12:59 pm

আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে

April 04th, 12:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়

April 04th, 12:53 pm

আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।

ভূমিকম্পৰ শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

March 29th, 01:41 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা শোকাৱহ পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ছিনিয়ৰ জেনেৰেল মিন আং লেইঙৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানমূলক সময়ত ম্যানমাৰৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা পুনৰবাৰ উল্লেখ কৰে। এই দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিক সাহায্য আৰু সাহায্য প্ৰদানৰ বাবে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে।

ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ

March 28th, 02:18 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত বিধ্বংসী ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰে।

দিল্লীত ভূমিকম্পৰ পিছত সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ নিয়ম মানি চলিবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ

February 17th, 08:08 am

দিল্লীত ভূমিকম্প অনুভৱ কৰাৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

Institutional service has the ability to solve big problems of the society and the country: PM at the Karyakar Suvarna Mahotsav

December 07th, 05:52 pm

PM Modi addressed the Karyakar Suvarna Mahotsav in Ahmedabad via video conferencing. He highlighted the Karyakar Suvarna Mahotsav as a key milestone in 50 years of service by BAPS. He praised the initiative of connecting volunteers to service work, which began five decades ago and applauded the dedication of lakhs of BAPS workers.