পেৰিছত অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 11:41 pm
১৪ জুনত যেতিয়া মই নাইচত উপস্থিত হৈছিলো, তেতিয়া মই অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান আছিল ‘ইণ্ডিয়া ইনোভেটছ’। আজি ফ্ৰান্সৰ পৰা উভতি যাবলৈ সাজু হৈ থাকোঁতে এনে লাগে যেন মই ‘ইণ্ডিয়া কানেক্টছ’ৰ কোনো অনুষ্ঠানত উপস্থিত হৈছো।পেৰিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
June 18th, 09:30 pm
প্ৰধানমন্ত্ৰীয়ে শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জুনত পেৰিছত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনোৱা হয়, যিয়ে ভাৰতীয়মূলৰ বিদেশত থকা লোকসকলৰ মাতৃভূমিৰ প্ৰতি থকা গভীৰ মৰমক প্ৰতিফলিত কৰে।পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 18th, 06:15 pm
২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি বিফল হয়, তাত উদ্ভাৱনে সহায় কৰিব পাৰে।ভিভাটেক ২০২৬ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী
June 18th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান ইমানুৱেল মেক্ৰনে আজি ইউৰোপৰ সৰ্ববৃহৎ প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ ইভেণ্ট পেৰিছত অনুষ্ঠিত হোৱা ভিভাটেক ২০২৬ত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীৰ যুৱ-নেতৃত্বাধীন উন্নয়নৰ দিশত চৰকাৰৰ শক্তিশালী পদক্ষেপ আৰু এক শক্তিশালী উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ উত্থানৰ ওপৰত আলোকপাত
June 13th, 11:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে চৰকাৰে যুৱ-নেতৃত্বাধীন উন্নয়নৰ দিশত দৃঢ়ভাৱে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে যোৱা ১২ বছৰৰ এক নিৰ্ণায়ক বৈশিষ্ট্য হৈছে ভাৰতৰ যুৱ প্ৰজন্মই তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাৰ আত্মবিশ্বাস লাভ কৰিছে।Daman has become a living example of Mini India: PM Modi
June 05th, 07:20 pm
Addressing a public gathering in Daman, PM Modi lauded Daman as a living example of Mini India. Launching multiple transformative projects spanning connectivity, health, education, tourism, and urban infrastructure, he highlighted the region's prowess in solar energy and cleanliness. Listing various government initiatives that transformed the lives of the people, he assured the Union Territory of the central government's continued support.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দমনত প্ৰায় ২,৯৭০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। স্থানীয় নেতা আৰু নাগৰিকৰ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণৰ আৰম্ভণিতে জনসাধাৰণৰ আপ্লুত অংশগ্ৰহণৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে তেওঁৰ পূৰ্বৰ পৰ্যবেক্ষণ বাস্তৱলৈ ৰূপান্তৰিত হৈছে, এতিয়া এই অঞ্চলে দেশৰ বৈচিত্ৰ্যময় আৰু সজীৱ সত্তাক গৌৰৱেৰে প্ৰতিনিধিত্ব কৰিছে। ‘“দমন মিনি ইণ্ডিয়াৰ এক জীৱন্ত নিদৰ্শন হৈ পৰিছে, য’ত বিভিন্ন অঞ্চলৰ লোকৰ বসবাসে সমগ্ৰ দেশৰ এক সুন্দৰ আভাস প্ৰদান কৰিছে,”’ শ্ৰী মোদীয়ে মন্তব্য কৰে।খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 05:00 am
মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 17th, 12:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।LDF and UDF have deprived Keralam of its youth power: PM Modi in Ernakulam
March 11th, 03:00 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.PM Modi addresses a mega public meeting in Ernakulam, Keralam
