২৫–২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

August 24th, 01:08 pm

২৫ - ২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ অহা ২৫ আগষ্টৰ সন্ধিয়া প্ৰায় ৬ বজাত আহমেদাবাদৰ খোদালধাম খেলপথাৰত ৫৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা অনুষ্ঠানতো ভাষণ আগবঢ়াব।