গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য

July 13th, 05:02 pm

মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।

টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ

July 13th, 05:01 pm

প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।

টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

July 13th, 05:00 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।

মহিলাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণজয়ী ডুটি চান্দক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

July 10th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰা ডুটি চান্দক অভিনন্দন জনাইছে৷