March 11th, 02:20 pm
Amid a massive gathering in Ernakulam today, Prime Minister Narendra Modi said the enthusiasm and confidence of the people reflected a strong aspiration for Keralam’s development and a new political direction in the state. He emphasised that the aspirations of the people clearly indicate a desire for faster growth and new opportunities.ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 16th, 01:30 pm
আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 12th, 06:45 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে
January 12th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।গুজৰাটত অনুষ্ঠিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 11th, 12:00 pm
গুজৰাটৰ সন্মানীয় আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সক্ৰিয় যুৱ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল জিতুভাই বাঘানী, অৰ্জুনভাই মধৱাদিয়া, ডঃ প্ৰদ্যুম্ন বাজা, কৌশিকভাই ভেকাৰিয়া, সাংসদ ৰাজেশভাই, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল। আজি দেশৰ ভিন্ন প্ৰান্তৰ লক্ষ-লক্ষ লোক আমাৰ সৈতে সংযুক্ত হৈছে আৰু তেওঁলোককো মই শুভেচ্ছা জনাইছো— এয়া সোমনাথৰ বিজয়।গুজৰাটৰ সোমনাথত সোমনাথ স্বাভিমান পৰ্বত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 11:41 am
আজি গুজৰাটৰ সোমনাথত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ স্বাভিমান পৰ্বত সম্বোধন কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সময় অসাধাৰণ, এই পৰিৱেশ অসাধাৰণ, আৰু এই উদযাপন অসাধাৰণ। তেওঁ আলোকপাত কৰে যে এফালে স্বয়ং ভগৱান মহাদেৱ থিয় হৈ আছে, আৰু আনফালে সূৰ্য্যৰ ৰশ্মি, মন্ত্ৰৰ অনুৰণন, ভক্তিৰ ঢৌৰ সৈতে সাগৰৰ বিশাল ঢৌ একাকাৰ হৈছে। তেওঁ উল্লেখ কৰে যে এই ঐশ্বৰিক পৰিৱেশত ভগৱান সোমনাথৰ সকলো ভক্তৰ উপস্থিতিয়ে অনুষ্ঠানটোক ঐশ্বৰিক আৰু মহান কৰি তুলিছে। শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে তেওঁ সোমনাথ স্বাভিমান পৰ্বত সক্ৰিয়ভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাটো তেওঁ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰে। ৭২ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে ওমকাৰৰ জপ আৰু ৭২ ঘণ্টা ধৰি অবিৰতভাৱে মন্ত্ৰ আবৃত্তি হোৱাটো তেওঁ লক্ষ্য কৰিছে। তেওঁ আলোকপাত কৰে যে কালি সন্ধিয়া সহস্ৰ ড্ৰ’নে বৈদিক গুৰুকুলৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ লগতে সোমনাথৰ হাজাৰ বছৰৰ কাহিনী উপস্থাপন কৰে, আৰু আজি ১০৮টা ঘোঁৰাৰ সৈতে ‘শৌৰ্য্য যাত্ৰা’ এই মন্দিৰত উপস্থিত হয়। তেওঁ গুৰুত্ব সহকাৰে কয় যে মন্ত্ৰ আৰু ভজনৰ মন্ত্ৰমুগ্ধ উপস্থাপন শব্দৰ উৰ্ধত, আৰু এই অভিজ্ঞতা সময়েহে ধৰি ৰাখিব পাৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই উদযাপনত গৌৰৱ আৰু সন্মান, মৰ্যাদা আৰু জ্ঞান, ভৱিষ্যৎ আৰু ঐতিহ্য, আধ্যাত্মিকতা আৰু উপলব্ধি, অভিজ্ঞতা, আনন্দ, আৰু ঘনিষ্ঠতা সন্নিবিষ্ট কৰা হৈছে। সৰ্বোপৰি, তেওঁ কয় যে ই ভগৱান মহাদেৱৰ আশীৰ্বাদ কঢ়িয়াই লৈ ফুৰে।প্ৰধানমন্ত্ৰীয়ে সোমনাথ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে
January 10th, 11:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।প্ৰধানমন্ত্ৰীয়ে ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব
January 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১১ জানুৱাৰীত গুজৰাটৰ সোমনাথ ভ্ৰমণ কৰিব আৰু সোমনাথ স্বাভিমানী পৰ্বত অংশগ্ৰহণ কৰিব। ১০ জানুৱাৰীত নিশা প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ উপভোগ কৰিব।