আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

July 04th, 09:40 pm

আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প ডাঙৰীয়া আৰু আমেৰিকাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত–আমেৰিকাৰ অংশীদাৰিত্বৰ চিৰস্থায়ী শক্তিৰ বিষয়ত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দুয়োখন গণতন্ত্ৰৰ মাজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বৰ বাহিৰলৈ গৈ গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ সীমাহীন সম্ভাৱনাৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা কৰা বিশ্বাস এক শক্তিত পৰিণত হৈছে।

ইভিয়ানত অনুষ্ঠিত জি৭ সন্মিলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

June 18th, 05:04 am

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলোৱা আৰু বৃহত্তৰ অঞ্চলটোত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰক লৈ এক বুজাবুজিৰ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ লগতে হৰমুজ প্ৰণালীত নৌ পৰিবহণৰ স্বাধীনতা আৰু বাধাহীন বাণিজ্য অব্যাহত ৰখা আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

June 10th, 11:50 pm

প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মাৰ্কিন বিদেশ সচিবে

May 23rd, 04:20 pm

মাৰ্কিন বিদেশ সচিব মহামহিম মাৰ্কো ৰুবিঅ'ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা ফোন কল লাভ কৰে, বাৰ্তালাপৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু পশ্চিম এছিয়া তথা হৰমুজ জলদ্বীপৰ বিষয়ে আলোচনা কৰে

April 14th, 10:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে।

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ টেলিফনিক কল

March 24th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে। পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ বিষয়ত দুয়োগৰাকী নেতাৰ মাজত মত বিনিময় হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে উত্তেজনা প্ৰশমন আৰু অতি সোনকালে শান্তি পুনৰুদ্ধাৰৰ বিষয়টোক সমৰ্থন কৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তি স্থিতিশীলতা আৰু অৰ্থনৈতিক কল্যাণৰ বাবে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি হৰমুজ জলদ্বীপ মুকলি কৰা তথা ইয়াক সুৰক্ষিত কৰি ৰখাৰ কথাটো নিশ্চিত কৰাৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰে।দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে চলি থকা প্ৰচেষ্টা সন্দৰ্ভত পৰৱৰ্তী সময়তো যোগাযোগত থাকিবলৈ সন্মত হয়।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

February 02nd, 11:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় সামগ্ৰীৰ ওপৰত ১৮% পৰ্যন্ত শুল্ক হ্ৰাস কৰাৰ ঘোষণাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ হৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

December 11th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰে।

দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰী ড’নাল্ড ট্ৰাম্পক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ, উমৈহতীয়া গণতান্ত্ৰিক আদৰ্শ আৰু বিশ্ব শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত

October 22nd, 08:25 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দীপাৱলীৰ উষ্ম শুভেচ্ছা তথা পোহৰৰ উৎসৱ উপলক্ষে কৰা ব্যক্তিগত ফোন কলৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ড’নাল্ড ট্ৰাম্পৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে পণবন্দীসকলক মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি; অঞ্চলটোত শান্তি স্থাপনাৰ্থে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আন্তৰিক প্ৰচেষ্টাক সমৰ্থন জনায়

October 13th, 07:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰৰো অধিক বন্দীত্বৰ অন্তত সকলো পণবন্দীকে মুকলি কৰি দিয়া কাৰ্য্যক আদৰণি জনাইছে। তেখেতে কয় যে তেওঁলোকৰ স্বাধীনতা হৈছে তেওঁলোকৰ পৰিয়ালৰ সাহস, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সংকল্পৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি।

গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

October 09th, 09:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি ঐতিহাসিক গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে অভিনন্দন জনায়।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ চুক্তিক প্ৰধানমন্ত্ৰীৰ আদৰণি

October 09th, 09:55 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ৰ চুক্তিক আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰীয়ে গাজাত শান্তি স্থাপনৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছে

October 04th, 07:58 am

গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনায়। শ্ৰী মোদীয়ে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ প্ৰয়াসে অব্যাহত মানৱীয় আৰু কূটনৈতিক প্ৰচেষ্টাৰাজিত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কাৰ্য্যক সূচিত কৰে।

প্ৰধানমন্ত্ৰীয়ে গাজা সংঘাতক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শান্তি পদক্ষেপক আদৰণি জনাইছে

September 30th, 09:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড জে. ট্ৰাম্পে গাজা সংঘাতৰ অৱসান ঘটাবলৈ ঘোষণা কৰা বিস্তৃত পৰিকল্পনাক আদৰণি জনাইছে।

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

September 16th, 11:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে

September 16th, 10:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ড’নাল্ড জে. ট্ৰাম্পৰপৰা এটা ফোন কল লাভ কৰে।

ভাৰত-আমেৰিকাৰ দৃঢ় সম্পৰ্কৰ বিষয়ে পুনৰ দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

September 10th, 07:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-আমেৰিকাৰ দৃঢ় সম্পৰ্কৰ বিষয়ে পুনৰ দোঁহাৰে আৰু দুয়োখন দেশৰ মাজত অব্যাহত থকা বাণিজ্য আলোচনা সম্পৰ্কত আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে দুয়োখন দেশে আমাৰ জনসাধাৰণৰ বাবে অধিক সমৃদ্ধিশালী ভৱিষ্যত সুৰক্ষিত কৰিবলৈ একেলগে কাম কৰিব।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগক মই আন্তৰিকতাৰে শলাগ লৈছো আৰু সম্পূৰ্ণ সমৰ্থন জনাইছো: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

September 06th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নক আন্তৰিকতাৰে শলাগ লৈছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ ব্যাপক আৰু বৈশ্বিক কৌশলগত অংশীদাৰিত্ব আছে।

প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ সন্দৰ্ভত বৈদেশিক সচিবৰ বক্তব্যৰ অসমীয়া অনুবাদ

June 18th, 12:32 pm

জি-৭ শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে হঠাতে আমেৰিকালৈ উভতি যাবলগীয়া হোৱা বাবে এই বৈঠক অনুষ্ঠিত নহ’ল।

জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ

April 24th, 03:29 pm

২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”