India-New Zealand relations are at a turning point: PM Modi at the India-New Zealand Business Event
July 11th, 08:20 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.Prime Minister addresses business leaders in New Zealand
July 11th, 08:16 am
PM Modi interacted with leading CEOs and business leaders from India and New Zealand, highlighting the vast opportunities for trade, investment and innovation. He invited New Zealand businesses to partner India's growth story and help achieve the shared goal of doubling bilateral trade to NZD 7 billion by 2030.ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া
November 26th, 10:10 am
মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে
November 26th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 02nd, 05:34 pm
আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনত ভাগ ল’বলৈ ভাৰতলৈ অহা সকলো অতিথিকে আদৰণি জনাইছোঁ। আপোনাসৱক ইয়াত লগ পাই সন্তোষ লভিছোঁ। চাৰি দশকৰ অন্তত ভাৰতত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এই চাৰিটা দশকত ভাৰতত একাধিক পৰিৱৰ্তন সাধন হৈছে। আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। আমি কেৱল বিশ্ব বিমান পৰিবহণ ব্যৱস্থাৰ এক বিশাল বজাৰেই নহয়, বৰঞ্চ নীতি নেতৃত্ব, উদ্ভাৱন আৰু অন্তৰ্ভুক্ত উন্নয়নৰ প্ৰতীকো। আজি ভাৰতে বিশ্ব মহাকাশ-বিমান পৰিবহণৰ সমন্বয়ৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা দশকত ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ ঐতিহাসিক উত্থান সম্পৰ্কে আপোনালোক সকলো জ্ঞাত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইএটিএ-ৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে
June 02nd, 05:00 pm
বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।